গুৱাহাটীঃ পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত সকলো যানবাহন ব্যৱহাৰকাৰীকে বাহন চলাওঁতে অধিক সতৰ্কতা অৱলম্বনৰ আহ্বান জনাইছে অসম চৰকাৰৰ পৰিবহণ বিভাগে। ইয়াৰ বাবে সকলোকে সম্পূৰ্ণ নিয়ম-শৃংখলা তথা আধ্যাত্মিকতাৰে কালীপূজা আৰু দীপাৱলী উদযাপনৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে।
পোহৰৰ উৎসৱৰ নামত আনন্দত আত্মহাৰা হৈ অত্যধিক সুৰাপান কৰি বাহন চলাই কোনোৱে যাতে ভয়ংকৰ দুৰ্যোগ-দুৰ্ঘটনাৰ অন্ধকাৰ কঢ়িয়াই আনিবলগীয়া নহয় তাৰবাবে তেওঁ সকলোকে সতৰ্ক কৰি দিয়ে। তেওঁ কয় যে এই সময়চোৱাত জনবসতিপূৰ্ণ আৰু ব্যস্ততাপূৰ্ণ পথেৰে যাত্ৰা কৰিলে সাৱধান হ’ব৷ গাড়ী চলোৱাৰ সময়ত খিৰিকী বন্ধ কৰি ৰাখিব যাতে বিপথগামী ফটকা আহি গাড়ীত প্ৰৱেশ কৰিব নোৱাৰে। কোনোৱে বাহনৰ কাষত বা তলত যাতে ফটকা ফুটাব নোৱাৰে তাৰ বাবেও সতৰ্ক হ’ব লাগিব। এনে পৰিস্থিতিত খৰখেদা কৰিবলগীয়া হ’লেও দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা থাকে। তদুপৰি দীপাৱলীৰ সময়ত তীব্ৰবেগ পৰিহাৰ কৰি সদায় নিয়ন্ত্ৰিত গতিত বাহন চলাওক৷ দুচকীয়া বাহনত যাত্ৰী-আৰোহী উভয়ে হেলমেট আৰু চাৰিচকীয়া বাহনত সকলোৱে ছীটবেল্ট ব্যৱহাৰ কৰক। ম’বাইলত কথা পাতি অন্যমনস্ক হৈ কেতিয়াও গাড়ী নচলাব বুলি উল্লেখ কৰি এইবাৰ দীপাৱলীত পথত সমপূৰ্ণৰূপে যানবাহন আইন মানি চলি অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ যানবাহনৰ চালক আৰু গৰাকীৰ প্ৰতি তেওঁ বিনম্ৰতাৰে আহ্বান জনায়৷
দুৰ্ঘটনামুক্ত দীপাৱলী উদযাপনৰ বাবে বাহন চলাওঁতে অধিক সতৰ্কতা অৱলম্বনৰ আহ্বান পৰিবহণ বিভাগৰ
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]




