Wednesday, July 30, 2025
33.3 C
Guwahati
TOP NEWS:

গুৱাহাটীত দুখনকৈ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতা

- Advertisement -

আই টি এফ জুনিয়ৰত ভাৰতসহ ১৮ খন দেশৰ অংশগ্ৰহণ নিশ্চিত

গুৱাহাটীঃ সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ ফেডাৰেছনৰ সহযোগত গুৱাহাটীৰ চচলত থকা সন্থাৰ অত্যাধুনিক টেনিছ প্ৰকল্পত দুখনকৈ আই টি এফ বিশ্ব ৰেংকিং টেনিছ প্ৰতিযোগিতা আয়োজন কৰিব৷ আজি অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই এই বিষয়ে অবগত কৰিছে৷ উল্লেখ্য যে বিশ্ব টেনিছ সংঘৰ স্বীকৃত বাৰ্ষিক ক্ৰীড়া সূচীৰ খেল আই টি এফ জুনিয়ৰ আৰু আই টি এফ মাষ্টাৰ্ছ প্ৰতিযোগিতা দুখন পূৰ্বৰ দৰেই এইবাৰ পুনৰ গুৱাহাটীত অনুষ্ঠিত হ’ব৷

সেই অনুসৰি অহা ১১-১৫ নৱেম্বৰলৈ চচলত অনুষ্ঠিত হ’ব আই টি এফ মাষ্টাৰ্ছ-২০০ প্ৰতিযোগিতাখন৷ পুৰুষ আৰু মহিলাৰ একক তথা ডাবলছ শাখাৰ খেল অনুষ্ঠিত হ’বলগা এই প্ৰতিযোগিতাত ৩৫ বছৰ উধ্বৰ্ৰ পৰা ৬৫ বছৰ উধ্বৰ্লৈ চাৰিটা বয়স শাখা থাকিব৷ অসমৰ খেলুৱৈয়েও এই আন্তৰ্জতিক প্ৰতিযোগিতাত অংশ ল’ব৷

ইফালে, অহা ১৮-২৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা আৰু ছোৱালীৰ আই টি এফ জুনিয়ৰ [জে-৬০] প্ৰতিযোগিতা৷ একক তথা ডাবলছ শাখাৰ খেল অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ মূল ৰাউণ্ডৰ পূৰ্বে কোৱালিফায়িং ৰাউণ্ডৰ মেচ ১৬-১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব৷ জুনিয়ৰ আন্তৰ্জতিক প্ৰতিযোগিতাখনত অসমৰ খেলুৱৈকো ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ সৰ্বভাৰতীয় টেনিছ ফেডাৰেছনে দিব৷

অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি ইতিমধ্যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চিত কৰিছে ভাৰতসহ ১৮ খন দেশে৷ আই টি এফৰ ৱেবছাইডত নাম পঞ্জিয়ন কৰা দেশ কেইখন হ’ল- ঃ চীন, আমেৰিকা, শ্ৰীলংকা, আৰ্মেনিয়া, জাপান, হংকং, হাংগেৰী, ছিংগাপুৰ, ছুইজাৰলেণ্ড, থাইলেণ্ড, কোৰিয়া, লাক্সেমবাৰ্গ, নেদাৰলেণ্ড, অষ্ট্ৰেলিয়া, কাজাখস্তান, ইংলণ্ড আৰু কানাডা৷

Hot this week

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Poor family availing PMJAY benefits in SSB Composite Hospital...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
clear sky
32.7 ° C
32.7 °
32.7 °
66 %
1.1kmh
2 %
Wed
33 °
Thu
33 °
Fri
33 °
Sat
34 °
Sun
31 °