Wednesday, July 30, 2025
29.7 C
Guwahati
TOP NEWS:

গড়লত অভিজ্ঞানম সংগীত একেডেমিৰ নতুন শাখা মুকলি

- Advertisement -

আজাৰাঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ গড়ল বৰুৱাপাৰাত অভিজ্ঞানম সংগীত একেডেমিৰ নতুন শাখা এটা ২০ অক্টোবৰত মুকলি কৰা হয়। বিশিষ্ট সংগীতশিল্পী চন্দামিতা ঠাকুৰীয়াৰ তত্বাৱধানত গড়লৰ লখৰা অঞ্চলত গঢ় লৈ উঠা অভিজ্ঞানম সংগীত একাডেমীৰ এই নতুন শাখা বিশিষ্ট নিবন্ধকাৰ ড০ সত্যজিত ভূঞাই মুকলি কৰে।

এই উপলক্ষে ‘চিৰ যুগমীয়া গীতৰ’ এক সুৰীয়া গধূলি অনুষ্ঠানৰ শুভ উদ্বোধন কৰা হয়। এই অনুষ্ঠানত গুৱাহাটী আই আই টি ৰ প্ৰৱক্তা ক্ৰমে ড০ প্ৰবীন বড়া, ড০ কৰুণা কলিতা, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি দাস, অসম চৰকাৰৰ উচ্চপদস্থ বিষয়া আনন্দ দাস, বিজেপিৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

এই অনুষ্ঠানত অভিজ্ঞানম সংগীত একেডেমিৰ কেইবাগৰাকী শিক্ষাৰ্থীয়ে চিৰসেউজ অসমীয়া গীত পৰিবেশন কৰে। অনুষ্ঠানত ড০ সবিতা বড়াৰ বেহেলা বাদন, অনুৰাগ বড়াৰ খেয়াল আৰু হৃষিকেশ ডেকাৰ গীতে উপস্থিত সকলোকে আপ্লুত কৰে।শেষত একাডেমীৰ অধ্যক্ষ চন্দামিতা ঠাকুৰীয়াই কয় যে পুৰণি অসমীয়া যুগমীয়া গীত সমূহৰ প্ৰসাৰ, গুৰুদুজনাৰ বৰগীতৰ আনুষ্ঠানিক শিক্ষা প্ৰদান আৰু সংগীতৰ সুস্থ পৰিবেশ গঠন কৰাৰ বাবে এই নতুন শাখা মুকলি কৰা হৈছে।’ অনুষ্ঠানত বৃহত্তৰ গড়ল অঞ্চলৰ বহুসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে।

 

Hot this week

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
clear sky
27.4 ° C
27.4 °
27.4 °
84 %
0.8kmh
6 %
Wed
27 °
Thu
34 °
Fri
33 °
Sat
33 °
Sun
30 °