31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    য়নেক্স-ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ ১০০ আন্তৰ্জাতিক বেডমিণ্টন: প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈ বিদায় ল’লে অসম কন্যা ঈশাৰাণীয়ে

    গুৱাহাটী: গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত চলি থকা বি ডব্লিউ এফ ট্যুৰৰ ছুপাৰ ১০০ বেডমিণ্টন প্ৰতিযোগিতা গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ ৰ প্ৰথম ৰাউণ্ডৰ মেচতে পৰাস্ত হৈ বিদায় লৈছে অসমৰ ঈশাৰাণী বৰুৱাই৷ বুধবাৰে হোৱা মহিলাৰ একক শাখাৰ মেচত অষ্টম স্থানৰ ঈশাৰাণীক তিনিটা ছেটৰ অন্তত দেশৰে বাচনি বিহিন শ্বাটলাৰ অনমল খাৰ্বে ২১-১০, ১৮-২১, ২১-১৮ ৰ ব্যৱধানত পৰাস্ত কৰে৷

    ইফালে, কালি পুৰুষৰ ডাবলছ শাখাৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচত পৰাস্ত হোৱা অসমৰ সুৰজ গোৱালাই আজি মিক্সড শাখাৰ ৰাউণ্ড অব ৩২ ৰ মেচত অংশ লয় যদিও পৰাজয় স্বীকাৰ কৰে৷ সুৰজ আৰু তেওঁৰ সংগী নবদ্ধা মংগলমক ২১-১২, ২১-১২ ৰ পোনপটীয়া ছেটত পৰাস্ত কৰে ভাৰতৰে যুটি আশীষ সূৰ্য আৰু অৰ্মুথা প্ৰমোথেছে৷

    আজি নিশা পুৰুষৰ ডাবলছ শাখাৰ ৰাউণ্ড অব ৩২ ৰ মেচত অংশ ল’ব অসমৰ নিবিড় ৰঞ্জন চৌধুৰী আৰু তেওঁৰ সংগী আশীষ সূৰ্যই৷ ভাৰতীয় যুটিটোৰ প্ৰতিদ্বন্দ্বী চীনৰ সপ্তম বাচনিৰ ছান ৱেন জান আৰু ঝু য়ি জান৷ উল্লেখ্য যে কোৱালিফায়িং ৰাউণ্ড খেলি মুল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছে নিবিড়-আশীষে৷ যোৱানিশা প্ৰথম ৰাউণ্ডৰ মেচত ২১-১৪, ২২-২০ ত জয় হোৱাৰ পাছত কোৱালিফায়িং ৰাউণ্ডৰ পৰবৰ্তী মেচত ২০-২২, ২১-১৭, ২১-১১ ত জয়ৰে মুল ৰাউণ্ডত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰে৷

    ইফালে, যোৱানিশা কোৱালিফায়িং ৰাউণ্ডত অসমৰ অৰিজিত চলিহা পুৰুষৰ একক শাখাৰ মেচত এছ শংকৰৰ হাতত ২২-২০, ১৪-২১, ১৮-২১ ত পৰাস্ত হয়৷ অসমৰে অঞ্জন শইকীয়া আৰু ৰঞ্জন শইকীয়া যুটি পুৰুষৰ একক শাখাৰ কোৱালিফায়িং ৰাউণ্ডৰ প্ৰথম ৰাউণ্ডৰ মেচত ২১-১৫, ২১-৮ ত জয়লাভ কৰিছিল যদিও কোৱাৰ্টাৰ ফাইনেলত ৭-২১, ১৪-২১ ত পৰাস্ত হোৱাত মুল ৰাউণ্ডলৈ যোগ্যতা অৰ্জনত বিফল হয়৷

    ভাৰতীয় বেডমিণ্টন ফেডাৰেছনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে মহানগৰীত আয়োজন কৰা প্ৰতিযোগিতাখনৰ আজি হোৱা অন্য মেচত ভাৰতীয় মিক্সড যুটি ধ্ৰুৱ কাপিলা আৰু তনিশা ক্ৰাষ্টোই চীনৰ যুটীক হৰুৱাই প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আনহাতে, তনবি শৰ্মাই মহিলাৰ এককত আৰু আায়ুষ ছেট্টীয়ে পুৰুষৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds