মাজুলী নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাক লৈ শোক প্ৰকাশ আলফা স্বাধীনৰ

অসম খবৰ যোৰহাট ৯ ছেপ্টেম্বৰ :
বুধবাৰে আবেলি প্ৰায় ৫ মান বজাত মাজুলী নিমাতীঘাটৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে আলফা স্বাধীনে। দুৰ্ঘটনাটোত আহত সকলৰ আৰোগ্য কামনা কৰে আলফাই।আনহাতে দুৰ্ঘটনাটোত অনাকাংক্ষিত মৃত্যুক আঁকোৱালি লোৱা প্ৰতিগৰাকী মৃতকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে আলফা স্বাধীনে। সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে সংগঠনটোৱে এক বিবৃতি জৰিয়তে ।
Leave a Reply