নলবাৰী জিলাৰ ঘগ্ৰপাৰ পৰা সন্ধানহীন স্কুলীয়া ছাত্ৰ

■ “সোন তই ক’লৈ গলি মোৰ চকুৰ আগলৈ আহি মোক এবাৰ মা বুলি মাত, মই তোৰ কৰনে ভাত বাঢ়ি থৈছিলো, কিন্তু তই নাহিলি সোন,দেউতাৰে ৰাতি তোলৈ ৰখি ৰখি একোকে নেখালে,তই আহিবি বুলি”

এইয়া এগৰাকী মাতৃৰ হিয়া ধাকুৰি কান্দোন।
নলবাৰী জিলাৰ ঘাগ্ৰপাৰা থানাৰ অন্তৰ্গত কাতুৰিয়া গাওঁৰ ১৬ বছৰ বয়সৰ এজন ছাত্র ফজনুৰ আলী(টিকলা)নামৰ কিশোৰজন যোৱা দেওবাৰৰ সন্ধিয়া ৬ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে।

ঘাগ্ৰপাৰৰ গহীন আলি আৰু ফৰিদা বেগমৰ পুত্ৰ ফজনুৰ আলি বৰ্তমান ঘাগ্ৰপাৰা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ। দেওবাৰে সন্ধিয়া ৬ বজাত ঘৰৰ পৰা ওলাই গৈছিল আৰু ৰাতি ঘৰলৈ উভতি নহাত পৰিয়ালত হুৱাদুৱা লাগে, পৰিয়ালৰ লগতে গাওঁ বাসী ৰাইজে বিচাৰি বিচাৰি ভাগৰি পৰিছে , কোনো সদাসই হৃদয় বান লোকে যদি ছাত্রজনৰ সন্ধান পালে 6001035989, 9707463370 এই দুটা নম্বৰত জনাবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

(নলবাৰীৰ পৰা ফইজুল হক চৌধুৰী)

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.