31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    জন্মভূমি টিহুত স্মৰণ সাহিত্যাচাৰ্য–নলবাৰীৰত্ন ডঃ ৰমেশ পাঠকক

    ■ ডঃ ৰমেশ পাঠক নামৰ সত্ত্বাটো জীয়াই থাকিব তেওঁৰ ভাষা বিষয়ক বিদ্যায়তনিক কৰ্মৰ মাজত-ডঃ উপেন্দ্ৰজিৎ শৰ্মা

    নলবাৰী : ডঃ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষা চৰ্চাৰ প্ৰণালীবদ্ধভাৱে আৰম্ভ কৰা বাটটোৰ পূৰ্ণ পৰ্যায়ৰ ৰূপ দিলে ডঃ ৰমেশ পাঠকে। অসমীয়া ভাষা বিষয়ত তেওঁ আছিল বিতৰ্কহীন ব্যক্তি । ভাষাৰ ক্ষেত্ৰত তেওঁ আলোচনা আৰু মতবাদেৰে সকলোকে স্পষ্ট উত্তৰ দিছিল । এই মন্তব্য অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাৰ।

    সাহিত্যাচাৰ্য–নলবাৰীৰত্ন ডঃ ৰমেশ পাঠকৰ জন্মভূমি টিহুত ৯ ফেব্ৰুৱাৰীত আয়োজিত এখন স্মৃতিসভা উদ্বোধন কৰি দিয়া ভাষণ প্ৰসংগত ভাষা–সাহিত্যৰ সাধক ডঃ শৰ্মাই লগতে কয় যে ডঃ ৰমেশ পাঠকে আজীৱন নীৰৱে আই ভাষা জননীৰ সেৱাত ব্ৰতী হৈ ভাষাটোক সৰ্বাংগ সুন্দৰ কৰি জগত জিলিকাবলৈ চেষ্টা কৰিছিল।

    এই পুণ্য কৰ্মৰ বাবেই ডঃ ৰমেশ পাঠক নামৰ সত্ত্বাটো জীয়াই থাকিব একোগচি বন্তি হৈ জ্বলি থকা তেওঁৰ ভাষা বিষয়ক বিদ্যায়তনিক কৰ্মৰ মাজত । টিহুৰ সৰ্বেশ্বৰ দাস জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত নলবাৰী জিলা সাহিত্য সভাৰ সৌজন্যত আৰু চেতনা শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজিত অনুষ্ঠানত ডঃ ৰমেশ পাঠক নতুন অসমৰ নতুন সূৰ্য আছিল আৰু অসমীয়া ভাষাটোক শুদ্ধ আৰু সবল ৰূপত প্ৰতিষ্ঠা কৰাৰ নিমিত্তে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল বুলি মন্তব্য প্ৰদানেৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই সভাখনত পৌৰোহিত্য কৰে।

    স্মৃতিসভাখনত গৱেষক ডঃ ৰবীন দাসে বিশিষ্ট অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণত কয় যে শব্দৰ খনিকৰসকলে অ’ত–ত’ত পৰি থকা অৱহেলিত শব্দবোৰ বহু কষ্টেৰে সংগ্ৰহ কৰি ঘহি–পিহি, চাঁচি–চুৰুকি কাপত ব্যৱহাৰ কৰিব পৰাকৈ আমালৈ আগ বঢ়ায়।

    অসমত তেনে সৰ্বদা পূজ্য ব্যক্তিসকলে সমাজৰপৰা যেনেদৰে শ্ৰদ্ধা পাব লাগে তেনেদৰে পোৱা নাই বুলি কৈ তেওঁ বাণীকান্ত কাকতি, গোলকচন্দ্ৰ গোস্বামী, ডঃ ৰমেশ পাঠক প্ৰমুখ্যে ভাষাৰ পণ্ডিতসকলে যথাযথ সন্মান নোপোৱা বুলি গভীৰ আক্ষেপ প্ৰকাশ কৰে।

    নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই অসমীয়া ভাষা–সাহিত্যৰ বেদীত উল্লেখনীয় মণি–মুকুতা আগবঢ়াই ভাষাটোক চহকী কৰোৱাত অগ্ৰণী ভূমিকা লোৱা নলবাৰীৰত্নগৰাকীক নলবাৰী জিলা সাহিত্য সভাই সদায় শ্ৰদ্ধা সহকাৰে স্মৰণ কৰি যাব বুলি উদ্দেশ্য ব্যাখ্যা আগ বঢ়োৱা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে চেতনা শাখা সাহিত্য সভাৰ সম্পাদক প্ৰমোদ চন্দ্ৰ ডেকাই।

    অনুষ্ঠানত টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰে টিহু হাইস্কুলৰ আলোচনী ‘সৌৰভ’ত সাহিত্য চৰ্চাৰ পাতনি মেলা ডঃ ৰমেশ পাঠক অসমৰ ভাষা–সাহিত্যাকাশৰ এগৰাকী উল্লেখযোগ্য ব্যক্তি হোৱাটো আমাৰ কাৰণে পৰম গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে।

    সভাত ডঃ ৰমেশ পাঠকৰ পৰম বান্ধৱ টিহু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সোমনাথ ডেকা, ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দশৰথ পাঠকেও ডঃ ৰমেশ পাঠকৰ জীৱনৰ বিভিন্ন কৃতিৰ স্মৰণ কৰে।

    ডঃ ৰমেশ পাঠকৰ শ্ৰেণীকোঠাৰ ছাত্ৰ–জনপ্ৰিয় কবি নৱজ্যোতি পাঠকে ভাষা প্ৰয়োগৰ ক্ষেত্ৰত ডঃ ৰমেশ পাঠকক বাৰ্ণাৰ্ড শ্ব’ৰে তুলনা কৰি তেওঁলৈ অসমৰ বাৰ্ণাৰ্ড শ্ব’ বুলি অভিধা আগ বঢ়ায়।

    অনুষ্ঠানত লেখিকা নীলিমা দেৱী ভাগৱতীয়ে বৰগীত, জুনু গোস্বামী আৰু হিমানী দেৱীয়ে স্বৰচিত কবিতাৰে ডঃ ৰমেশ পাঠকলৈ শ্ৰদ্ধা নিৱেদন কৰে । স্মৃতিসভাৰ আগেয়ে টিহুৰ আৰ্যভট্ট একাডেমিৰ অধ্যক্ষ তথা হাৰিভাঙা শাখা সাহিত্য সভাৰ সভাপতি নলিনীকান্ত শৰ্মা, সৰ্বেশ্বৰ দাস জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নৃপেন্দ্ৰনাথ কলিতা, মাখিবাহা শাখা সাহিত্য সভাৰ সভাপতি হৰিশ চন্দ্ৰ বৈশ্য, চেতনা শাখা সাহিত্য সভাৰ সভাপতি অনিল কুমাৰ গোস্বামী, জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ সম্পাদক কান্তেশ্বৰ কলিতা, দক্ষিণ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ দিবাকৰ শৰ্মা, নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি হৰেকৃষ্ণ মেধি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য নগেন শালৈ আৰু টিহু আঞ্চলিক সমিতিৰ সম্পাদক ভৱেশ কলিতা, অৱসৰপ্ৰাপ্ত অভিযন্তা কুলেশ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক–লেখক ৰমেশ চন্দ্ৰ কলিতা, লেখিকা–অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী প্ৰতিভা দেৱী, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰভাকৰ দাস আৰু জনপ্ৰিয় শিল্পী হেমন্ত তালুকদাৰ প্ৰমুখ্যে বিশিষ্ট লোকসকলে ডঃ ৰমেশ পাঠকৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিৱেদন অনুষ্ঠান মুকলি কৰাৰ পাছতে সৰ্বেশ্বৰ দাস জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰী, শিক্ষাৰ্থী তথা সমৱেত সাহিত্যানুৰাগী লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds