ৰাজীৱ ভৱনত মাৰাথন কাৰ্যসূচীত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ
গুৱাহাটী, ১০ আগষ্টঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে আজি ৰাজীৱ ভৱনত একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ২০২৬ ৰ নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিবলৈ আজি কেইবাখনো গুৰুত্বপূৰ্ণ সভা ৰাজীৱ ভৱনত অনুষ্ঠিত হয়। বিটিআৰৰ পৰিষদৰ নিৰ্বাচনৰ বাবেও সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আজি ৰাজীৱ ভৱনত বিটিআৰৰ বাবে নিৰ্দিষ্ট কৰা পৰ্যবেক্ষকসকলৰ লগত এক দীঘলীয়া আলোচনা অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ জিলাৰ সভানেত্ৰীসকলৰ লগত এখন বৈঠকত মিলিত হৈ মহিলা শক্তিক উজ্জীৱিত কৰিব পৰাকৈ জিলাসমূহত তৃণমূল পৰ্যায়লৈকে দলৰ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ অধ্যক্ষতাত এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয়। একেদৰে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বুথ সমিতিসমূহ শক্তিশালী কৰাৰ বাবে কেইগৰাকীমান প্ৰশিক্ষক নিযুক্তি দি সেই প্ৰশিক্ষকসকলৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।







