31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    এটা আধামৰা কবিতা ✒️চামচুল বাৰিক

    এটা আধামৰা কবিতা

    ✒️চামচুল বাৰিক

    চকুত চকু থৈ কথা ক’ব পৰা হ’লে
    হাতে হাতে ধৰা ধৰি কৰিব পৰা হ’লে
    খোজত খোজ মিলাই যাব পৰা হ’লে
    পৃথিৱীখন ইমান তুষাৰ নহ’লহেঁতেন কিজানি
    উম হেৰুৱা পৃথিৱী
    ৰঙ হেৰুৱা পৃথিৱী
    জ্বিলিকিছে কি
    খৰ নে বিজুলী
    মাটিৰ আদিম প্ৰেমিক বৰষুণজাক কেনি
    সেউজীয়াই নিৰ্বাসন লয় যদি
    আধামৰা হৈ নপৰিবনে
    পৃথিৱী নামৰ কবিতাটি

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.