31.3 C
Guwahati
Saturday, January 24, 2026
More

    Trending Now:

    শিখা শৰ্মাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

    জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল...

    শেহতীয়া আপডেটঃ

    অসমীয়া-বঙালীৰ মাজত অসমত কোনাে সংঘাত নাই কংগ্ৰেছ বামপন্থীয়ে তৃতীয় পক্ষৰ জৰিয়তে ভাষিক সংঘাতৰ আখৰা চলাইছেঃ ৰাজ্যিক বিজেপি

    অসমীয়া-বঙালীৰ মাজত অসমত কোনাে সংঘাত নাই কংগ্ৰেছ বামপন্থীয়ে তৃতীয় পক্ষৰ জৰিয়তে ভাষিক সংঘাতৰ আখৰা চলাইছেঃ ৰাজ্যিক বিজেপি

    “পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্র উপত্যকাক সামৰি গঠিত অসম ভূ-খণ্ডৰ মূল ভাষাই হ’ল অসমীয়া। সেয়েহে এই ভূ-খণ্ডৰ ভিতৰত অসমীয়া ভাষাৰ ওপৰত কোনাে ধৰণৰ আক্রমণ কেতিয়াও সহ্য কৰা নহ’ব। অসমত বসবাস কৰা বিভিন্ন জাতি-জনগােষ্ঠী আৰু অন্যান্য ভাষা-ভাষী লােকক একতাৰ দোলেৰে অসমীয়া ভাষাইহে বান্ধি ৰাখিছে।

    তদুপৰি অসমৰ লােকে ব্যৱহাৰ কৰা অন্যান্য ভাষা সমূহৰ বিকাশৰ ক্ষেত্ৰতাে অসমীয়া ভাষা সদায় পৰিপূৰক হৈ আহিছে। বড়াে, মিচিং, কার্বিকে ধৰি বিভিন্ন জনগােষ্ঠীয় ভাষাই অসমীয়া ভাষাক সমৃদ্ধ কৰাৰ লগতে এই ভাষা সমূহৰ বিকাশৰ ক্ষেত্ৰতাে অসমীয়া ভাষা সদায় সহায়ক হােৱা আমি প্রত্যক্ষ কৰি আহিছাে। সেয়েহে অসম ভূ-খণ্ডত প্রচলিত কোনাে এটা ভাষাই আন এটা ভাষাৰ বাবে কেতিয়াও ক্ষতিকাৰক হিচাপে চিহ্নিত হােৱা নাই।”

    এই মন্তব্য ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক মুখপাত্রদ্বয় ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু ৰামকৃষ্ণ ঘােষৰ। হােজাই সমষ্টিৰ বিধায়ক ঘােষৰ মতে অসমীয়া আৰু বঙলা ভাষাই যুগ যুগ ধৰি পৰিপূৰক ভাষা হিচাপে বিকাশ হৈ আহিছে। এই দুয়ােটা ভাষা ব্যৱহাৰ কৰা লােক সকলৰ মাজত কোনাে ধৰণৰ ৰাজনৈতিক, সামাজিক তথা অর্থনৈতিক সংঘাত নাই বুলিও হােজাইৰ বিধায়কজনে মত পােষণ কৰে। অৱশ্যে ইংৰাজে আৰম্ভ কৰি যােৱা ‘ডিভাইড এণ্ড ৰুল নীতি’ ব্যৱহাৰ কৰি কংগ্ৰেছ, বামপন্থী আৰু বিভিন্ন মৌলবাদী সংগঠনে দীর্ঘদিন ধৰি অসমীয়া বঙালীৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ প্ৰয়াস কৰি আহিছে বুলি বিজেপিৰ মুখপাত্রদ্বয়ে মত প্রকাশ কৰে।

    ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক প্ৰেছ বিবৃতিত লগতে কোৱা হয় যে বৰাক-ব্ৰহ্মপুত্ৰৰ সচেতন জনসাধাৰণে তৃতীয় পক্ষৰ এনে ষড়যন্ত্রক সদায় ব্যর্থ কৰি আহিছে। উল্লেখযােগ্য যে যােৱা ১৬ অক্টোবৰৰ দিনা শিলচৰ ৰেল ষ্টেশ্যনৰ ওচৰত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে অসমীয়া ভাষাত লগােৱা এটি হর্ডিঙত ক’লা ৰং সানি। মুষ্টিমেয় কেইজনমান লােকে অখ্যাত সংগঠন এটাৰ বেনাৰত সমাজত অৰাজকতা সৃষ্টিৰ প্রয়াস চলাইছিল। ৰাজ্যখনত ক্রমান্বয়ে গঢ়ি উঠা এক সুস্থ সামাজিক পৰিৱেশ বিনষ্ট কৰিবৰ বাবেই এই অসামাজিক তত্বসমূহে এনেধৰণৰ কাৰ্য সংগঠিত কৰা বুলি বিজেপিৰ মুখপাত্র দুজনে মন্তব্য কৰে। বৰাক উপত্যকাত অসমীয়া ভাষা চলিবলৈ দিয়া নহব বুলি হুংকাৰ দি অখ্যাত সংগঠনৰ লােক সকলে সমগ্ৰ ৰাজ্যখনত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু তৃতীয় পক্ষৰ সহযােগত চলা এনে অপচেষ্টা ইতিমধ্যে অসমৰ ৰাইজে ব্যর্থ কৰিছে।

    উল্লেখযােগ্য যে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুর্গা পূজাৰ সময়ত সমগ্র বৰাক উপত্যকা ভ্রমণ কৰাৰ লগতে বিভিন্ন পূজাৰ স্থলীলৈ গৈ দুয়ােটা উপত্যকাৰ লােকৰ মাজত এক সমন্বয়ৰ মনােভাৱ গঢ়ি তােলাৰ বাবে ইতিবাচক পদক্ষেপ গ্রহণ কৰিছিল। বৰাক উপত্যকাৰ সংবাদ মাধ্যম আৰু বৌদ্ধিক জগতেও মুখ্যমন্ত্ৰীৰ এনে প্রয়াসক ভূয়সী প্রশংসা কৰা আমি দেখা পাইছিলাে। কিন্তু এনে ইতিবাচক কাম এটা অসম বিৰােধী শক্তি এটাৰ বাবে কেতিয়াও গ্রহণযােগ্য হ’ব নােৱাৰে। সেয়েহে এই শক্তিটোৱে অখ্যাত সংগঠনৰ সহায়ত অসমীয়া ভাষাত লিখা হর্ডিঙত ক’লা ৰঙ সানি ভাষিক সংঘাত সৃষ্টি কৰাৰ বাবে চেষ্টা চলাইছিল। কিন্তু এই চেষ্টা জনসাধাৰণে ব্যর্থ কৰা বুলি বিজেপিৰ মুখপাত্রদ্বয়ে বিবৃতিত উল্লেখ কৰিছে। লগতে তৎপৰতাৰে গােচৰ পঞ্জীয়ন কৰি হর্ডিঙত ক’লা ৰং সনাৰ বিষয়ে তদন্ত আৰম্ভ কৰাৰ বাবে ৰাজ্যিক বিজেপিৰ মুখপাত্রদ্বয়ে কাছাৰ জিলা প্রশাসনকে ধন্যবাদ জ্ঞাপন কৰে।

    উল্লেখযােগ্য যে, কাছাৰ জিলা আৰক্ষী প্রশাসনে আজি আবেলি হর্ডিঙত ক’লা ৰং সনা ঘটনাটোৰ লগত জড়িত থকা বুলি সন্দেহ কৰি তিনিজন লােকক আটক কৰি সােধা-পােছা আৰম্ভ কৰিছে। ইয়াৰে প্ৰদীপ দত্ত ৰয়ক প্রায় তিনি ঘণ্টা সময় জেৰা কৰাৰ পিছত ঘৰলৈ যােৱাৰ অনুমতি দিয়া হৈছে। অৱশ্যে তেওঁ আৰক্ষীক অৱগত নকৰােৱাকৈ শিলচৰ চহৰৰ বাহিৰলৈ যাব নােৱাৰিব। আনহাতে, আন দুজন যুৱক ক্ৰমে ৰাজু দেৱ আৰু সমৰ দাসক ঘটনা সন্দৰ্ভত কাছাৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

    Via By: Assam | News
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds