গুৱাহাটীঃ সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ ভাৰতীয় ভাষাৰ উন্নতি আৰু লালন-পালনৰ বাবে সজীৱ পোষকতা (AICTE-VAANI) আঁচনিৰ অধীনত অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্রযুক্তিবিদ্যা বিদ্যালয়ৰ উদ্যোগত “ভৱিষ্যতক আকৰ্ষণ কৰা: উৎপাদনক্ষেত্রত উদ্যোগ ৪.০ ৰ অন্বেষণ কৰা” শীৰ্ষক আলোচনা চক্ৰ ৩০ আৰু ৩১ আগষ্ট ২০২৪ ত আয়োজন কৰা হৈছে।
উৎপাদন আৰু উদ্যোগ ৪.০ ওপৰত গুৰুত্ব আৰোপ কৰা এই দুদিনীয়া আলোচনা চক্ৰখন অসমীয়া ভাষাত অনুষ্ঠিত হ’ব। এই আলোচনাচক্ৰখনত শিক্ষক আৰু শিক্ষাৰ্থীসকলে বিশেষকৈ উৎপাদন খণ্ডত উদ্যোগ ৪.০ৰ শেহতীয়া উন্নতি আৰু ধাৰাসমূহৰ বিষয়ে জ্ঞান লাভ কৰাৰ সুযোগ লাভ কৰিব। আলোচনা চক্ৰখনৰ সমন্বয়ক ড° বিক্ৰমজিৎ কাকতিয়ে জানিব দিছে যে আগ্রহীসকলে পঞ্জীয়ন আৰু অধিক বিৱৰণৰ বাবে সহ-সমন্বয়ক ড° বুলজিৎ বুঢ়াগোহাঁইক ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।





