অসম আদৰ্শ বিদ্যালয় বৰপামত লাচিত দিৱস উদযাপন

Lachit Diwas celebrated at Assam Model School Barpam


অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৪ নবেম্বৰ ঃ

অসম আদৰ্শ বিদ্যালয় বৰপামত দিনজোৰা কাৰ্যসূচীৰে লাচিত দিৱস পালন কৰা হয়। সঞ্চালক নৃপেন বৰদলৈয়ে লাচিত বৰফুকনৰ ফটোত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

অসম আদৰ্শ বিদ্যালয় বৰপামৰ প্ৰধান শিক্ষক সঞ্জয় কলিতাই আঁত ধৰা মূলসভাখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক সমবেত সংগীতৰে শুভাৰম্ভ কৰে।

Lachit Diwas celebrated at Assam Model School Barpam

তৃতীয় শ্ৰেণীৰ ছাত্ৰী নিয়ৰ বড়োয়ে ভূপেন্দ্ৰ সংগীতৰ আধাৰত প্ৰদৰ্শনীমূলক নৃত্য পৰিৱেশন কৰি সকলোকে অভিভূত কৰি তোলে।

সঞ্চালক নৃপেন বৰদলৈয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি লাচিত বৰফুকনৰ ব্যক্তিত্ব, অসমৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত বৰফুকনৰ অৱদান সুন্দৰ আৰু সাৱলীলভাৱে উপস্থাপন কৰে। লাচিত দিৱসত বিদ্যালয় বন্ধ নিদি অসম আদৰ্শ বিদ্যালয় বৰপামে দিৱস উদযাপন কৰা বাবে সভাত উপস্থিত অভিভাৱকৰ লগতে সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰে।

এই প্ৰচেষ্টাই ছাত্ৰ-ছাত্ৰীৰ মাজত লাচিত বৰফুকনৰ আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি বিজ্ঞজনে সাংবাদিকক জানিবলৈ দিয়ে।

Lachit Diwas celebrated at Assam Model School Barpam

চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক’ শাখাত প্ৰথম দিব্যজ্যোতি বসুমতাৰী, ৰকজয় বসুমতাৰী দ্বিতীয়, স্মৃতিৰাণী পাতৰ আৰু ৰূপা বসুমতাৰীয়ে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে। আনহাতে ‘খ’ শাখাত খুচি ঘাটোৱাৰ প্ৰথম, দিপিকা বৰা দ্বিতীয় আৰু বৰ্ণালী পাতৰে তৃতীয় স্থান লাভ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*