বিশ্বনাথত বিশ্ব থেলাচেমিয়া দিৱস পালন
চিকিৎসা বিষয়া, স্বেচ্ছাসেৱী সংগঠন, ৰক্তদাতা আদিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত বিশেষ সজাগতা সভা
বিশ্বনাথ চাৰিআলি, ৮ মে’ আজি বিশ্বনাথতো পালন কৰা হয় ‘বিশ্ব থেলাচেমিয়া দিৱস’। বিশ্বনাথ চাৰিআলি ৰক্ত ভাণ্ডাৰৰ উদ্যোগত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ সমীপত থকা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মিলন কক্ষত চিকিৎসা বিষয়া, স্বেচ্ছাসেৱী সংগঠন, ৰক্তদাতা, থেলাচেমিয়াত আক্ৰান্তৰ অভিভাৱক আৰু সাংবাদিকৰ অংশগ্ৰহণেৰে এই বিশেষ দিনটোত অনুষ্ঠিত কৰা হয় এখন সজাগতা সভা। দিনৰ ১১ বজাত বিশ্বনাথ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ যতীন্দ্ৰ নাথ মেদকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ‘বিশ্ব থেলাচেমিয়া দিৱস’ৰ বিশেষ সজাগতামুলক সভাখনিত এই দিনটোৰ তাৎপৰ্য, থেলাচেমিয়াৰ সবিশেষ আৰু ইয়াৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ বিষয়ে বিস্তৃত আলোচনা হয়।

মনকৰিবলগীয়া যে থেলাচেমিয়া ক্ৰমজমৰ জিনৰ বিসংগতিৰ বাবে হোৱা এক বংশগত ৰোগ যাৰ ফলত শৰীৰৰ হিমগ্লবিনৰ পৰিমাণ হ্ৰাস পায় আৰু ব্যক্তি এজন এনিমিয়াত ভূগিব পাৰে। হিমগ্লবিন হল আমাৰ তেজৰ লোহিত ৰক্ত কণিকাত থকা এক প্ৰকাৰৰ প্ৰটিন যিয়ে অক্সিজেন হাওঁফাওঁৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ কঢ়িয়াই নিয়ে। থেলাচেমিয়া ৰোগত শৰীৰত হিমগ্লবিন কম পৰিমাণে উৎপাদন হয় অথবা লোহিত ৰক্ত কণিকা সমূহ সোনকালে ধ্বংস হয়, ফলত ৰক্ত কণিকা সমূহ হ্ৰাস পোৱাৰ ফলত হিমগ্লবিনৰ পৰিমাণ হ্ৰাস পায় আৰু ইয়াৰ পৰিণতিত ব্যক্তি এজন এনিমিয়াত ভোগা দেখা যায়। কম হিমগ্লবিনৰ বাবে শৰীৰৰ কোষ সমূহে পৰ্য্যাপ্ত পৰিমাণে আক্সিজেন নেপায় আৰু স্বাভাৱিক কাৰ্য্য ক্ষমতা হ্ৰাস পায়।
উল্লেখযোগ্য যে ১৯৯৪ চনৰ পৰাই প্ৰতিটো বৰ্ষৰ ৮ মে’ দিনটো বিশ্বজুৰি বিশ্ব থেলাচেমিয়া দিৱস হিচাপে পালন কৰি অহা হৈছে ।




