31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    আজি বিশ্ব অনাতাঁৰ দিৱস:

    ৰেডিঅ’ৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণ আৰু সংবাদ মাধ্যমৰ মাজত সজাগতা সৃষ্টিৰ লগতে ৰেডিঅ’ৰ মাধ্যমেৰে তথ্য আহৰণ কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১৩ ফেব্ৰুৱাৰীৰ দিনটো বিশ্ব অনাতাঁৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। ইউনেস্ক’ৰ সদস্য ৰাষ্ট্ৰসমূহে ২০১১ চনত এই দিৱস পালন কৰাৰ কথা ঘোষণা কৰিছিল আৰু ২০১২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ইয়াক আন্তঃৰাষ্ট্ৰীয় দিৱসৰ স্বীকৃতি প্ৰদান কৰিছিল। ইউনেস্ক’ৰ ব্যাখ্যা অনুসৰি ৰেডিঅ’ মানৱতা উদযাপনৰ এটা শক্তিশালী মাধ্যম আৰু গণতান্ত্ৰিক কাম-কাজৰ উপযুক্ত মঞ্চ।

    এই বছৰৰ বিশ্ব অনাতাঁৰ দিৱসৰ বিষয় হৈছে – ৰেডিঅ’ঃ তথ্য মনোৰঞ্জন আৰু শিক্ষাদানৰ এটা শতিকা, যিয়ে ৰেডিঅ’ৰ সোণালী ইতিহাসৰ লগতে বাতৰি, নাটক, সংগীত, ক্রীড়া আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত ইয়াৰ শক্তিশালী প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। বিশ্ব অনাতাঁৰ দিৱস উপলক্ষে আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আকাশবাণী গুৱাহাটীয়ে গোৱালপাৰা জিলাৰ দুধনৈ মহাবিদ্যালয়ত এই দিৱস উদযাপন কৰে। এই অনুষ্ঠানৰ যোগেদি জিলাখনত আকাশবাণীৰ স্থানীয় সাপ্তাহিক কাৰ্যসূচী প্ৰচাৰৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত প্ৰচাৰ ভাৰতীৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্রধান আশীষ ভাটনগৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিযান্ত্ৰিক শাখাৰ সঞ্চালক ৰবীন চন্দ্র বড়ো, অনুষ্ঠান কার্যবাহী প্রবাল কুমাৰ শৰ্মা, বার্তা সম্পাদক মানস প্রতীম শৰ্মাৰ উপৰি দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ললিত চন্দ্ৰ ৰাভা, সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক মুকুল ৰাভাকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। আজিৰেপৰা প্ৰতি মঙলবাৰে আকাশবাণীৰ জৰিয়তে দুধনৈত এফ এম ট্ৰেন্সমিটাৰৰ দ্বাৰা গোৱালপাৰাৰ ৰেঙণি নামেৰে এটা অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। কোকৰাঝাৰ জিলাতো আজি বিশ্ব অনাতাঁৰ দিৱস কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত আকাশবাণীৰ শীৰ্ষ বিষয়াৰ লগতে কেইবাগৰাকী শ্রোতাই অংশগ্ৰহণ কৰে।কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ভূপেন হাজৰিকা গণসংযোগ সত্ৰৰ অধীনত অনাতাঁৰ দিৱস উপলক্ষে আজি আলি দোমোজাত অনাতাঁৰ, ভাৰতীয় পটভূমিত আলোকপাত শীৰ্ষক বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয়। বিশ্ববিদ্যালয় খনৰ খানাপাৰাৰ মহানগৰ চৌহদত আয়োজিত অনুষ্ঠানত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰিৱেশন কলা বিভাগৰ অধ্যাপক, বিশিষ্ট চলচ্চিত্র সমালোচক তথা আকাশবাণীৰ প্ৰাক্তন বিষয়া উৎপল দত্তই ভাষণ দিয়ে। অনুষ্ঠানত কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাৰ মাউতগাঁৱৰ ভোটৰবাৰীত ৰেডিঅ’ৰ অনুৰাগী শ্ৰোতাসকলকলৈ গঠন কৰা আমাৰ জীৱন লগৰী ৰেডিঅ’ শ্ৰোতা সংঘই অনাতাঁৰ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী যোগে আকাশবাণীৰ সকলো কৰ্মকৰ্তা আৰু শ্ৰোতাসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰেডিঅ’ৰ অনুষ্ঠান আৰু বা-বাতৰিয়ে শ্ৰোতাসকলক সৰ্বতোপ্ৰকাৰে উপকৃত কৰি আহিছে বুলি সংঘই প্ৰকাশ কৰে। মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ উদ্যোগত নগাঁৱত আজি বিশ্ব অনাতাঁৰ দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত আকাশবাণী নগাঁৱৰ মুৰববী নিশাৰাণী বৰুৱাৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

    #Source: Akashvani_News

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds