31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱক আক্ৰমণ

    তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে 'ত্ৰিপুৰাৰ জন তৃণমূল' অভিযানৰ বাবে এখন গাড়ীত প্ৰচাৰ চলাই আছিল। সেই সময়ত তেওঁৰ গাড়ীখনত বিজেপি সমৰ্থনকাৰীৰ দ্বাৰা আক্ৰমণ হয়।

    গুৱাহাটীঃ ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ত্ৰিপুৰা দলৰ প্ৰচাৰ অভিযান আৰম্ভ কৰা সময়তে তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱক শুকুৰবাৰে তেওঁৰ গাড়ীত বিজেপি সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

    তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে ‘ত্ৰিপুৰাৰ জন তৃণমূল’ অভিযানৰ বাবে এখন গাড়ীত প্ৰচাৰ চলাই আছিল। সেই সময়ত তেওঁৰ গাড়ীখনত বিজেপি সমৰ্থনকাৰীৰ দ্বাৰা আক্ৰমণ হয়।

    আক্ৰমণত সুস্মিতা দেৱ শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁক পশ্চিম ত্ৰিপুৰা জিলাৰ অমতুলি আৰক্ষী চকীলৈ লৈ যোৱা হয়। সুস্মিতা দেৱে আৰক্ষীৰ ওচৰত বিজেপি সমৰ্থনকাৰী বিৰুদ্ধে অভিযোগ দাখিল কৰে।

    এক বিবৃতিত তৃণমূল কংগ্ৰেছে কয় যে ত্ৰিপুৰা নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে ব্যৱহৃত দলটোৰ বাহনসমূহো আক্ৰমণত ভাঙি দিয়া হৈছে।

    সুস্মিতা দেৱৰ উপৰিও তৃণমূল কংগ্ৰেছৰ ত্ৰিপুৰা অভিযানত কাম কৰি থকা কিছুমান আই-পিএচি কৰ্মচাৰীকো আক্ৰমণ কৰা হৈছিল আৰু তেওঁলোকৰ ফোন বিজেপি কৰ্মীয়ে কাঢ়ি লৈ গৈছিল বুলি দলটোৱে অভিযোগ উত্থাপিত কৰিছে।

    তৃণমূল কংগ্ৰেছৰ নেতাসকলে যোৱা কেইমাহমান ধৰি ত্ৰিপুৰালৈ সঘনাই নিৰ্বাচন প্ৰচাৰ চলাই আছে আৰু দলটোৱে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ সকলোতে প্ৰৱেশ কৰিব বিচাৰিছে।

    তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাত দলটোৰ কাম-কাজ চোৱাচিতা কৰিবলৈ ৰাজ্যসভাৰ বাবে নৱ নিৰ্বাচিত সাংসদ সুস্মিতা দেৱক নিযুক্তি দিছে। তেওঁ বৃহস্পতিবাৰে ঘোষণা কৰিছিল যে ,তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাত আগন্তুক পৌৰ নিগমৰ নিৰ্বাচনত তুমুল প্ৰতিদ্বন্দিতা কৰিব।

    ৰাজ্যখনত দলীয় কাৰ্যকলাপৰ তত্বাৱধান কৰি থকা সুস্মিতা দেৱে কয় যে, নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত চূড়ান্ত ৰণনীতি প্ৰস্তুত কৰা হ’ব।

    Via By: Assam | News
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds