তেজপুৰ ১১ ছেপ্টেম্বৰ :
তেজপুৰ ঐতিহাসিক দৰং মহাবিদ্যালয়ৰ ২০২৫-২০২৬ বৰ্ষৰ ছাত্র একতা সভা নিৰ্বাচনৰ ফলাফল ঘোষণা।
১০ ছেপ্টেম্বৰ অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰে। ইফালে ফলাফল ঘোষণাৰ পিছতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ একাংশ সদস্যই তাণ্ডৱ চলাই মহাবিদ্যালয় খনৰ গেটৰ সন্মুখত।
মহাবিদ্যালয়ৰ নিৰ্বাচনত এইবাৰ ABVP সমৰ্থিত অধিকাংশ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে সাংস্কৃতিক সম্পাদক পদত জয়লাভ কৰে একমাত্ৰ আছু সমৰ্থিত প্ৰাৰ্থী যুৱ শিল্পী প্ৰান্তিক কৃষ্ণন দাসে৷
তাৰ পিছতেই একাংশ ABVP সদস্যয়ে আছুৰ সমৰ্থিত প্ৰাৰ্থীৰ বেনাৰ পোষ্টাৰ ফালি তাণ্ডৱ চলোৱা লগতে একাংশ ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰা পৰিলক্ষিত হ’ল ।বিশেষকৈ ABVP ৰ সদস্য ক্ৰমে সৌৰভ বৰা, সমেছ দাস, ওম চৌধুৰী আদিয়ে এই আক্ৰমণত আগ ভাগ লোৱা বুলি মহাবিদ্যালয় খনৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে অভিযোগ কৰে।
এই আক্ৰমণত আহত হয় এগৰাকী ছাত্ৰৰ লগতে ছাত্ৰী জয়শ্ৰী কেওট৷ জয়শ্ৰীয়ে মুৰত আৰু বুকুত আঘাট পাইছে৷ এই আক্ৰমণৰ ঘটনাত মহাবিদ্যালয়ৰ বাহিৰা ছাত্ৰ বিশাল বৰাৰ নেতৃত্বত বিবেক উপাধ্যায়, সৌৰভ বৰা আদি এই আক্ৰমণত জৰিত থকাৰ অভিযোগ কৰি তেজপুৰ সদৰ থানাত এক এজহাৰ দাখিল কৰি ব্যৱস্থা লবলৈ আহ্বান জনাইছে।




