31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    জিলা কৃষি বিভাগৰ পদক্ষেপ বিশ্বনাথত তিনিটাকৈ ধান ক্ৰয় কেন্দ্ৰ মুকলি

     

    বিশ্বনাথ চাৰিআলি ৩ ডিচেম্বৰ _ ভাৰতীয় খাদ্য নিগমৰ অধীনত আজি বিশ্বনাথ জিলাৰ অন্তৰ্গত পানীভৰাল অঞ্চলত এটা ধান ক্রয় কেন্দ্ৰ মুকলি কৰা হয়। বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত ড০ সূৰ্য্য কমল বৰাই কেন্দ্ৰটো মুকলি কৰে।
    শুভাৰম্ভনী অনুষ্ঠানত উপস্থিত থাকে জিলা কৃষি বিষয়া দীপক বাঢ়ৈৰ লগতে কৃষি বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰী সকল।


    অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে কৃষক ৰাইজক চৰকাৰে নিৰ্ধাৰণ কৰা নূন্যতম সমৰ্থিত মূল্য প্ৰতি কুইণ্টল ধানত ২০৪০.০০ টকা দৰত ধান বিক্ৰি কৰি লাভাম্বিত হ’বলৈ আহ্বান জনায় । জিলা কৃষি বিষয়া গৰাকীয়ে সকলো কৃষকক এই সুবিধা গ্ৰহণ কৰি শীঘ্ৰে নিজ অঞ্চলৰ কৃষি সম্প্ৰসাৰণ সহায়ক/কৃষি উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

    উল্লেখযোগ্য যে ২ ডিচেম্বৰ ২০২২ তাৰিখে অসম চৰকাৰৰ অধীনস্থ কোম্পানী অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত বিশ্বনাথৰ গড়েহাগিত আন এটা ধান ক্রয় কেন্দ্ৰ ইতিমধ্যে জিলা উপায়ুক্ত মুণিন্দ্ৰ নাথ ঙাটেই মুকলি কৰে।

    আজিৰ এই ধান ক্ৰয় কেন্দ্ৰৰ উদ্ধোধনী অনুষ্ঠানত কেইবাজনো স্থানীয় কৃষকে অংশ গ্ৰহন কৰি ধান ক্ৰয় ব্যৱস্থাৰ প্ৰতি নিজৰ সন্তুষ্টি প্ৰকাশ কৰে । সমান্তৰাল ভাবে জিলা খনৰ গহপুৰৰ বালিজানত এটা ধান ক্ৰয় কেন্দ্ৰৰো আজি শুভাৰম্ভণী কৰা হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds