31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    নিৰপেক্ষ গহপুৰ”ৰ বাৰ্ষিক অধিৱেশনত মহকুমাধিপতি লুকুমণি বৰা

    নিৰপেক্ষ গহপুৰ“ৰ বাৰ্ষিক অধিৱেশনত মহকুমাধিপতি লুকুমণি বৰা।।
    “ভাল কামক স্বীকৃতি দিয়াটো সমাজৰ এক কৰ্তব্য”
    অসমীয়া প্ৰতিদিনৰ ছয়দুৱাৰৰ সা‌ংবাদিক ভাস্কৰ জ্যোতি ভূঞালৈ সাহসী ৰত্ন উপাধি।
    সাহিত্যিক লোকেশ্বৰী সন্দিকৈলৈ ছহিদ কনকলতা বৰুৱা-মুকুন্দ কাকতি বঁটা।

    অসম খবৰ বিশেষ প্ৰতিনিধি গহপুৰ ৫ ফেব্ৰুৱাৰী –

    এখন সুস্থ সমাজ গঠনত সামাজিক অনুষ্ঠান সমূহৰ যথেষ্ট কৰণীয় আৰু দায়িত্ব থাকে।নিৰপেক্ষ গহপুৰে প্ৰতিষ্ঠাৰ সাত বছৰৰ ভিতৰত বিভিন্ন সামাজিক কৰ্মৰ জৰিয়তে নিজৰ কৰ্তব্যবোধ ডাঙি ধৰি সমাজৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আহিছে।এক যোগাত্মক দৃষ্টিভংগীৰে আগুৱাই যোৱা নিৰপেক্ষ গহপুৰ আজিৰ সমাজৰ বাবে এক আদৰ্শ।”গহপুৰৰ অন্যতম সামাজিক আৰু ডিজিটেল মাধ্যম “নিৰপেক্ষ গহপুৰ”ৰ সপ্তম বাৰ্ষিক অধিৱেশনৰ আজি মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে মন্তব্য আগবঢ়াই বিশ্বনাথ জিলাৰ অতিৰিক্ত আয়ুক্ত(ৰাজহ) তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰাই।নিৰপেক্ষ গহপুৰৰ পৰিচালন সঞ্চালক হেমন্ত বৰুৱা আৰু পৰিচালক অভিজিৎ বৰাই আঁত ধৰা সভাখনত লুকুমণি বৰাই ভাষণত আৰু কয় যে যোগ্য জনক যোগ্য সন্মান আৰু ভাল কামক ভাল বুলি স্বীকৃতি দিয়াটো সমাজৰ আন এক কৰ্তব্য।এনে স্বীকৃতিয়ে ভাল কাম কৰি যাবলৈ অনুপ্ৰেৰণা যোগায়।

     

    ভাষণ প্ৰসংগত তেওঁ সমাজ আৰু দহৰ উন্নয়নৰ হকে ইতিহাসে মনত ৰখাকৈ কাম কৰি যাবলৈ সকলোৰে প্ৰতি অনুৰোধ কৰে।নিৰপেক্ষ গহপুৰৰ মুখ্য প্ৰশাসক পৰাশ শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা মুকলি সভাখনত অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী,বিশিষ্টা সাহিত্যিক,কবি,লেখিকা লোকেশ্বৰী সন্দিকৈক নিৰপেক্ষ গহপুৰে এইবছৰৰ শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি বঁটা প্ৰদান কৰে।ছহিদ পৰিয়ালৰ হৈ কালিচৰণ বৰুৱা আৰু ৰূপা কাকতিয়ে এই বঁটা প্ৰদান কৰে সাহিত্যিক লোকেশ্বৰী সন্দিকৈক।নিৰপেক্ষ গহপুৰৰ মুখ্য সঞ্চালক বিপ্লৱ নেওগে উদ্দেশ্য বাখ্যা কৰা সভাখনত অসমীয়া প্ৰতিদিনৰ ছয়দুৱাৰৰ সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাক সাহসী ৰত্ন উপাধি প্ৰদান কৰে নিৰপেক্ষ গহপুৰে।আপোচবিহীন আৰু সাহসীকতাৰে আগবঢ়াই অহা সংবাদ সেৱাৰ বাবে ভাস্কৰ জ্যোতি ভূঞাক ৰাজহুৱাভাবে প্ৰদান কৰা হয় এই উপাধি।ইপিনে গহপুৰ মহকুমাৰ প্ৰশাসন ব্যৱস্থাক গতিশীল আৰু জনমুখী কৰি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা উপযুক্ত পদক্ষেপৰ লগতে বিদ্যালয়ে বিদ্যালয়ে মুক্ত পুথিভঁৰাল স্থাপন কৰি এক শৈক্ষিক জাগৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ইতিবাচক পদক্ষেপৰ বাবে গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰাক নিৰপেক্ষ গহপুৰে ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।একেদৰে ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ কাম কাজ খৰতকীয়াকৈ সমাধান কৰি ৰাইজক সকাহ দিয়াৰ ক্ষেত্ৰত দক্ষতা প্ৰকাশ কৰি অহা গহপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া মনীষ ভড়ালীকো নিৰপেক্ষ গহপুৰে সম্বৰ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানটোত নিউজ লাইভৰ লখিমপুৰ ব্যুৰ’ জিতুমণি নেওগ,শিক্ষক সৰ্বা হাজৰিকা, মাধৱ বৰা,চিকিৎসক ডা: ৰিদিপ শইকীয়া, সংগীত শিল্পী নিপু বৰা,ব্যৱসায়ী ৰাজ কিশোৰ প্ৰসাদক নিজ নিজ কৰ্মক্ষেত্ৰত তেওঁলোকে দেখুওৱা পাৰদৰ্শিতাৰ বাবে নিৰপেক্ষ গহপুৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

     

    গহপুৰ পৌৰসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাখনত নিৰপেক্ষ গহপুৰৰ বাৰ্ষিক অধিবেশন উপলক্ষে প্ৰকাশ কৰি উলিওৱা ২০২৪ বৰ্ষৰ বাৰ্ষিক কেলেণ্ডাৰ উন্মোচন কৰে গহপুৰ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া নমিতা বৰাই।মুকলি সভাখনত ভাষণ প্ৰদান কৰি ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: অঞ্জন কুমাৰ ওজা,বৰ্তমানৰ অধ্যক্ষ ড: কিশোৰ সিং ৰাজপুত আৰু সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ সহকাৰী সাধাৰণ সম্পাদক ভুৱন শইকীয়াই নিৰপেক্ষ গহপুৰৰ পদক্ষেপক শলাগ লয়।সভাখনত উদয় আদিত্য গোস্বামী, জগদীশ শৰ্মা, দিগন্ত গোহাঁই, সিদ্ধেশ্বৰ হাজৰিকা, শংকৰলাল আগৰৱালা, চন্দন বৰুৱা, প্ৰজ্ঞান ভূঞা,অদিতি হাজৰিকা,বিমল ভূঞা,অশ্বিনী বৰমূদৈ প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

    বৰঙাবাৰীৰ মহিলা শিল্পী সকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠাটোৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰা হয়।সভাখনত ছহিদ পৰিয়ালৰ হৈ কালিচৰণ বৰুৱা আৰু ৰূপা কাকতিক সম্বৰ্ধনা জ্ঞাপন কৰে নিৰপেক্ষ গহপুৰে।বঁটা প্ৰাপক আৰু সম্বৰ্ধিত ব্যক্তি সকলক প্ৰকৃতিপ্ৰেমী বকুল গগৈয়ে একোটাকৈ চন্দন গছৰ পুলি প্ৰদান কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds