31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    উত্তৰ পূৱ ভাৰতৰ গৌৰৱ নলবাৰীস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰত শ্ৰী কৃষ্ণ জন্মাষ্টমী উদযাপন।

    নলবাৰী বিশেষ প্ৰতিনিধি ১৯ আগষ্ট ::

    নলবাৰী হৰিমন্দিৰত বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত ৩৫ তম কৃষ্ণ জন্মাষ্টমী মহোৎসৱ পালন ।

    আজি শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী ।

    সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো আজি পালন কৰা হৈছে শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী । সেইমৰ্মে নলবাৰীস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত পালন কৰা হয় ৩৫ তম শ্ৰীশ্ৰী কৃষ্ণ জন্মাষ্টমী মহোৎসৱ ।

    বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰ সমিতিৰ সহযোগত মন্দিৰৰ প্ৰাংগনত অনুষ্ঠিত কৰা হয় ৩৫ তম শ্ৰীশ্ৰী কৃষ্ণ জন্মাষ্টমী মহোৎসৱ ।

    কৃষ্ণ জন্মাষ্টমী মহোৎসৱৰ লগত সংগতি ৰাখি এটি বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । কৃষ্ণ জন্মাষ্টমী উপলক্ষে উলিওৱা শোভাযাত্ৰা নলবাৰী হৰিমন্দিৰৰ পৰা আৰম্ভ হৈ নলবাৰী চহৰ পৰিভ্ৰমণ কৰি আকৌ নলবাৰী হৰিমন্দিৰ প্ৰাংগনত উপস্থিত হৈ সমাৰণি পৰে ।

    ইয়াৰ পিছতে জিলাভিত্তিত শিশু কৃষ্ণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

    আজিৰ এই শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী মহোৎসৱত ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰত অসম ক্ষেত্ৰৰ ক্ষেত্ৰ সংঘ চালক ডা: উমেশ চক্ৰৱৰ্তী,বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ সভাপতি তৰুণ ঠাকুৰীয়া,বিশ্ব হিন্দু পৰিষদৰ বিভাগ মন্ত্ৰী অনুপ দাস, ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ উত্তৰ অসম প্ৰান্তৰ ক্ষেত্ৰ সংঘ চালক ডা: ভূপেশ শৰ্মা,কামখ্যা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শৰ্মা সহ ভালে কেইগৰাকীমান আমন্ত্ৰিত অতিথি সহ ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে ।

    ফইজুল হক চৌধুৰীৰ প্ৰতিবেদন

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds