31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে অসমত ৫ খন বিশেষ ৰে’লৰ চলাচলৰ ব্যৱস্থা

    মালিগাঁওঃ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বাবে যোৱা ১৫ আৰু ২৯ ছেপ্তেম্বৰত সম্পন্ন হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই সেই দুটা দিনত ৰাজ্যৰ পৰীক্ষাৰ্থী সকলৰ পৰীক্ষা কেন্দ্ৰলৈ অহা-যোৱাৰ সুবিধাৰ বাবে ১২ খন বিশেষ পৰীক্ষা ৰে’লৰ ব্যৱস্থা কৰিছিল। তেনেদৰে অহা ২৭ অক্টোবৰত অনুষ্ঠিত হবলগীয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয় পৰীক্ষাৰ্থী সকলৰ অহা-যোৱাৰ সুবিধাৰ বাবে ৰাজ্যৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে ৫ খন বিশেষ ৰে’লৰ চলাচলৰ ব্যৱস্থা কৰিছে। এই বিশেষ ৰে’ল সমূহৰ চলাচল পৰীক্ষাৰ আগদিনা অর্থাৎ ২৬ অক্টোবৰৰ আৰম্ভ হ’ব। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে ৰে’লৰ সূচী অনুসৰি চলাচল কৰিবলগীয়া বিশেষ ৰে’লকেইখন হ’ল ক্ৰমে – ০৫১০১/০৫১০২ কৰিমগঞ্জ – শিলচৰ – কৰিমগঞ্জ, ০৫১১৯/০৫১২০ মৰিয়নি – নাৰেংগী – মৰিয়নি, ০৫১৩৯/০৫১৪০ হয়বৰগাঁও – গুৱাহাটী – হয়বৰগাঁও, ০৫৪৫৬/০৫৪৫৭ আলিপুৰদুৱাৰ – কামাখ্যা – আলিপুৰদুৱাৰ আৰু ০৫৭৭৯/০৫৬৮০ জামিৰা – শিলচৰ – জামিৰা। ইতিমধ্যে পৰীক্ষাৰ্থী সকলে নিজৰ নিকটৱৰ্তী ৰে’ল ষ্টেচনত খবৰ কৰিলে যাত্ৰাৰ বিতং সময়সূচী জানিব পাৰিব বুলি ৰে’ল কৰ্তৃপক্ষই জানিবলৈ দিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds