31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    ৰেডিচন ব্লু গুৱাহাটীৰ বিশেষ ‘ৰক্ষাবন্ধন মিঠাই বক্স’ৰ সৈতে মধুৰ কৰি তোলক আপোনাৰ ৰাখী বন্ধনৰ বিশেষ দিনটো

    ৰেডিচন ব্লু গুৱাহাটীৰ বিশেষ ‘ৰক্ষাবন্ধন মিঠাই বক্স’ৰ সৈতে মধুৰ কৰি তোলক আপোনাৰ ৰাখী বন্ধনৰ বিশেষ দিনটো

    অসম খবৰ গুৱাহাটী ১২ আগষ্ট ২০২৪:

    চমু চাপি অহা ভাতৃ-ভগ্নীৰ অটুট বন্ধনৰ প্ৰতীকস্বৰূপ বিশেষ দিনটো উদযাপনৰ বাবে সাজু হৈছে ৰেডিচন ব্লু গুৱাহাটী। ৰাখী বন্ধনৰ এই বিশেষ দিনটোত ভাতৃ-ভগ্নীৰ মাজত থকা মধুৰ সম্পৰ্কটোক আৰু অধিক জীপাল কৰি তুলিবলৈ গুৱাহাটীৰ ৰেডিচন ব্লুৱে লৈ আহিছে এক বিশেষ ‘ৰক্ষাবন্ধন মিঠাই বক্স’। ভাতৃ-ভগ্নীৰ মাজৰ ভালপোৱা, বিশ্বাস আৰু অটুট বন্ধনৰ কথা মনত ৰাখি প্ৰস্তুত কৰা প্ৰতিটো মিঠাইৰ টোপোলাত আধুনিক, মাৰ্জিত ৰুচিৰ সৈতে পৰম্পৰাগত সোৱাদৰ সংমিশ্ৰণ ঘটোৱা হৈছে।

    ৰাখী বন্ধন কেৱল এটা অনুষ্ঠান নহয়; এয়া হৈছে গভীৰ আৱেগেৰে ভৰা এক মুহূৰ্ত। ৰাখী বন্ধন ভাতৃ-ভগ্নীৰ সুৰক্ষা, যত্ন আৰু এক অভেদ্য বন্ধনৰ প্ৰতীক। এনে পৰিপ্ৰেক্ষিততে এইবাৰ ৰাখী বন্ধনত ৰেডিচন ব্লু গুৱাহাটীয়ে তেওঁলোকৰ বিশেষভাৱে নিৰ্মিত মিঠাইৰ টোপোলাৰে মৰম আৰু ভালপোৱা ব্যক্ত কৰিবলৈ আমন্ত্ৰণ জনাইছে প্ৰতিগৰাকী ভাতৃ আৰু ভগ্নীক। চিন্তাশীলভাৱে নিৰ্ধাৰণ কৰা কেৱল ৯৯৯ টকাৰ মূল্যৰ প্ৰতিটো মিঠাই বক্সত আছে সুস্বাদু ভাৰতীয় মিঠাইৰ এক সংকলন আৰু হাতেৰে আটক ধুনীয়াকৈ প্ৰস্তুত কৰা ৰাখী।

    উন্নতমানৰ উপাদানৰে প্ৰস্তুত কৰা এই মিঠাই বক্স কেৱল ৰুচিবোধৰ বাবেই নহয় – আপুনি যিমানেই দূৰত নাথাকক কিয়, আপোনাৰ আপোনজনৰ সৈতে সংযোগ স্থাপনৰ এয়া হৈছে এক হৃদয়স্পৰ্শী উপায়। সঁচা অৰ্থত, উপহাৰস্বৰূপে দিয়া এই মিঠাইয়ে প্ৰেম, সুৰক্ষা আৰু মধুৰ স্মৃতিৰে সমৃদ্ধ গঠিত এক বন্ধন উদযাপনৰ প্ৰতীক ৰাখী বন্ধনৰ প্ৰকৃত সাৰমৰ্মক প্ৰতিফলিত কৰে।

    ৰেডিশ্যন ব্লু গুৱাহাটীৰ এই বিশেষ ৰাখী বন্ধনৰ মিঠাইৰ টোপোলা এতিয়া আগতীয়া অৰ্ডাৰৰ বাবেও উপলব্ধ। আপোনাৰ বাবে মিঠাইৰ টোপোলাটো অৰ্ডাৰ কৰিবলৈ ৰেডিছন ব্লু গুৱাহাটীৰ ৮৮১১০৯৯৩৯৭ নম্বৰত যোগাযোগ কৰিব পাৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds