31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    তেজপুৰৰ পৰা পলায়ন বিশ্বনাথ জিলা কাৰাগাৰৰ কয়দী

    তেজপুৰৰ পৰা পলায়ন বিশ্বনাথ জিলা কাৰাগাৰৰ কয়দী

    তেজপুৰ চেচন আদালতত হাজিৰ কৰোৱাৰ পিছত বিশ্বনাথৰ জিলা কাৰাগাৰলৈ আনি থকা অৱস্হাত পলায়ন কৰিলে বিশ্বনাথ জিলা কাৰাগাৰৰ এজন কয়দী।হত্যা, অপহৰণ আৰু ডকাইতিৰ গোচৰত অভিযুক্ত তেজপুৰৰ বেছেৰীয়াৰ ভাস্কৰ জ্যোতি নাথে পলায়ন কৰে তেজপুৰ ৰাবাৰ বাগানৰ সমীপত৷ দুজনকৈ আৰক্ষীৰ চকুত ধুলি দি আদালতৰ পৰা বিশ্বনাথ অভিমূখে আহি থকা সময়ত প্ৰস্বাব কৰাৰ চলৰে কয়দী জনে পলায়ন কৰে৷ ২০ বছৰ সশ্ৰম কাৰদণ্ডৰে দণ্ডিত কয়দী জনক যোৱা ২৭ জুনত তেজপুৰ কাৰাগাৰৰ পৰা স্হানান্তৰ কৰা হৈছিল বিশ্বনাথ জিলা কাৰাগাৰত।তেজপুৰ কাৰাগাৰত একাংশ কয়দীৰ সৈতে মাৰপিট কৰাৰ উপৰিও তেজপুৰ কাৰাগাৰত এইজন কয়দীয়ে গাঞ্জা, ড্ৰাগছৰ অবৈধ বেহা চলোৱাৰ অভিযোগ আছিল।কয়দীজন পলোৱাৰ সন্দৰ্ভত বিশ্বনাথ কাৰাগাৰ কতৃপক্ষই তেজপুৰ মহাভৈৰৱ আৰক্ষীত এক এজাহাৰ দাখিল কৰাৰ পিছত তেজপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds