31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    ১এপ্ৰিলৰ পৰা অনিদিৰ্ষ্ট কাললৈ বন্ধ হোৱাৰ সম্ভাবনা বটলিফ ফেক্টৰী

    ১এপ্ৰিলৰ পৰা অনিদিৰ্ষ্ট কাললৈ বন্ধ হোৱাৰ সম্ভাবনা বটলিফ ফেক্টৰী

    অসম খবৰ ১ “এপ্ৰিল ২০২৪:

    ১এপ্ৰিলৰ পৰা অনিদিৰ্ষ্ট কাললৈ বন্ধ হোৱাৰ সম্ভাৱনা বিশ্বনাথ জিলাৰ বটলিফ টি ফেক্টৰী সমূহ। কাৰ্যতঃ ৰাসায়নিক দ্ৰব্য বিহীন প্ৰমাণ পত্ৰৰ অবিহনে কোনো বটলিফ টি ফেক্টৰীয়ে ক্ৰয় নকৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত। ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাসায়নিক দ্ৰব্য বিহীন চাহ উৎপাদন কৰাৰ ক ক্ষেত্ৰত জাৰি কৰা এছ অ পিৰ পিছতে বিশ্বনাথৰ বটলিফ ফেক্টৰী সমূহে অসম চাহ বৰ্ডৰ প্ৰমাণ পত্ৰ বিহীন কোনো খেতিয়কৰ পৰা চাহ ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি বিশ্বনাথৰ লী পেলেছত অনুষ্ঠিত এক সংবাদ মেলত বিশ্বনাথ জিলাৰ বটলিফ ফেক্টৰী সংস্থাৰ সভাপতি দ্বিজেন শইকীয়া আৰু সম্পাদক লক্ষী ভড়ালীয়ে জনাই যে চৰকাৰী নিৰ্দেশনা অনুসৰি অসম চাহ বোৰ্ডৰ দ্বাৰা প্ৰদান কৰা ৰাসায়নিক দ্ৰব্য বিহীন কেচাপাতহে বটলিফ ফেক্টৰীয়ে ক্ৰয় কৰিব পাৰিব। অন্যথা ফেক্টৰীৰ ওপৰত আইনগত ব্যৱস্হা লোৱাৰো নিৰ্দেশনাটোত উল্লেখ আছে। সেয়ে চৰকাৰী নিৰ্দেশ উলংঘা কৰি কোনো কাৰণতে চাহ বোৰ্ডৰ প্ৰমাণ পত্ৰৰ অবিহনে ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত ক্ৰয় কৰা নহ’ব বুলি আজি সংবাদমেলত স্পষ্ট কৰাৰ পিছত ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ১ এপ্ৰিলৰ দিনটোত এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কে পাত চিঙি বটলীফ ফেক্টৰীলৈ আনি ৰাসায়নিক দ্ৰব্য বিহীন প্ৰমাণ পত্ৰ কেনেকৈ লাভ কৰিব তাক লৈ এতিয়া বিমোৰত পৰিছে খেতিয়ক সকল। কিয়নো ৰাসায়নিক দ্ৰব্য পৰীক্ষা কৰা সামগ্ৰী বৰ্তমান অসম কি উত্তৰ পূৰ্বাঞ্চলতে নাই। তেনেক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়কে চাহপাতৰ ৰাসায়নিক দ্ৰব্য বিহীনতা প্ৰমাণ কৰিব সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন।চৰকাৰীভাৱে স্বাস্থ্যজনিত সমস্যা ৰোধৰ সমান্তৰালকৈ ক্ষুদ্ৰ চাহ খেতিয়কক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ বিকল্প সুযোগ নিদি চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণৰ পিছত ৰাজপথলৈ ওলাই অহাৰহে সুযোগ দিয়া বুলি উচ্চাৰিত হৈছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds