31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালী মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আয়োজন /সংবাদ মেল

    বিহালী মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আয়োজন /সংবাদ মেল

    অসম খবৰ
    বেদেতী, ১২ জুলাই= বিহালী বিধান সভা সমষ্টিৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান ‘বিহালী মহাবিদ্যালয়’ৰ প্ৰতিষ্ঠাৰ ২৫ বছৰ অতিক্ৰম কৰা হেতু ৰূপালী জয়ন্তী উদযাপনৰ পৰিকল্পনা কৰা হৈছে । অৱশ্যে, পুৰ্বে ২০১৭ চনতে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ কাৰ্যসূচী আৰম্ভ হৈছিল যদিও বিভিন্ন কাৰণত উদযাপন কৰিব পৰা নহ’ল । । ১৯৮৯ চনতে প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠান খনৰ বিভিন্ন অসুবিধাৰ বাবে কিছু পলমকৈ ৰূপালী জয়ন্তীৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল । শেহতীয়াকৈ, ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানভাগ আগন্তুক ৪ আৰু ৫ অক্টোবৰত দুদিনীকৈ অনুষ্ঠিত কৰাৰ আঁ‌চনি যুগুত কৰা হৈছে । উক্ত দুয়োদিনৰ কাৰ্যসূচীৰ ভিতৰত প্ৰথম দিনা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, গছপুলি ৰোপণ, প্ৰদৰ্শনী ও গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন, প্ৰাক্তন ছাত্ৰ সন্মিলন, আলোচনা চক্ৰ, বাৰ্তালাপ ও স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ’ব ।
    দ্বিতীয় দিনা পুৱা ৯ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা ও সম্বৰ্দ্ধনা অনুষ্ঠান, স্মৃতিগ্ৰন্থ উন্মোচন, বন্তি প্ৰজ্বলন আৰু ভাওনা প্ৰদৰ্শন কৰা হ’ব ।
    অনুষ্ঠানভাগ সফল ৰূপায়ণৰ বাবে ইতিমধ্যে বিহালী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা শোণিতপুৰ সংসদীয় সমষ্টিৰ নৱ-নিৰ্বাচিত সাংসদ ৰঞ্জিৎ দত্তক সভাপতি, সমাজকৰ্মী ইন্দ্ৰেশ্বৰ কটকীক কাৰ্যকৰী সভাপতি, অৱসৰপ্ৰাপ্ত শিক্ষক স্বৰাজ হাজৰিকা, প্ৰদীপ গোস্বামী আৰু সমাজকৰ্মী যজ্ঞেশ্বৰ শইকীয়াক উপ-সভাপতি, বিহালী মহাবিদ্যালয় আৰু স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষদ্বয় ক্ৰমে পৰশু ছেত্ৰী আৰু ড° ৰমেন বৰাক যুটীয়া মুখ্য সম্পাদক, মহাবিদ্যালয়ৰ প্ৰবক্তাদ্বয় ক্ৰমে প্ৰশান্ত কুমাৰ বৰুৱা আৰু উৎপল বৰাক সম্পাদক আৰু সঞ্জীৱ দত্তক বিত্ত সম্পাদক হিচাপে লৈ এখন কৰ্মঠ উদযাপন সমিতি গঠন কৰা হৈছে বুলি আজি মহাবিদ্যালয়ত অনুষ্ঠিত এক সংবাদমেল যোগে উদযাপন সমিতিয়ে প্ৰকাশ কৰে ।
    বিহালী প্ৰেছ ক্লাৱৰ সাংবাদিকৰ সৈতে অনুষ্ঠিত হোৱা সংবাদ মেলত মুখ্য সম্পাদকদ্বয় ক্ৰমে ড° ৰমেন বৰা আৰু পৰশু ছেত্ৰী, সম্পাদকদ্বয় উৎপল বৰা আৰু প্ৰশান্ত কুমাৰ বৰুৱা, ড° টুনটুন বৰা, ড° বিনোদ চুবেদী, ড° বিজয় মণ্ডল, গ্ৰন্থাগাৰিক মৃদুল দত্ত, বিত্ত সম্পাদক সঞ্জীৱ দত্ত, প্ৰাক্তন ছাত্ৰ সন্মিলন উপ-সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে নিপেন কটকী আৰু নিৰঞ্জন দাস আদিয়ে অংশগ্ৰহণ কৰে ।
    ৰূপালী জয়ন্তী অনুষ্ঠানভাগ সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, ইতিমধ্যে বদলি হৈ যোৱা শিক্ষক-কৰ্মচাৰী, মহাবিদ্যালয় পৰিচালনা সমিতিৰ বিভিন্ন সময়ৰ সদস্য সকল, শুভাকাংক্ষী, অভিভাৱক আৰু স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা উদযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds