31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    ‘‘ভাৰতে প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডৰ পাছতে পৰমাণু শক্তি খণ্ড ব্যক্তিগত উদ্যমীৰ বাবে মুকলি কৰি দিছে’’- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    ভাৰতে প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডৰ পাছতে পৰমাণু শক্তি খণ্ড ব্যক্তিগত উদ্যমীৰ বাবে মুকলি কৰি দিছে। ভাৰতৰ উন্নয়নৰ যাত্ৰাত জাপান সদায় গুৰুত্বপূৰ্ণ সহযোগী হৈ আহিছে।

    ● জাপানৰ প্ৰযুক্তি আৰু ভাৰতীয় প্ৰতিভাৰ সন্মিলিত প্রচেষ্টাই এই শতিকাৰ প্ৰযুক্তি বিপ্লৱক নেতৃত্ব দিব পাৰে। টকিঅ’ত অনুষ্ঠিত ভাৰত-জাপান অর্থনৈতিক মঞ্চ সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে উল্লেখ কৰে। মোদীয়ে জাপানক প্ৰযুক্তিৰ আৰু ভাৰতক প্ৰতিভাৰ পাৱাৰহাউছ বুলি অভিহিত কৰি কয় যে, ভাৰতে কৃত্রিম বুদ্ধিমত্তা, অর্ধপৰিবাহী, কোৱান্টাম কম্পিউটিং, জৈৱ প্ৰযুক্তি আৰু মহাকাশ খণ্ডত শক্তিশালী আৰু অভিলাষী পদক্ষেপ লৈছে।

    ভাৰতে প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডৰ পাছতে পৰমাণু শক্তি খণ্ড ব্যক্তিগত উদ্যমীৰ বাবে মুকলি কৰি দিছে। ভাৰতৰ উন্নয়নৰ যাত্ৰাত জাপান সদায় গুৰুত্বপূৰ্ণ সহযোগী হৈ আহিছে। মেটোৰ পৰা নিৰ্মাণ খণ্ডলৈ, অর্ধপৰিবাহীৰ পৰা ষ্টাৰ্ট আপলৈ ভাৰত-জাপানৰ অংশীদাৰিত্ব সকলো খণ্ডতে পাৰস্পৰিক বিশ্বাসৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। জাপানৰ কোম্পানীসমূহে ৪ হাজাৰ কোটি ডলাৰ বিনিয়োগ কৰিছে।
    প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত-জাপান সহযোগিতা নিৰ্মাণ আৰু অটো খণ্ডত সফল হিচাপে পৰিগণিত হৈছে। এই সফলতা ৰবটিক্স বেটাৰী, অর্ধপৰিবাহী, জাহাজ নিৰ্মাণ আৰু পাৰমাণৱিক শক্তি খণ্ডতো প্রতিফলিত কৰিব পাৰি।
    ভাৰত বৰ্তমান বিশ্বৰ দ্ৰুত বিকাশশীল বৃহৎ অর্থনীতি আৰু অচিৰেই ভাৰতৰ বিশ্বৰ তৃতীয় বৃহৎ অর্থনৈতিক শক্তি হোৱাৰ দিশত অগ্ৰসৰ হৈছে। সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ জৰিয়তে ভাৰতে এই পৰ্যায়লৈ অগ্ৰসৰ হোৱা বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds