Thursday, May 29, 2025
27.4 C
Guwahati
TOP NEWS:

পি এম কিষান (PM-Kishan) আঁচনিৰ অধীনত ১৭ নং কিস্তিৰ ধনৰাশি লাভ কৰি উৎফুল্লিত বিশ্বনাথৰ কৃষক

- Advertisement -

পি এম কিষান (PM-Kishan) আঁচনিৰ অধীনত ১৭ নং কিস্তিৰ ধনৰাশি লাভ কৰি উৎফুল্লিত বিশ্বনাথৰ কৃষক

•জিলাখনৰ ৩৬,৮৩৩ গৰাকী যোগ্য কৃষকৰ বেংক একাউন্টত প্ৰত্যক্ষভাবে সোমাল আঁচনিৰ ১৭নং কিস্তিৰ ধনৰাশি

- Advertisement -
- Advertisement -
- Advertisement -

অসম খবৰ বিশ্বনাথ চাৰিআলি, ১৯ জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি অৰ্থাৎ ১৮ জুন, ২০২৪ তাৰিখ মঙলবাৰে ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি’ (PM- Kisan) আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী কৃষকসকললৈ ১৭ নং কিস্তিৰ অনুদান হস্তান্তৰ কৰে। উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা “Live Webcast” প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰায় ৯ কোটি ৩০ লাখ হিতাধীকাৰী কৃষকৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা প্ৰত্যক্ষ হস্তান্তৰ (DBT) প্ৰক্ৰিয়াৰ জৰিয়তে হস্তান্তৰ কৰে। সেই উপলক্ষে বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত বিয়লি ৪ বজাৰ পৰা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ সহযোগত কৃষকসকলৰ সুবিধাৰ্থে কেন্দ্রীয়ভাৱে এখন সভা তথা অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ আয়োজন কৰা হয়। জিলা কৃষি বিষয়া বাণেশ্বৰ বেৰ সঞ্চালনত কেন্দ্ৰীয় ভাৱে আয়োজিত উক্ত অনুষ্ঠানত বিশিষ্ট অথিতি ৰূপে উপস্থিত থাকে জিলাৰ অতিৰিক্ত আয়ুক্ত ( কৃষি) ধ্ৰুৱজ্যোতি দাস। অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰি অনাগত সময়ত এই আচঁনিৰ দ্বাৰা কৃষক সকল যথেষ্ট লাভাম্বিত হ’ব বুলি প্ৰকাশ কৰে।

মহকুমা কৃষি বিষয়া প্ৰদীপ তালুকদাৰ, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া সোণ মণি শইকীয়া, মানস প্ৰতীম দাসৰ লগতে শতাধিক কৃষক ৰাইজে অংশ গ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। ইয়াৰ উপৰি অনুষ্ঠানৰ অংশ স্বৰূপে জিলা কৃষি বিভাগৰ উদ্যোগত ভিএনঅ(VNO)ৰ সহযোগত জিলাখনৰ আটাইকেইটা কৃষি চক্ৰ সামৰি বিভিন্ন গাওঁ পঞ্চায়তত কৃষক ৰাইজৰ বাবে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ সপ্তদশ কিস্তি মুকলি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থাও কৰা হয়।

উল্লেখ্য যে বিশ্বনাথ জিলা কৃষি বিভাগৰ অধীনত সৰ্বমূঠ ৩৬,৮৩৩ গৰাকী যোগ্য হিতাধীকাৰীয়ে প্ৰধানমন্ত্ৰী কৃষক সম্মান নিধিৰ ১৭ নং কিস্তি লাভ কৰাৰ লগতে দেশৰ প্ৰায় ৯.৩০ কোটি পি. এম. কিষাণ আঁচনিৰ যোগ্য হিতাধীকাৰীৰ একাউণ্টলৈ এই Live webcast অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে কিস্তিৰ ধন হস্তান্তৰ কৰে। উক্ত অনুষ্ঠানত সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়া, কৃষি পৰিদৰ্শক, কৃষি সম্প্ৰসাৰণ সহায়ক সকলৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰী সকলো উপস্থিত আছিল ।

- Advertisement -

Hot this week

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
broken clouds
25.7 ° C
25.7 °
25.7 °
90 %
2.6kmh
81 %
Wed
26 °
Thu
25 °
Fri
24 °
Sat
27 °
Sun
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds