31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    Period-ঋতুশ্ৰাৱ -ধ্ৰুৱজ্যোতি দাস

    এজনী নাৰী কিমান শক্তিশালী এই সময়ত বুজা যায়
    নাৰী জীৱনৰ অন্য এটা প্ৰত্যাহ্বান আৰু ইশ্বৰৰ বৰদান এই ঋতুশ্ৰাৱ!
    এই সময়চোৱাত নাৰী এগৰাকী বিভিন্ন সমস্যাৰ তথা প্ৰত্যাহ্বানৰ সন্মুখীন হয়!
    অত্যাধিক ৰক্তক্ষৰণ হোৱাৰ ফলত শাৰীৰিক ভাৱে দুৰ্বল হৈ পৰে
    ঋতুশ্ৰাৱৰ সময়ত পেটৰ তীব্ৰ বিষৰ যন্ত্ৰণা…ইত্যাদিৰ লগতে ক’তো সহজে যাওঁ…বুলি যাব নোৱাৰা অৱস্থা হৈ পৰে।
    মাজনিশা টোপনিৰ পৰা সাৰ পাই অস্বস্তি অনু্ভৱ কৰি ক’তো শান্তি নলগা হোৱা ,সঘনাই পেড,নেপকিন ,চাফ কাপোৰ সঘনাই সলনি কৰিব লগা হোৱা!
    টোপনি ক্ষতিৰ লগতে অন্য বহুতো সমস্যা আহি পৰে এই সময়ত !
    এই সময়ৰ কষ্ট এজনী নাৰীয়ে অনুভৱ কৰিব পাৰে!
    🔴এই সময়চোৱাত সাৱধনতা অৱলম্বন কৰাটো আৱশ্যক।
    চাফ-চিকুণ কাপোৰ ব্যৱহাৰ কৰিব লাগে যাতে ইনফেক’শ্বন হোৱাৰ পৰা ৰক্ষা পৰিব পাৰে!
    শাৰীৰিক ভাৱে দুৰ্বল নোহোৱাৰ বাবে উপযুক্ত খাদ্য,পুষ্টিকৰ খাদ্য খোৱাটো অত্যন্ত আৱশ্যক!
    লগতে মানসিক ভাৱেওঁ শক্তিশালী হোৱাৰ প্ৰয়োজন…য’ত লাজ নহয় লাজ কৰাৰ ফলত হোৱা ক্ষতিবোৰে শাৰীৰিক ভাৱে ক্ষতি কৰিব পাৰে গতিকে সাৱধান হোৱাটো উচিত!!
    🔴
    এই ঋতুশ্ৰাৱ আৰু আমাৰ বিভিন্ন সমাজ তথা বহুতো পৰিয়ালতো বিভিন্ন নিয়ম-নীতি পালন কৰি থকা হয়!
    যিবোৰ নকৰিলেওঁ…হয় (অৱশ্যে এতিয়া কমিছে)
    এই ধৰা এই সময়চোৱাত নাৰী গৰাকীয়ে কোনো মানুহক চুব নোৱাৰিব,
    তাই অকলশৰীয়া কৈ এটা ৰুমত থাকিব লাগিব…
    আনকি বহুতো পৰিয়ালত দেখা পাওঁ… ঋতুশ্ৰাৱ হোৱা নাৰী গৰাকীক ঠাণ্ডা মজিয়াত থাকিব দিয়া হয়!!
    তাই নিজে বনাই খাৱ নোৱাৰাৰ বাবে…তাই সময় মতে খাদ্য নোপোৱাৰ ফলত ভোকত মুৰ ঘুৰাই তাইক শাৰীৰিক ভাৱে দুৰ্বল কৰি তুলিব পাৰে!!
    গতিকে আপোনাৰ ঘৰত থকা নাৰী গৰাকীক সুৰক্ষিত ৰখাৰ প্ৰয়াস কৰিব লাগে এইবোৰ নিয়ম মানি থকাৰ প্ৰয়োজন কি?
    যি নিয়ম-নীতিয়ে কাৰোবাৰ ক্ষতি কৰিব পাৰে বিপদ মাতিব পাৰে তেনেকুৱা নিয়ম-নীতি মই মানি চলাৰ বিৰোধিতা কৰো! (অৱশ্যে এই নিয়ম বোৰ সাধৰণে ঘৰ খনৰ বয়জেষ্ঠ নাৰী এগৰাকীয়ে বান্ধি দিয়ে)
    গতিকে নিয়ম-নীতি থাকি যাব পিচে উপযুক্ত যত্ন নললে…আপোনাৰ ঘৰৰ ঋতুশ্ৰাৱ হৈ থকা নাৰী গৰাকীৰে ক্ষতি হ’ব তেতিয়া কি কৰিব?
    গতিকে এইবোৰ কোনো লাজৰ কথা নহয়
    আপুনি মই পুৰুষ হলেওঁ…আমাৰ ঘৰৰ মা,বাইদেউ,ভগ্নী,পত্নী অথবা নিজৰ প্ৰেয়সীৰ বাবে তেওঁলোকৰ প্ৰয়োজন হলে লাজ নকৰি পেড,নেপকিন আদি কিনি দিব পাৰে!
    এই কিছুমান নিয়ম-নীতিৰ কোনো বৈজ্ঞানিক কাৰণো আছে বুলি কোৱা শুনিছো এই বিষয়ে মই জ্ঞাত নহয় জানিলে জনাব চোন ,ধন্যবাদ ।
    ✍️ধ্ৰুৱজ্যোতি দাস
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds