31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত বিনামূলীয়া চাইকেল বিতৰণ শুভাৰম্ভ কৰিলে মন্ত্ৰী অশোক সিংহলে Video

    বিশ্বনাথত বিনামূলীয়া চাইকেল বিতৰণ শুভাৰম্ভ কৰিলে মন্ত্ৰী অশোক সিংহলে

    মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত জিলাখনত উপকৃত হ’ব ৯৭ খন বিদ্যালয়ৰ ৯৮০০ গৰাকী ছাত্ৰ ছাত্ৰী

    দেশৰ ভৱিষ্যত মানৱ সম্পদ তৈয়াৰ কৰাত শিক্ষক সমাজক আত্ম নিয়োগ কৰিবলৈ মন্ত্ৰী গৰাকীৰ আহ্বান

     

    ষ্টাফ ৰিপৰ্টাৰ ৰাজেশ ঘোষৰ প্ৰতিবেদন ১৩ অক্টোবৰ

    ২০২৩-২৪ বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আৰম্ভ কৰা নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিনামূলীয়া চাইকেল বিতৰণ প্ৰক্ৰিয়াৰ আজি বিশ্বনাথতো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱনৰ সমিপৰ খেল পথাৰত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত ছাত্ৰ ছাত্ৰী সকলৰ মাজৰে পোন্ধৰ গৰাকীক বিনামূলীয়া চাইকেল প্ৰদান কৰি এই চাইকেল বিতৰণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ জলসিঞ্চন, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে। বিহালী বিধানসভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ প্ৰমুখ্যে গণ্য মান্য ব্যক্তি সকলৰ উপস্থিতিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে বিনামূলীয়া চাইকেল বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি প্ৰদান কৰা ভাষণত কয় যে, অসম চৰকাৰে শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তন সাধিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক ক্ষেত্ৰত উদগনি যোগোৱাৰ লগতে গ্ৰাম্য অঞ্চল, নগৰ আৰু দূৰৱৰ্তী অঞ্চলৰ শিক্ষাৰ্থীসকলৰ পৰিবহনৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে আগত ৰাখিয়েই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন নতুন উচ্চাভিলাষী আঁচনিখন গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে অসম চৰকাৰে চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু অসমৰ আদৰ্শ বিদ্যালয়কে ধৰি প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক বিনামূলীয়া চাইকেল প্ৰদান কৰাৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত এই নতুন উচ্চাভিলাষী আঁচনি আৰম্ভ কৰিছে।

     

    তেওঁ কয় যে চৰকাৰে ৰাস্তা পদুলি বাট পথ বনাব পাৰে, কিন্ত মানৱ সম্পদ তৈয়াৰ কৰিবলৈ শিক্ষক সকলেহে দায়িত্ব ল’ব লাগিব বুলি উল্লেখ কৰি দেশৰ ভৱিষ্যত মানৱ সম্পদ তৈয়াৰ কৰাত আত্ম নিয়োগ কৰিবলৈ শিক্ষক সমাজক আহ্বান জনায়। তেওঁ ছাত্ৰ ছাত্ৰী সকলকো ভৱিষ্যতে দেশৰ সু নাগৰিক হিচাপে প্ৰতিষ্ঠা হোৱাৰ সংগ্ৰামত আত্মনিয়োগ কৰিবলৈ আহ্বান জনালে।

    উল্লেখযোগ্য যে এই আঁচনিখনৰ অধীনত বিশ্বনাথ জিলাৰ অন্তৰ্গত তিনিটা শিক্ষাখণ্ডৰ অধীনৰ মুঠ ৯৭ খন বিদ্যালয়ৰ সৰ্বমুঠ ৯৮০০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব বিনামূলীয়া চাইকেল। ইয়াৰে ৫৪০০ গৰাকী ছাত্ৰী আৰু ৪৪০০ গৰাকী ছাত্ৰ। তথ্য অনুসৰি, বিহালী শিক্ষাখণ্ডৰ অধীনৰ ১৭ খন বিদ্যালয়ৰ ২৪৯৪ গৰাকী, বিশ্বনাথ শিক্ষাখণ্ডৰ অধীনৰ ৩৩ খন বিদ্যালয়ৰ ৩৬৩৪ গৰাকী আৰু গহপুৰ মহকুমাৰ ছয়দুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ ৪৭ খন বিদ্যালয়ৰ ৩৬৭২ গৰাকী ছাত্ৰ ছাত্ৰী এই বিশেষ আঁচনিৰ দ্বাৰা উপকৃত হ’ব।

    অনুষ্ঠানটিত তিনিও গৰাকী বিধায়কে নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰি বৰ্তমান চৰকাৰখনে ছাত্ৰ ছাত্ৰী সকলৰ সুচল যাতায়তৰ বাবে এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি এনে বিনামূলীয়া অভিলাষী আঁচনিৰে ছাত্ৰ ছাত্ৰী সকলক উপকৃত কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। ভাস্কৰজ্যোতি বৰাই আঁত ধৰা আৰু জিলাখনৰ কেইবাহাজাৰ ছাত্ৰ ছাত্ৰী উপস্থিত থকা এই অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আদৰনি ভাষন প্ৰদান কৰে। নাতিদীৰ্ঘ অনুষ্ঠানটিত বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, গহপুৰ পৌৰসভাৰ পৌৰপতি অতুল বৰা, পিছপৰা জাতি পৰিষদৰ উপাধ্যক্ষ ডা:ৰঞ্জন গগৈ, সমাজকৰ্মী দিগন্ত ঘাটোৱাৰ, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত তথা সৰ্বশিক্ষা অভিযান মিছনৰ জিলা মিছন সমন্বয়ক ধ্ৰুৱজ্যোতি দাস, অতিৰিক্ত জিলা আয়ুক্ত মানস কুমাৰ শইকীয়া, অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমনি বৰা, বিশ্বনাথৰ নিৰ্বাচনী বিষয়া প্ৰতীশা দত্ত, বিশ্বনাথৰ চক্ৰ বিষয়া তৃষ্ণা মিপুন, সহকাৰী আয়ুক্তসকল ক্ৰমে পুষ্পাংকৰ পাতিৰ, সৃষ্টি কলিতা, বিচিত্ৰা দাস, চয়নিকা হাজৰিকা আদিৰ লগতে শিক্ষক, শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু জিলা প্ৰশাসনৰ কৰ্মচাৰীসকল উপস্থিত আছিল ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds