31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    ইজিপ্টত খেলাৰ সুযোগ হেৰুৱা মিনাক্ষীয়ে পুনৰ লাভ কৰিলে সফলতা

    ইজিপ্টত খেলাৰ সুযোগ হেৰুৱা মিনাক্ষীয়ে পুনৰ
    লাভ কৰিলে সফলতা

    মথুৰাত অনুষ্ঠিত পাঞ্জা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকৰে জিলিকল বিশ্বনাথৰ মিনাক্ষী বৰুৱাআগ শাৰীৰ পাঞ্জা খেলুৱৈ দেবীনা বৰাৰ উদ্যোগৰ বাবেই এই সফলতাকেৱল আৰ্থিক দৈন্যতাৰ বাবে ইজিপ্টত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতালৈ যাব নোৱাৰা বিশ্বনাথৰ এগৰাকী পাঞ্জা খেলুৱৈ মীনাক্ষী বৰুৱাই পুনৰ ট্ৰেকলৈ ঘুৰি আহিছে।

    একালৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৰাকীক পুনৰ পাঞ্জা খেলিবলৈ ওভটাই আনি এক নিদৰ্শন ডাঙি ধৰিলে বিশ্বনাথৰ এগৰাকী আগ শাৰীৰ পাঞ্জা খেলুৱৈ দেবীনা বৰাই উল্লেখযোগ্য বৰ্তমান বিশ্বনাথৰ নৰ্থ ইষ্ট ৰয়েল গ্লবেল ইংলিছ স্কুলত সহায়িকা হিচাবে কৰ্মৰত মিনাক্ষী বৰুৱাই দেবীনা বৰাৰ অনুপ্ৰেৰণাৰ বাবে আৰু বিদ্যালয় কৰ্তৃপক্ষৰ উৎসাহৰ বাবে বিশ্বনাথ জিলা শৰীৰ চৰ্চা কেন্দ্ৰত নিত্য শৰ্মাৰ তত্বাৱধানত কেই দিন মান অনুশীলন কৰে।

    ফল স্বৰূপে আজি তেওঁ মথূৰাত অনুস্থিত হোৱা ৰাষ্ট্ৰীয় পাঞ্জা প্ৰ্তি্যোগিতাত (Master’s 50 kg category) ত ব্ৰ্ঞ্জ মেডেল পাই বিশ্বনাথলৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছে ।খেলুৱৈ গৰাকীৰ সাফল্যৰ বাবে নৰ্থ ইষ্ট ৰয়েল গ্লবেল ইংলিছ স্কুল কৰ্তৃপক্ষ, বিশ্বনাথ জিলা শৰীৰ চৰ্চা কেন্দ্ৰ আদি বিশ্বনাথৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন

     

    মিনাক্ষী বৰুৱা,বিশ্বনাথ জিলাৰ বৰঙা বাৰীৰ জীৱৰী খেলুৱৈ গৰাকী। স্বাধীনতা সংগ্ৰামত শ্বহীদ হোৱা কনকলতা বৰুৱাৰ পৰিয়ালৰ এই গৰাকী খেলুৱৈ।

    এটা সময়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল খেলুৱৈ গৰাকীয়ে ।

    পাঞ্জা যেন জীৱনৰ অংগ আছিল খেলুৱৈ গৰাকীৰ বাবে। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছিল খেলুৱৈ গৰাকী।

    অবিভক্ত শোণিতপুৰ জিলাৰ বহু কেইখন উচ্চ স্তৰৰ প্ৰতিযোগিতাত কেইবাটাও খিতাপ আজুৰি আনিছিল তেওঁ।বিশ্বনাথ জিলাৰ শৰীৰ চৰ্চা কেন্দ্ৰৰ প্ৰতিযোগিতাতো অংশ গ্ৰহণ কৰিছিল তেওঁ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলটো কৃতিত্ব অৰ্জন কৰিছিল মিনাক্ষীয়ে।

    ১৯৯৮ চনত কেৰেলাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশ গ্ৰহণ কৰিছিল এই গৰাকী খেলুৱৈয়ে।এই প্ৰতিযোগিতাত ৪৫ কি: গ্ৰা: শাখাত তেওঁ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অর্জন কৰে। যাৰ বাবে সুযোগ আহিল ইজিপ্ট যাত্ৰাৰ।

    এখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশ গ্ৰহণৰ সুযোগ লাভ অহাটো নিঃসন্দেহে গৰ্বৰ বিষয় এগৰাকী পাঞ্জা খেলুৱৈৰ বাবে।কিন্তু ঘৰৰ অৱস্থা অতি দুখীয়া হোৱাৰ বাবেই হাততে পায়ো হেৰুৱালে এই সুযোগ।তদানীন্তন অসম বিধান সভাৰ অধ্যক্ষ গণেশ কুটুমক লগ ধৰিছিল যদিও ফল নিদিলে।

    ২০০২চনৰ কোনোবা এটা দিনত বিবাহ পাশত আবদ্ধ হল বিশ্বনাথ চাৰিআলিৰ সাধৰু পাৰ গাঁৱৰ উৎপল বৰাৰ লগত। মিনাক্ষী বৰুৱা গৈ হল গৈ মিনাক্ষী বৰা। কিন্তু তাৰ পিছতো দৰিদ্ৰতাই লগ এৰা নাই তেওঁক।

    জীয়াই থকাৰ বাবে কৰিব লগীয়া কঠোৰ সংগ্ৰাম।নিজৰ ঘৰৰ খেতি খলাৰ উপৰি কেতিয়াবা আনৰ ঘৰতো কাম কৰিব লগা হৈছে এই গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে।

    একেদৰে স্বামীয়েও বেপাৰ বাণিজ্য ৰ উপৰি বেলেগৰ কাম কৰিব লগীয়া হৈছে। এনেদৰেই নিজৰ দুটা পুত্ৰ সন্তানক শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰি দিছে তেওঁলোকে। শেহতীয়াকৈ বিজেপি চৰকাৰ খনে খেলুৱৈৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে। খেলুৱৈ সকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে।

    তাক লৈ আশাবাদী তেওঁলোক।এইবাৰ কিবা এটা হব। স্থানীয় বিধায়ক ৰঞ্জিত দত্তকো কিবা এটা সহযোগ কৰাৰ বাবে অনুৰোধ জনাইছে।-কিন্তু এই দুৰ্ভগীয়া খেলুৱৈ গৰাকীয়ে আজি পৰ্যন্ত নাপালে চৰকাৰী সহযোগিতা।

    কেৱল আৰ্থিক দৈন্যতাৰ বাবে ইজিপ্টত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতালৈ যাব নোৱাৰা বিশ্বনাথৰ এগৰাকী পাঞ্জা খেলুৱৈ মীনাক্ষী বৰুৱাই পুনৰ ট্ৰেকলৈ ঘুৰি আহিয়েই লাভ কৰা সফলতা বিশ্বনাথৰ গৌৰৱ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds