31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালী ৰাংছালী দলনিত পৰিভ্ৰমী পক্ষী দুস্কৃতিকাৰীৰ কবলত/ তিনিজন পক্ষী নিধনকাৰীক আটক 

    বিহালী ৰাংছালী দলনিত পৰিভ্ৰমী পক্ষী দুস্কৃতিকাৰীৰ কবলত/
    তিনিজন পক্ষী নিধনকাৰীক আটক 

    অসম খবৰ বিশ্বনাথ ১৩ মাৰ্চ

    এতিয়া পৰিভ্ৰমী পক্ষীৰ ভ্ৰমণৰ সময় । মাৰ্চ-এপ্ৰিল মাহত দেশ-বিদেশৰ পৰা অসমৰ বিভিন্ন জলাশয় আৰু শইচৰ পথাৰলৈ আগমন ঘটে পৰিভ্ৰমী চৰাইৰ ।
    এই পৰিভ্ৰমণকাৰী চৰাইৰ জলকেলি আৰু খাদ্য অন্বেষণৰ দৃশ্যই আপ্লুত কৰে বহু লোকক । আচলতে দেশ- বিদেশৰ পৰা সাত সাগৰ, তেৰ নদী পাৰ হৈ বহুযোজন দূৰৰ পৰা পৰিভ্ৰমী চৰাই সমূহ আহি অস্থায়ী ভাৱে আশ্ৰয় লয় সিহঁ‌তৰ সুবিধামতে। সেইদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁ‌তিকাষৰীয়া অঞ্চল সমূহৰ কাষৰীয়া পথাৰ সমূহতো বিচৰণ কৰি থকাপৰিভ্ৰমী চৰাই সমূহৰ দৃশ‍্যই আপ্লুত কৰে বহু বাটৰুৱাক । কিন্তু এই পৰিভ্ৰমী চৰাই সমূহ এতিয়া পৰিছে দুস্কৃতিকাৰীয় কবলত ।
    বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ দাঁ‌তিকাষৰীয়া অঞ্চল আৰু বিহালী সংৰক্ষিত বনাঞ্চলৰ দাঁ‌তিকাষৰীয়া অঞ্চলৰ পথাৰ সমূহত বিগত কেইবাবছৰ ধৰি শ-শ পৰিভ্ৰমী চৰাই পথাৰ তথা জলাশয়ত খাদ্য সন্ধানত থকাৰ উমান পাই এটা দুস্কৃতিকাৰীৰ দলে খাদ্যবস্তুৰ লগত বিহ ঢালি বহু পৰিভ্ৰমী চৰাই হত্যা কৰি ভক্ষণ কৰি আহিছে । ইফালে শুক্ৰবাৰ আৰু মঙ্গলবাৰে বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংছালী-দলনী পথাৰত কোনো দুস্কৃতিকাৰীয়ে বিহ ঢালি হত্যা কৰা কেইবাটাও পক্ষী উদ্ধাৰ হোৱাত প্ৰকৃতিপ্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত তৎপৰ হয় পূৱ-শোণিতপুৰ বন সংমণ্ডল বিষয়া বিশ্বজিৎ দাস । ইফালে পূৱ শোণিতপুৰ বন সংমণ্ডল বিষয়া বিশ্বজিৎ দাসৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে পুৱতি নিশা পৰিভ্ৰমী চৰাই হত্যা কাৰীৰ সন্ধানত গৈ আজি তিনিটা দুস্কৃতিকাৰীক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে পূৱ শোণিতপুৰ বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত।
    বন বিভাগে আটক কৰা তিনি পক্ষী নিধনকৰা দুস্কৃতিকাৰী ক্ৰমে বিহালী-ৰাংছালী সাধুবস্তিৰ বসন্ত প্ৰধান, ৰাংছালী-দলনীৰ দাদু বৰা, আৰু বুবুল শইকীয়া।
    তিনিও জনকে বৰ্তমান সোধ -পোছ অব্যাহত ৰাখিছে বন বিভাগে । যদিহে বনৰক্ষী আৰু বন বিষয়াৰ জেৰাত দোষীয়ে সত্য স্বীকাৰ কৰে, তেন্তে আৰু অধিক তথ্য উদ্ধাৰ কৰিব পৰা যাব বুলি প্ৰকৃতিপ্ৰেমী সকলে মতপ্ৰকাশ কৰিছে ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds