31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    কেৰিয়াৰ পৰামৰ্শ কোষ গঠনৰ বাবে বাজেটত ধন আবণ্টন কৰিব লাগে

    মাননীয় সম্পাদক মহোদয়,
    ৰাজ্যৰ ৰাজহুৱা পুথিভঁৰালসমূহত কেৰিয়াৰ পৰামৰ্শ কোষ গঠনৰ বাবে চৰকাৰে বাজেটত ধন আবণ্টন কৰিব লাগে, যাতে কেৰিয়াৰ সম্পৰ্কীয় নিৰ্বাচিত কিতাপ, গাইড, বাতৰি কাকত, আলোচনী আদি পুথিভঁৰাল সঞ্চালকালয়ে ক্ৰয় কৰি সকলোবিলাক জিলা আৰু মহকুমা পুথিভঁৰালক যোগান ধৰিব পাৰে। কেৰিয়াৰ পৰামৰ্শ কোষৰ যোগেদি নিয়মীয়াকৈ বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলক নিমন্ত্ৰণ কৰি কেৰিয়াৰ কাউন্সেলিঙ অনুষ্ঠানৰ আয়োজন কৰিব লাগে, যাতে ইয়াৰ যোগেদি যুৱক-যুৱতীসকলে প্ৰত্যক্ষভাৱে বিশেষজ্ঞসকলৰ পৰা পৰামৰ্শ লাভ কৰিব পাৰে। কেৰিয়াৰ পৰামৰ্শ কোষক ডিজিটেল প্লেটফৰ্মৰ সৈতে সংযুক্ত কৰাৰ ব্যৱস্থা কৰিলেও অনলাইনৰ যোগেদি যুৱক-যুৱতী সকলে কেৰিয়াৰ সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হব। এইসমূহ পদক্ষেপে ৰাজ্যখনৰ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাব বুলি আশা কৰিব পাৰি।

    ড° বুলজিৎ বুঢ়াগোহাঁই,
    আজাৰা, গুৱাহাটী -৭৮১০১৭
    ফোন: ৯৪৩৫১৮৮৬৩০
    ই-মেইল: buljit@gmail.com
    www.buljit.com

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds