31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    জয়ন্ত বৰাক পৰিভ্ৰমী চৰাই আখ্যা..মন্ত্ৰী হাজৰিকা

    বিহালীৰ সংখ্যালঘু অঞ্চলত ৰণদংকা মন্ত্ৰী পীযুষ হাজৰীকাৰঃ জয়ন্ত বৰাক পৰিভ্ৰমী চৰাই আখ্যা…

    অসম খবৰ বিহালী ১৮ অক্টোবৰ ২০২৪:
    বিহালী বিধানসভা সমষ্টিত উপ নিৰ্বাচনী বতাহ তুংগত উঠিছে। বিৰোধী দলতকৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত শাসক পক্ষ অধিক সক্ৰিয় হৈ পৰা দেখা গৈছে।

    বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে এইবাৰ বিহালী সমষ্টিত বিজেপি দলৰ হৈ মূখ্য ভুমিকা গ্ৰহণ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে বিহালী সমষ্টিত বাহৰ পাতি লৈছে মন্ত্ৰীগৰাকীয়ে।

    আজি মন্ত্ৰীগৰাকীয়ে বিধায়ক দিগন্ত কলিতা, সাংসদ ৰঞ্জিত দত্তকলৈ সংখ্যালঘু অধ্যুষিত অঞ্চল বাঘমাৰিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি বিহালী সমষ্টিৰ পৰা কোনো কাৰনতে কংগ্ৰেছ জয় হ’ব নোৱাৰে বুলি উল্লেখ কৰাৰ লগতে মুছলমানসকলৰ ভোটসমূহ নষ্ট নকৰিবলৈ আহ্বান জনাই।

    যোৱা বিধানসভা নিৰ্বাচনত বিহালীৰ পৰা নিৰ্দলীয় ভাবে প্ৰতিদ্বন্দিতা কৰি পুনৰ বিজেপিত যোগদান কৰা জয়ন্ত বৰাই আজি বিজেপি দল ত্যাগ কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, জয়ন্ত বৰা হ’ল পৰিভ্ৰমী চৰাই। যাৰ লক্ষ্যই হ’ল টিকত, তেনে ব্যক্তিক কোনে ৰাখিব?

    বিহালীত প্ৰাৰ্থী দিবলৈ কংগ্ৰেছৰ মানুহ নাই বাবেই জয়ন্ত বৰাৰ দৰে ব্যক্তিক দলীয় টিকত দিয়াৰ চিন্তা চৰ্চা কৰিছে। বিহালীত কংগ্ৰেছৰ তাতেই প্ৰথম পৰাজয়। কংগ্ৰেছৰ চূড়ান্ত পৰাজয় নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা হ’ব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds