31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ খণ্ডত গাঁথনিগত আৰু নতুনত্ব প্ৰক্ৰিয়াত অনুমোদন

    বিনিয়োগক উৎসাহিত কৰিবলৈ টেলিকম খণ্ডত স্বয়ংক্ৰিয় পথৰ অধীনত ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ (এফডিআই) অনুমতি দিয়া হৈছে।

    ●কেন্দ্ৰীয় কেবিনেটে আজি টেলিকম খণ্ডত কেইবাটাও গাঁথনিগত আৰু প্ৰক্ৰিয়া নবীকৰণত অনুমোদন জনাইছে।

    যাৰ ফলস্বৰূপে নিযুক্তিৰ সুযোগ সুৰক্ষিত আৰু পদৰ সৃষ্টি কৰিব, সেৱা খণ্ডৰ উন্নয়ন বৃদ্ধি কৰিব, গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰিব, বিনিয়োগক উৎসাহিত কৰাৰ লগতে টেলিকম সেৱা প্ৰদানকাৰীৰ ওপৰত নিয়ামক বোজা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।

    এনেধৰনৰ সংস্কাৰমূলক পদক্ষেপসমূহে ব্ৰডবেণ্ড আৰু টেলিকম সংযোগৰ প্ৰসাৰতাক অধিক বৃদ্ধি কৰিবলৈ সক্ষম হব।

    কেবিনেটৰ এই সিদ্ধান্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক শক্তিশালী টেলিকম খণ্ডৰ দৃষ্টিভংগীক আৰু শক্তিশালী কৰি তুলিছে।

    কেবিনেট বৈঠকৰ পিছত সাংবাদিকসকলক অৱগত কৰি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, এই পেকেজটোৱে ৪জি প্ৰসাৰ বৃদ্ধি কৰিব, তৰলতা বৃদ্ধি কৰিব আৰু ৫জি নেটৱৰ্কত বিনিয়োগৰ বাবে এক সক্ষম পৰিৱেশ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

    লগতে তেওঁ কয় যে, টেলিকম সেৱা প্ৰদানকাৰীসকলৰ বাবে ৯ টা গাঁথনিগত সংস্কাৰ আৰু ৫ টা প্ৰক্ৰিয়াগত সংস্কাৰৰ লগতে সাহায্যব্যৱস্থাক গ্ৰহণ কৰা হৈছে।

    বিনিয়োগক উৎসাহিত কৰিবলৈ টেলিকম খণ্ডত স্বয়ংক্ৰিয় পথৰ অধীনত ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ (এফডিআই) অনুমতি দিয়া হৈছে।

    ইয়াৰোপৰি স্পেকট্ৰাম নিলামৰ কাৰ্যকাল ২০ ৰ পৰা ৩০ বছৰলৈ বৃদ্ধি কৰা হৈছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds