31.3 C
Guwahati
Sunday, January 25, 2026
More

    Trending Now:

    বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান

    সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী...

    শেহতীয়া আপডেটঃ

    ICC World Cup 2023 ৱাংখেড়েত ২০১৯ ৰ পোতক তুলিলে ভাৰতে। কিৱি বাহিনীক পৰাস্ত কৰি বিশ্বকাপ ২০২৩ ৰ ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়া।

    ICC World Cup 2023
    ৱাংখেড়েত ২০১৯ ৰ পোতক তুলিলে ভাৰতে। কিৱি বাহিনীক পৰাস্ত কৰি বিশ্বকাপ ২০২৩ ৰ ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়া।

    ডিজিটেল ডেস্ক-১৫ নৱেম্বৰ২০২৩ :

    ইণ্ডিয়া ক্ৰিকেট দলে বুধবাৰে ৱাংখেড়ে ষ্টেডিয়ামত এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ ৰ ছেমিফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰাই নহয় ৪ বছৰ পূৰ্বৰ পৰাজয়ৰ যেন পোতক তুলিলে দল ইণ্ডিয়াই৷

    ২০১৯ বিশ্বকাপৰ ছেমি ফাইনেলত নিউজীলেণ্ডে পৰাস্ত কৰিছিল ভাৰতক ৷ বুধবাৰে ৰোহিত বাহিনীয়ে যেন তাৰেই যোগ্য প্ৰত্যুত্তৰ দিলে নিউজীলেণ্ডেক ।

    ৩৯৮ ৰাণৰ বৃহৎ লক্ষ্য বান্ধি দি কিৱি বাহিনীক ৭০ ৰাণৰ ব্যৱধানত পৰাস্ত কৰিলে টীম ইণ্ডিয়াই ৷

    ৰোহিত-গিলৰ বিস্ফোৰক আৰম্ভণি কোহলী-শ্ৰেয়াসৰ দৰ্শনীয় শতকৰ সহায়ত ভাৰতে নিউজীলেণ্ডক নিৰ্ধাৰিত ৫০ অভাৰত জয়ৰ বাবে ৩৯৮ ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷

    ৰাণ অনুসৰণ কৰিবলৈ আহি নিউজীলেণ্ডৰ দুই অপেনাৰ ডেভন কনৱে’ আৰু ৰাচিন ৰবীন্দ্ৰন ৩৯ ৰাণতে আউট হয় যদিও অধিনায়ক কেন উইলিয়ামচন আৰু মিচেলৰ যুটিয়ে ভাৰতীয় বলাৰক দিশহাৰা কৰি তোলে ৷ লাহে লাহে নিউজীলেণ্ডৰ স্ক’ৰ বাঢ়ি গ’ল আৰু খেলখন যেন ভাৰতৰ হাতৰ পৰা ওলাই গৈ থাকিল ৷ কিন্তু দুয়োগৰাকী বিস্ফোৰক বেটচমেনকে ২২০ ৰাণ হোৱাৰ সময়ত পেভিলিয়নৰ ৰাস্তা দেখুৱাই দিলে ভাৰতীয় দুৰ্দান্ত বলাৰ মহম্মদ ছামীয়ে ৷ কেনে ৬৯ আৰু মিচেলে ১৩৪ ৰ বিস্ফোৰক ইনিংছ খেলে ।

    https://m.facebook.com/story.php?story_fbid=pfbid02Brdb5WyBibUWVT2zgXAaixFz5a6a1gLXtH49vCa8LLknfsAMXGtF9Z2pkUsXCYGil&id=100064649201164&mibextid=Nif5oz

    টম লাথামেও কোনো ৰাণ নকৰাকৈয়ে আউট হয় ৷ ফিলিপে বিস্ফোৰক ৰূপ দাৰণ কৰিলেও বেছি সময় টিকিবলৈ নাপালে বুমৰাহৰ বলত বাউণ্ডৰীত এটা সুন্দৰ কেচ ধৰি জাডেজাই ফিলিপক ওভটাই পঠিয়ায় ৷ ছান্টনাৰ, ফাৰ্গুচনো বিফল হয় দলক জয়ী কৰোৱাত ৷ ৪৮.৫ অভাৰত ৩২৭ ৰাণ কৰি অল আউট হয় কিৱি বাহিনী ৷

    ভাৰতীয় বলাৰে আজি বেছি ৰান খৰচ কৰিলেও ৰোহিত শৰ্মাৰ ভৰসাৱান হৈ উঠিল ছামী ৷ ছামীয়ে ৯.৫ অভাৰত ৫৮ টা খৰচ কৰি নিউজীলেণ্ডৰ ৭ টাকৈ উইকেট দখল কৰে ৷

    এই দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে ছামীক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয় ৷ ছামীয়ে এই টুৰ্ণামেন্টত বৰ্তমানলৈকে ২৩ টা উইকেট দখল কৰিছে ৷
    টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ ভাৰতে আৰম্ভণিৰ পৰাই অধিনায়ক ৰোহিত শৰ্মা আৰু শুভমন গীলৰ বিস্ফোৰক আৰম্ভণিৰ সহায়ত বিশাল স্কৰৰ দিশে আগবাঢ়ি যায় ৷ অধিনায়ক ৰোহিত শৰ্মাই ২৯ টা বলত ৪৭ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হোৱাৰ বিপৰীতে শুভমন গীলে আঘাটৰ বাবে কেলপথাৰ ত্যাগ কৰিব লগীয়া হয় ৷ অৱশ্যে সূৰ্যকুমাৰ যাদৱৰ উইকেটৰ পতনৰ পাছত পুনৰ ক্ৰীজলৈ আহি শুভমন গীলে ৬৬ টা বলত ৮০ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷

    ইফালে আজিৰ এই মেচতে তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে গঢ়ে এক অনবদ্য অভিলেখ ৷ আজিৰ মেচখনত শতক অৰ্জন কৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 50 টা শতক অৰ্জন কৰা খেলুৱৈত পৰিণত হয় কোহলী ৷ এই শতক অৰ্জনেৰে বিৰাট কোহলীয়ে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে ৷ বিৰাট কোহলীয়ে ১১৩টা বলত ১১৭ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে আৰু টীম চাউথীৰ বলত পেভিলিয়নমুখী হয় ৷ আনহাতে শ্ৰেয়াছ আয়াৰেও নিজৰ স্বাভাৱ সুলভ প্ৰদৰ্শনেৰে মাত্ৰ ৭০ টা বলতে ১০৫ ৰাণৰ এক দুৰ্দান্ত ইনিংছ খেলে ৷ কে এল ৰাহুলে ২০ টা বলত ৩৯ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷

    https://m.facebook.com/story.php?story_fbid=pfbid0Y8Vre6jrjzAVtvhdEgey129hx1c6jqPvAzASfseZdwCziesrSVncuLob7TBXJAHfl&id=100064649201164&mibextid=Nif5oz

    নিউজীলেণ্ডৰ হৈ টীম চাউথীয়ে সাৰ্বাধিক ৩ টা উইকেট দখল কৰে ৷ ট্ৰেন্ট বৌল্টে দখল কৰে ১ টা উইকেট ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds