31.3 C
Guwahati
Sunday, January 25, 2026
More

    Trending Now:

    বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান

    সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী...

    শেহতীয়া আপডেটঃ

    ৯ আগষ্ট পৰা ১১ আগষ্টলৈ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বি এ আই চি প্ৰদৰ্শনী

    ৯ আগষ্ট পৰা ১১ আগষ্টলৈ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বি এ আই চি প্ৰদৰ্শনী

    বি এ আই চি প্ৰদৰ্শনীত দেখা যাব ভৱন, স্থাপত্য, আভ্যন্তৰীণ সজ্জা আৰু নিৰ্মাণখণ্ডত উপলব্ধ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ নিদৰ্শনসমূহ

    অসম খবৰ গুৱাহাটী ২ আগষ্ট, ২০২৪:

    ৫,০০০ ৰো অধিক ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰ, ১০০তকৈয়ো অধিক প্ৰদৰ্শক, ৩০০তকৈয়ো নিৰ্মাতা আৰু ডেভেলপাৰ আৰু প্ৰায় ৭,০০০ অংশগ্ৰহণকাৰীৰ উপস্থিতিৰে উত্তৰ-পূব ভাৰতৰ নিৰ্মাণ সামগ্ৰী, স্থাপত্য, আভ্যন্তৰীণ ডিজাইন আৰু নিৰ্মাণখণ্ডৰ সৰ্ববৃহৎ সঙ্গম – বি এ আই চি প্ৰদৰ্শনী – ৯, ১০ আৰু ১১ আগষ্টত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’ব। এই বিশাল প্ৰদৰ্শনীখনে ভাৰতৰ শীৰ্ষ স্থাপত্যৰ আশ্চৰ্য, নিৰ্মাণ সামগ্ৰী কোম্পানী আৰু ডিলাৰ, ডিজাইনাৰ, নিৰ্মাতা, পৰামৰ্শদাতা, অভিযন্তা, প্ৰকল্প প্ৰৱন্ধক, চৰকাৰী বিষয়া আৰু উৎসাহী লোকসকলক একত্ৰিত কৰিব।

    বি এ আই চিৰ সম্পূৰ্ণ অৰ্থ হৈছে বিল্ডিং, আৰ্কিটেকচাৰ, ইণ্টেৰিয়ৰ ডিজাইন, আৰু কনষ্ট্ৰাকশ্যন।

    শুক্ৰবাৰে গুৱাহাটীৰ Hotel Gateway Grandeur  এখনি সংবাদমেল সম্বোধন কৰি বি এ আই চিৰ প্ৰতিষ্ঠাপক নেহা মালহোত্ৰা আৰু মালক্ষ্মী সিন্‌হা (মিলি)ই এই প্ৰদৰ্শনীক সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ এক অনন্য আৰু অভূতপূৰ্ব অনুষ্ঠান বুলি অভিহিত কৰে। তেওঁলোকে গুৰুত্ব আৰোপ কৰি কয় যে, এই প্ৰদৰ্শনীখনে ব্যৱসায়িক লেনদেনৰ বাবে অনুঘটক আৰু উদ্ভাৱনী সমাধানৰ কেন্দ্ৰ হিচাপে কাম কৰে, যিয়ে উদ্যোগটোৰ সকলো অংশীদাৰৰ বাবে এখন সৰ্বাংগীন মঞ্চ আগবঢ়ায়।

    প্ৰতিষ্ঠাপকসকলে কয়, “উত্তৰ-পূৰ্বাঞ্চলে সদায় এক ব্যাপক কেন্দ্ৰীভূত সমাধান বিচাৰি আহিছে আৰু এই সামূহিক প্ৰচেষ্টাই নিঃসন্দেহে ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ বাবে অপৰিসীম লাভালাভ কঢ়িয়াই আনিব।” তেওঁলোকে লগতে কয় যে, এই অনুষ্ঠানটো নিৰ্মাণ সামগ্ৰী নিৰ্মাতা, উত্তৰ-পূব ভাৰতৰ ডিলাৰ, স্থপতিবিদ, আভ্যন্তৰীণ ডিজাইনাৰ, ঠিকাদাৰ, পৰামৰ্শদাতা, যোগানকৰ্তা আৰু প্ৰকল্প অভিযন্তাসকলৰ বাবে আদৰ্শ। এই অঞ্চলৰ বাবে সম্পূৰ্ণ নতুন নিৰ্মাণ আৰু আভ্যন্তৰীণ ডিজাইনৰ শেহতীয়া প্ৰৱণতাৰ বিষয়ে অৱগত হৈ থাকিব বিচৰাসকলকো এই অনুষ্ঠানে যথেষ্ট সহায় কৰে। তদুপৰি, এই অনুষ্ঠানটোৱে বৰ্তমান নিজৰ সপোনৰ ঘৰ এটি নিৰ্মাণ কৰিব খোজা ব্যক্তিসকলৰ বাবে মূল্যৱান অন্তৰ্দৃষ্টি আৰু সম্পদ প্ৰাপ্ত কৰাৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰে।

    কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ চৰকাৰৰ উদ্যোগ ও সাংস্কৃতিক মন্ত্ৰী  বিমল বৰা, সঞ্জয় কিষাণ, মন্ত্ৰী অশোক সিংঘল আৰু জন স্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৯ আগষ্ট তাৰিখে প্ৰদৰ্শনীৰ উদ্বোধনৰ অনুষ্ঠানত  অতিথি হিচাপে উপস্থিত থাকিব বুলি সংবাদ মেলত উল্লেখ কৰে। উল্লেখযোগ্য সংবাদ মেলত উপস্থিত থকা  আৰ্কিটেক্ট এছ’চিয়েশ্যন অৱ আসামৰ সভাপতি এ আৰ ৰঞ্জিত বৰুৱা, স্থপতিবিদ ৰাণা মহন্ত, গ্ৰোটো ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক ধৰ্মেন্দ্ৰ গাৰ্গ, বিল্ডাৰছ এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ অসম শাখাৰ সভাপতি বিজয় সৰাফ, নিৰ্মাতা-হোটেল ব্যৱসায়ী মৃগাঙ্ক হাজৰিকা আৰু অভ্যন্তৰীণ ডিজাইনাৰ ৰণজিৎ শৰ্মাৰ লগতে ষ্টাৰ চিমেণ্টৰ মুখ্য বিজনেছ ডেভেলপমেণ্ট অৰিন্দম আচাৰ্য উপস্থিত হৈ নিজৰ নিজৰ মন্দিৰ প্ৰকাশ কৰে।

    বি এ আই চি প্ৰদৰ্শনীত অংশগ্ৰহণকাৰীসকলে অন্তৰ্দৃষ্টিপূৰ্ণ আলোচনা চক্ৰ, ব্যৱহাৰিক কৰ্মশালা আৰু উদ্যোগ বিশেষজ্ঞ তথা অভিজ্ঞ নেতাসকলৰ লগত আকৰ্ষণীয় পেনেল আলোচনাৰ দৰে বিভিন্ন কাৰ্যকলাপৰ সৈতে নিজকে সংযুক্ত কৰিব পাৰে। বি এ আই চি প্ৰদৰ্শনীৰ কেন্দ্ৰবিন্দু হ’ব পেনেল আলোচনা, য’ত স্থাপত্য, আভ্যন্তৰীণ ডিজাইন, নিৰ্মাণ আৰু নিৰ্মাণখণ্ড সামগ্ৰীৰ আগশাৰীৰ বিশেষজ্ঞসকল উপস্থিত থাকিব। অংশগ্ৰহণকাৰীসকলে বহনক্ষম নিৰ্মাণ পদ্ধতি আৰু স্মাৰ্ট প্ৰযুক্তিৰ একত্ৰীকৰণৰ লগতে উদ্ভাৱনীমূলক সমাধান প্ৰদৰ্শন কৰা বাস্তৱিক বিষয়বস্তু অধ্যয়নৰ দৰে উদীয়মান উদ্যোগিক প্ৰৱণতাৰ ক্ষেত্ৰত গভীৰ অন্বেষণ আশা কৰিব পাৰে। এই অধিৱেশনবোৰ ভাৱ-বিনিময়মূলক হ’ব, য’ত বক্তাসকলৰ সৈতে সকলোৱে পোনপটীয়াকৈ প্ৰশ্নোত্তৰৰ সুযোগ লাভ কৰিব।

    প্ৰদৰ্শনী ক্ষেত্ৰখনত আগশাৰীৰ নিৰ্মাতা আৰু সেৱা প্ৰদানকাৰীসকলে তেওঁলোকৰ অত্যাধুনিক সামগ্ৰী আৰু সেৱাসমূহ প্ৰদৰ্শন কৰিব। এই প্ৰদৰ্শনী স্থানটোৱে উদ্যোগৰ পেছাদাৰীসকলৰ বাবে নতুন সমাধান আৱিষ্কাৰ কৰা, শেহতীয়া উদ্ভাৱনবোৰ অন্বেষণ কৰা আৰু ব্যৱসায়িক অংশীদাৰীত্ব তথা সহযোগিতা বৃদ্ধি কৰাৰ বাবে এক বজাৰ-কেন্দ্ৰ হিচাপে কাম কৰিব, যাৰ ফলত ই সকলো অংশগ্ৰহণকাৰীৰ বাবে এক অমূল্য অনুষ্ঠান হৈ পৰিব।

    কিছুমান শীৰ্ষ অংশগ্ৰহণকাৰী সংগঠন হৈছে গ্ৰোটো ইণ্ডিয়া প্ৰাইভেট লিমিটেড, ইয়াহভি, নিকিতা বঞ্চাল ডিজাইন, পূৰ্বাঞ্চল উড, পিকক কিচেনছ, ইউ বি ডি টেকন’লজিছ, জে এম শ্বেডছ, লেমিনেক্স/ইউ এফ চি ইণ্টাৰনেচনেল, খৈটান/ফেডাৰ লাইট, মানাগ্লাম এছ’চিয়েটছ, ইণ্টেৰিয়ৰ এৰা, হোমছ টু লাইফ, লিংগেল উইণ্ডোচ/ ঋষিকা, কে এ ডিজাইনচ, এ কে এচ, ক্ৰেটলাইফ, আৰ্থ এণ্ড উই, মিনাক্ষী পলিমাৰ্ছ প্ৰাইভেট লিমিটেড, টাৰ্মাকিল, কলষ্টোন বাথ, শ্বেভ্ৰন আৰ্বান এল এল পি, ষ্টাৰ চিমেণ্ট, জেনলিটজ, শ্বিনাৰ্জি এপ্লায়েন্স, ব্লুমচ ইণ্ডিয়া, হাৰ্ডউইন, টাক্স হোমচ, পালৰাম, বীৰেন্দ্ৰ টেক্সটাইলছ, হাফেল/ আই এছ এ আই ডি, ষ্টাৰ্লিং, ডুৰলাম, ৰামকো ইণ্ডাষ্ট্ৰিজ, বি আই চি, এ আই পি এল, কিৰ্বি,  শ্ৰীগণপতি এপ্লায়েন্স, হেল্থ এণ্ড ফিটনেছ, পেৰামাউণ্ট, পিবিস্পেনাৰ, শিৱম ভেঞ্চাৰ, মোজিঅ’ চিৰামিকচ প্ৰাইভেট লিমিটেড, টাজ ৰুফিং, এছ বি এম ৰুফিং, নীলগিৰি, অশোক হাৰ্ডৱেৰ, এপেক্স বিল্ডিং চিষ্টেম, এলভক্স এলিভেটৰ, প্লেটো বাথ, ইনভোগ বিল্ডিং, জয়ন্তী চিত্ৰকাৰ আৰু এ আৰ চি ইনচুলেটৰ্ছ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds