31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    আপুনি গুগুল ক্ৰ’ম ব্ৰাউজাৰ ব্যৱহাৰ কৰে নেকি? এতিয়াই আপডেট কৰক, সতৰ্কবাৰ্তা জাৰী কৰিছে গুগলৰ পৰা

    গুগলে এটা গুৰুত্বপূৰ্ণ ফিক্স মুকলি কৰিছে। কোম্পানীটোৱে সকলো ব্যৱহাৰকাৰীক সতৰ্ক কৰি দিছে। গুগলে এই ফিক্সটো সকলো ক্ৰ'ম ব্যৱহাৰকাৰীলৈ প্ৰেৰণ কৰিব।

    আপুনি গুগল ক্ৰ’ম ব্ৰাউজাৰ ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত, আপুনি এই প্ৰতিবেদন এবাৰ পঢ়িব লাগিব।
    মোবাইল, লেপটপ বা কম্পিউটাত উপলদ্ধ গুগল ব্ৰউজাৰ। জানিব পৰা মতে গুগল ব্ৰাউজাৰৰ গুগল ক্ৰ’মৰ সুৰক্ষা ৰক্ষাত খেলিমেলি হৈছে। যাৰ বাবে গুগলত বিশ্বজুৰি ২ বিলিয়ন ক্ৰ’ম ব্যৱহাৰকাৰীক প্ৰভাৱিত হ’ব পাৰে। গুগলে শেহতীয়াকৈ এটা ব্লগ পোষ্টৰ জৰিয়তে এই প্ৰতিবেদন প্ৰকাশ কৰিছে।

    গুগলে উল্লেখ কৰি কৈছিল যে, ক্ৰোমে বছৰটোৰ ১১ তম ‘জিৰো ডে’ প্ৰতিবেদন লাভ কৰিছিল। ই সমগ্ৰ বিশ্বৰ লিনাক্স, মেকঅ’এছ আৰু উইণ্ডোচত গুগল ব্যৱহাৰকাৰীসকলক প্ৰভাৱিত কৰিব পাৰে।

    কিন্তু কি এই শূন্য দিৱসৰ অৰ্থ কি?

    গুগলে যিকোনো সুৰক্ষামূলক সমস্যা তৎক্ষণাৎ মেৰামতি কৰে। কিন্তু যদি হেকাৰ এজনে সেই পেজ মুকলি হোৱাৰ আগতে ইয়াক ব্যৱহাৰ কৰি আক্ৰমণ কৰে, ইয়াক জিৰো ডে এক্সপ্লয়েট বুলি কোৱা হয়।

    এইটো আন নিৰাপত্তাৰ ত্ৰুটিতকৈ অধিক ভয়ানক। কিয়নো হেকাৰসকলে চিভিই-2021-37973 ত্ৰুটি ব্যৱহাৰ কৰি কৰিব পৰা সুৰক্ষা উলংঘনৰ বিষয়ে জানিব পাৰিছে।

    গুগলে লগতে জনাইছে যে, কোম্পানীটোৱে ব্যৱহাৰকাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা চলাই আছে। সেয়েহে তেওঁলোকে চিভিই-2021-37973 ত্ৰুটিৰ বিৱৰণৰ বিষয়ে সকলো তথ্য গোপনীয় ৰাখিছে। গুগলৰ কৰ্মচাৰীসকলেও বিচাৰি পাইছে যে সুৰক্ষামূলক জালখন ইতিমধ্যে ভাঙি পেলোৱা হৈছে।

    গুগলে বিপদাশংকাৰ ক্ষেত্ৰত ইয়াক ‘উচ্চ’ বুলি অভিহিত কৰিছে। অৰ্থাৎ, এইটো অতি চিন্তাৰ বিষয়। শেহতীয়া শূণ্য দিৱস হৈছে এই বছৰৰ ১১ সংখ্যক ব্যৱহাৰ-বিনামূলীয়া ইউএএফ। চলিত ছেপ্টেম্বৰত , এনে ১০ টা ইউ.এ.এফ. ক্ৰ’মলৈ বিচাৰি উলিওৱা হৈছিল। ফলস্বৰূপে, ক্ৰ’মৰ সুৰক্ষাৰ বিষয়ে সমগ্ৰ বিশ্বতে আশংকা বৃদ্ধি পাইছে।

    কিন্তু গুগলে এটা গুৰুত্বপূৰ্ণ ফিক্স মুকলি কৰিছে। কোম্পানীটোৱে সকলো ব্যৱহাৰকাৰীক সতৰ্ক কৰি দিছে। গুগলে এই ফিক্সটো সকলো ক্ৰ’ম ব্যৱহাৰকাৰীলৈ প্ৰেৰণ কৰিব।

    আপোনাৰ ক্ৰ’ম সুৰক্ষিত নে, কিদৰে জানিব?

    ক্ৰ’মৰ সোঁফালে থকা তিনিটা বিন্দুত ক্লিক কৰক। তাৰ পিছত ছেটিংছে গুগল ক্ৰ’মৰ বিষয়ে > সহায় >। এতিয়া পৰীক্ষা কৰক যে আপোনাৰ ক্ৰ’ম সংস্কৰণ 94.0.4606.61 বা অধিক।

    ফাইল ফটো

    যদি সেয়া আছে, আপুনি সুৰক্ষিত। যদি তেনে নহয়, আপডেট কৰক। প্ৰয়োজন হ’লে ক্ৰ’মৰ অফিচিয়েল ছাইটৰ পৰা ক্ৰ’ম নতুনকৈ ইনষ্টল কৰক।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.