দিহিং পাটকাইৰ প্ৰস্তাৱিত চালেকি সংৰক্ষিত বনাঞ্চলত কয়লা খননৰ গোচৰ সংক্ৰান্তত শপতনামা দাখিল কৰিব নোৱাৰিলে অহা ১৪ ফ্ৰেব্ৰুৱাৰীত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান সোঁশৰীৰে হাজিৰ হ’ব লাগিব আদালতৰ মজিয়াত। ২৯/২০২০ নম্বৰৰ এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ আজি শুনানী লৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ মালশ্ৰী নন্দীৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰিছে। চালেকি সংৰক্ষিত বনাঞ্চলত কয়লা খননৰ বাবে কʼল ইণ্ডিয়া লিমিটেডক দিয়া অনুমোদনৰ বিৰুদ্ধে অধিৱক্তাসহ দুজনকৈ লোকে উচ্চ ন্যায়ালয়ত এই ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল। কিন্তু এই গোচৰত আদালতৰ নিৰ্দেশৰ পিছতো চৰকাৰে শপতনামা দাখিল কৰা নাছিল। এনে পৰিস্থিতিত আজি অনুষ্ঠিত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখনৰ শুনানীলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে অহা ১৪ ফ্ৰেব্ৰুৱাৰীৰ পুৱা ১০.৩০ বজাত প্ৰধান সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান আদালতৰ মজিয়াত সোঁশৰীৰে হাজিৰ হ’ব লাগিব। অৱশ্যে ১৩ ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত যদি শপতনামা দাখিল কৰিব পাৰে তেন্তে বিষয়া দুগৰাকী হাজিৰ নহ’লেও হ’ব বুলি ন্যায়ালয়ে নিৰ্দেশনাত উল্লেখ কৰিছে।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg