31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালীৰ বিহমাৰীত টে’ট্ শিক্ষকক বিদায় সম্বৰ্ধনা

    বিহালীৰ বিহমাৰীত টে’ট্ শিক্ষকক বিদায় সম্বৰ্ধনা

    অসম খবৰ
    বেদেতী ৩ আগষ্ট

    বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত বিহমাৰী মণ্ডল সমল কেন্দ্ৰৰ ননকে বিহমাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী (টে’ট) শিক্ষক জিন্টু জৰাধৰাক কালি বদলি সুত্ৰে যোৰহাটলৈ যোৱাত বিদায় সম্বৰ্ধনা জনোৱা হয় । বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলে জিন্টু জৰাধৰাক ফুলৰ মালা, গামোচা, শৰাই-সঁ‌ফুৰা, ধাকা টুপী আদিৰে বিদায়ী শিক্ষক গৰাকীক বিদায় সম্বৰ্ধনা জনায় ।
    বিগত ২০১২ বৰ্ষৰ জুন মাহৰ পৰা শিক্ষক হিচাপে কৰ্তব্যত যোগদান কৰা জৰাধৰাই অঞ্চলটোৰ শৈক্ষিক আৰু সামাজিক উত্তৰণৰ দিশত যথেষ্ট বৰঙনি যোগাই ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক তথা স্থানীয় ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল । জৰাধৰাই বিহমাৰী আৰু বনগাঁ‌ও মণ্ডল সমল কেন্দ্ৰৰ শিক্ষক প্ৰশিক্ষণৰ ‘সমল ব্যক্তি’ আৰু ‘কী সমল ব্যক্তি’ হিচাপে শিক্ষক সমাজক সহযোগিতা আগবঢ়াইছিল ।
    বিদায় সম্বৰ্ধনা সভাত শুক্ষক গৰাকীক প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে ভৰি চুই সেৱা কৰি চকুপানী টোকা দৃশ্যই উপস্থিত সকলোকে আৱেগিক কৰি তুলিছিল । শিক্ষক গৰাকীয়েও অঞ্চলটোৰ ৰাইজৰ মৰম- চেনেহ পাই ঠাইখন এৰি যাব লগা হোৱাত আৱেগিক হৈ চকুলো টুকিছিল ।
    বিদ্যালয় সমাজৰ উপৰিও বিহমাৰী আৰু বনগাঁ‌ও মণ্ডল সমল কেন্দ্ৰৰ শিক্ষক সকলেও বিদায়ী শিক্ষক গৰাকীক শৰাই, চেলেং, কিতাপৰ টোপোলা, গামোচা, কলম আদিৰে সম্ভাষণ জনায় ।
    অনুষ্ঠানত উপস্থিত থাকি বিহালীৰ খণ্ড শিক্ষা বিষয়া নৱৰত্ন কাকতীয়ে শিক্ষকৰ জৰ্ম আৰু আদৰ্শই সমাজত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে বুলি কৈ প্ৰতিগৰাকী শিক্ষকক আদৰ্শবাদী হ’বলৈ আহ্বান জনায় ।
    বিহমাৰী আৰু বনগাঁ‌ও মণ্ডল সমল কেন্দ্ৰৰ হৈ বৰজুলী প্ৰস্থমিক বিদ্যালয়ৰ শিক্ষক দিগন্ত দাসে জিন্টু জৰাধৰাৰ শৈক্ষিক আৰু বৌদ্ধি দিশৰ বৰঙনিৰ লগতে এগৰাকী সমভাৱাপন্ন, সমাজপ্ৰিয় শিক্ষকৰ বদলি আৰু বিদায় সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক দিশৰ বাবেই ক্ষতিকাৰক বুলি বক্তব্যত উল্লেখ কৰে ।
    বিদায়ী শিক্ষক জিন্টু জৰাধৰাই আৱেগিক নন্তব্য কৰি ‘বিদায়’ শীৰ্ষক এটি স্ব-ৰচিত কবিতা পাঠ জৰাৰ লগতে তেখেতৰ সহধৰ্মিণীয়েও ৰাইজৰ এনে মৰম -চেনেহ চিৰজীৱন মনত ৰাখিম বুলি কয় ।
    বিদায় সম্বৰ্ধনা সভা পৰিচালনা কৰে ননকে বিহমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজেশ ভূমিজ আৰু নাহৰজান ওৰাথমিক বিদ্যালয়ৰ শিক্ষক বিশ্বজিৎ ৰয়ে ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds