Thursday, May 29, 2025
25.7 C
Guwahati
TOP NEWS:

বিশ্বনাথত জিলা আয়ুক্তৰ সংবাদমেল বিশ্বনাথ নিৰ্বাচন জিলাৰ বাবে লোকসভা নিৰ্বাচন, ২০২৪ৰ সময়সূচী প্ৰকাশ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথত জিলা আয়ুক্তৰ সংবাদমেল

বিশ্বনাথ নিৰ্বাচন জিলাৰ বাবে লোকসভা নিৰ্বাচন, ২০২৪ৰ সময়সূচী প্ৰকাশ

বিশ্বনাথ ১৭ মাৰ্চঃ_ সমাগত লোকসভা নিৰ্বাচন, ২০২৪ৰ দিন ঘোষনা কৰাৰ পাছতে আজি বিশ্বনাথৰ জিলা নিৰ্বাচনী বিষয়া তথা বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে এখন সংবাদমেল সম্বোধন কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত দিনৰ ১১ বজাত অনুষ্ঠিত হোৱা সংবাদমেলখনিত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত গৰাকীয়ে ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিশ্বনাথ নিৰ্বাচন জিলাৰ বাবে লোকসভা নিৰ্বাচন, ২০২৪ৰ সময়সূচী প্ৰকাশ কৰে। উল্লেখ্য যে, বিশ্বনাথ নিৰ্বাচনী জিলাত লোকসভা নিৰ্বাচনৰ বাবে ৭০ নং বিশ্বনাথ বিধানসভা সমষ্টি আৰু ৭১ নং বিহালী(অনুসূচীত জাতি) বিধানসভা সমষ্টিত ভোট গ্ৰহণ কৰা হ’ব। ভাৰতৰ নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি সংবাদমেলত বিশ্বনাথৰ জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব লগা লোকসভা নিৰ্বাচনত বিশ্বনাথ নিৰ্বাচনী জিলাৰ দুয়োটা বিধানসভা সমষ্টিত নিৰ্বাচনৰ জাননী জাৰি কৰা হ’ব ২০ মাৰ্চ তাৰিখে। সেইদৰে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২৭ মাৰ্চ। ২৮ মাৰ্চত এই মনোনয়ন পত্ৰ সমুহ পৰীক্ষা কৰা হ’ব আৰু ৩০ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন নিৰ্দ্ধাৰন কৰা হৈছে। অহা ১৯ এপ্ৰিলত ভোটগ্ৰহণ কৰা হ’ব আৰু ৪ জুনত ভোট গণনা সম্পন্ন হ’ব।
ভাৰতৰ নিৰ্বাচন আয়ুক্তই নিৰ্বাচনৰ সময়সূচী ঘোষনা কৰাৰ লগে লগেই বিশ্বনাথ নিৰ্বাচনী জিলাতো নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হোৱাৰ কথা দোহাৰি জিলা নিৰ্বাচনী বিষয়া ডাঃ নেহা যাদৱে জিলাখনত নিকা আৰু মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰি এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে।

উল্লেখ্য যে বিশ্বনাথ নিৰ্বাচনী জিলাৰ অন্তৰ্গত বিশ্বনাথ বিধানসভা সমষ্টিত ২১৮ টা ভোট কেন্দ্ৰত
১,৮৬,২৪৫ গৰাকী ভোটাৰে আৰু বিহালী (অনুসূচীত জাতি) বিধানসভা সমষ্টিত ১৭৬ টা ১,৫৪,০৩৭ গৰাকী ভোটদান কৰিব। আজিৰ সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপৰিও জিলাখনৰ ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি তথা বিষয়ববীয়াসকল, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, নিৰ্বাচনী বিষয়া প্ৰতীশা দত্ত, সহকাৰী আয়ুক্ত পুষ্পাংকৰ পাতিৰ প্ৰমুখ্যে বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত আছিল।

- Advertisement -

Hot this week

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
26.1 ° C
26.1 °
26.1 °
85 %
1.4kmh
100 %
Wed
26 °
Thu
26 °
Fri
24 °
Sat
30 °
Sun
28 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds