31.3 C
Guwahati
Saturday, January 24, 2026
More

    Trending Now:

    শিখা শৰ্মাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

    জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল...

    শেহতীয়া আপডেটঃ

    আজি ঘোষণা হ’ব বিজেপিৰ শতাধিক প্ৰাৰ্থী; অন্তিম মোহৰৰ অসমৰ ১১ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তালিকা

    আজি ঘোষণা হ’ব বিজেপিৰ শতাধিক প্ৰাৰ্থী তালিকা :অন্তিম মোহৰৰ  অসমৰ ১১ সমষ্টিৰ বিজেপি প্ৰাৰ্থী

    ডিজিটেল ডেস্ক অসম খবৰ গুৱাহাটীৰ ২মাৰ্চ :

    প্ৰকাশৰ অন্তিম ক্ষণ গনিছে শাসক দল ভাৰতীয় জনতা পাৰ্টিৰ প্রার্থী তালিকাই। আজি নিশা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি অন্যান্য নেতাৰ উপস্থিতিত অনুষ্ঠিত হৈছে বিজেপিৰ কেন্দ্ৰীয় নির্বাচন সমিতি আৰু সংসদীয় পৰিষদৰ বৈঠক। এই বৈঠকতে অসমৰ এঘাৰটা লোকসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। সেই উদ্দেশ্যে আজি সন্ধিয়া পুনৰ দিল্লীত উপস্থিত হৈছেগৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা। ইফালে বিজেপিৰ কেন্দ্ৰীয় নির্বাচন সমিতি আৰু সংসদীয় পৰিষদৰ বৈঠকত অংশগ্রহণ কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা কেন্দ্ৰীয় বন্দৰ, জাহাজ, জল পৰিবহণ আৰু আয়ুস দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। 
    বিজেপিয়ে ইতিমধ্যে বৰপেটা, ধুবুৰী সমষ্টি অসম গণ পৰিষদক আৰু কোকৰাঝাৰ সমষ্টি এৰি দিছে আন এটা মিত্র দল ইউ পি পি এলক। বর্তমানলৈকে বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিবলগা কেইবাটাও সমষ্টিৰ প্রার্থী একপ্ৰকাৰ চূড়ান্ত কৰা বুলি জানিব পৰা গৈছে। সেই অনুসৰি যোৰহাট লোকসভা সমষ্টিত সাংসদ তপন কুমাৰ গগৈ, দৰং-ওদালগুৰি সমষ্টিত সাংসদ দিলীপ কুমাৰ শইকীয়া, শোণিতপুৰ লোকসভা সমষ্টিত বিধায়ক ৰঞ্জিত দত্ত, শিলচৰ লোকসভা সমষ্টিত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কাজিৰঙা লোকসভা সমষ্টিত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছাৰ প্রার্থিত্ব নিশ্চিত হৈ আছে।
    প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোনোৱালক বিজেপিৰ কেন্দ্রীয় নেতৃত্বই এইবাৰ লোকসভা নিৰ্বাচনত প্রতিদ্বন্দ্বিতাত নমাবনে নাই, সেয়া আজি নিশা নতুন দিল্লীত বাতৰি লিখাৰ পৰলৈকে চলি থকা দলটোৰ কেন্দ্রীয় নির্বাচন সমিতি আৰু সংসদীয় পৰিষদৰ বৈঠকতহে চূড়ান্ত হ’ব। সোনোৱালক লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতাত নমোৱাটো নিশ্চিত নোহোৱাত একপ্ৰকাৰ ওলমি আছে লখিমপুৰ, ডিব্ৰুগড় আৰু গুৱাহাটী লোকসভা সমষ্টিৰ প্রার্থিত্ব। অন্যথা ডিফু সমষ্টিত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰছিং তিছ’ প্রার্থিত্বৰ দৌৰত আগবাঢ়ি আছে। ইফালে চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী হিচাপে সাংসদ কৃপানাথ মাল্লাক পুনৰ কৰিমগঞ্জ সমষ্টিত আৰু গৌতম বৰা বা সুৰেশ বৰাক নগাঁও সমষ্টিত বিজেপিয়ে প্রতিদ্বন্দ্বিতাত নমোৱাৰ সম্ভাৱনা আছে। ইউ পি পি এলে কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ আবছুৰ প্ৰাক্তন নেতা ৰাজু কুমাৰ নাৰ্জাৰীক প্রার্থিত্ব দিয়াটো নিশ্চিত হৈছে।
    বৃহস্পতিবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এই মাৰাথন বৈঠকত কেন্দ্রীয় নির্বাচন কমিটীৰ ১৫ সদস্যৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথ, ৰাজস্থানৰ মুখ্যমন্ত্রী ভজনলাল শৰ্মা, উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামী, গোৱাৰ মুখ্যমন্ত্রী প্রমোদ সাৱন্ত আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্রী বিষ্ণুদেউ সায়ে অংশগ্রহণ কৰে। মাজনিশা পর্যন্ত চলা বৈঠকত কমেও ১৩০ খন আসনত গেৰুৱা দলটোৱে প্রার্থী তালিকাত ছীল-মোহৰ লগায়।আজি আনুষ্ঠানিকভাবে এই তালিকা প্রকাশ কৰাৰ সম্ভাৱনা আছে। জানিব পৰামতে ১০ মাৰ্চৰ পূৰ্বে দলটোৱে লোকসভাৰ ৩০০ আসনৰ বাবে প্রার্থী ঘোষণা কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। মুখ্য কার্যালয়ত আজি কেন্দ্রীয় নির্বাচনী কমিটীৰ বৈঠকৰ পূৰ্বে প্রধানমন্ত্রী মোডীৰ চৰকাৰী বাসভৱনত দলৰ শীর্ষ নেতাসকলৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা কমেও ৫৫০ নেতাই প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত বৈঠকত ভাগ লয়। জানিব পৰামতে পঞ্জাব, অন্ধ্রপ্রদেশ আৰু তামিলনাডুত প্রার্থী ঘোষণাৰ পৰা সদ্যহতে বিৰত থাকিব বিজেপি। তিনিওখন ৰাজ্যতে সহযোগী দলৰ সৈতে আসনৰ ভাগ-বাটোৱাৰাৰ প্রক্রিয়া অব্যাহত আছে। বিজেপিৰ ১৬ জনীয়া কেন্দ্রীয় নির্বাচন কমিটীত প্রধানমন্ত্রী মোডীৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডা, অমিত শ্বাহৰ উপৰি আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী বি এছ য়েডিয়ুৰাপ্পা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱাল, অ’ বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি ড° কে লক্ষ্মণ, সংসদীয় ব’ৰ্ডৰ সদস্য ড° ইকবাল সিং লালপুৰা, সংসদীয় ব’ৰ্ডৰ সদস্য ড° সুধা যাদৱ, সংসদীয় ব’ৰ্ডৰ সদস্য ড° সত্যনাৰায়ণ জাতিয়া, কেন্দ্রীয় মন্ত্রী ভূপেন্দ্ৰ যাদব, মহাৰাষ্ট্ৰৰ উপ-মুখ্য মন্ত্রী দেবেন্দ্র ফাড়নবিছ, ওম প্রকাশ মাথুৰ, বি এল সন্তোষ আৰু বিনথী শ্রীনিবাসন।
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds