◊ ধুবুৰীৰ পৰা আলী আজাত ইছলামঃ দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ নায়েৰ আলগা মণ্ডলৰ সভাপতি ছাদ্দাম হোছেইনৰ নেতৃত্বত, মছলাপাৰা গাঁওপঞ্চায়তৰ অন্তৰ্গত, গুটিপাৰা ৭ষ্ঠ খণ্ড গাঁৱত ২২৪ নং বুথত বিজিপিৰ সংকল্প কাৰ্যসূচী অনুষ্ঠিত হয়।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে নায়েৰ আলগা মণ্ডলৰ সভাপতি ছাদ্দাম হোছেইন, বুথৰ সভাপতি মহিবুল হক, সহ সম্পাদক আফাজুল হক, মণ্ডলৰ কমিটিৰ উপ সভাপতি ফৰিদুল ইছলাম, মণ্ডলৰ কমিটিৰ সম্পাদক শুকুমুদ্দিন আলী উপস্থিত থাকি গুটিপাৰা ৭ষ্ঠ খণ্ড গাঁৱৰ ৫ শতাধিক ৰাইজৰ লগত বহুত গণ্য মান্য ব্যক্তিসকলে উপস্থিত থাকে।
ইতিমধ্যে যিহেতু সমাগত লোকসভা নিৰ্বাচন, আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাইজে বিজিপিৰ সংকল্প কায্যʼসুচীত অংশগ্ৰহণ কৰি মিত্ৰজোটৰ প্ৰাৰ্থীক বহু ভোটৰ ভেবদানত জিকিব বুলি বিজিপিৰ সংকল্প কাৰ্যসূচী অংশগ্ৰহণ কৰা ভোটাৰে বুলি জানিবলৈ দিয়ে।