Thursday, June 5, 2025
32.5 C
Guwahati
TOP NEWS:

বিশ্বনাথৰ মৎস্যজীৱি পৰিয়ালকলৈ চৰকাৰৰ লৰা ধেমালি  তীব্ৰ প্ৰতিবাদৰ হুংকাৰ 

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথৰ মৎস্যজীৱি পৰিয়ালকলৈ চৰকাৰৰ লৰা ধেমালি  তীব্ৰ প্ৰতিবাদৰ হুংকাৰ 

ডিজিটেল ডেস্ক অসম খবৰ ৫ অক্টোবৰ

যুগ যুগ ধৰি ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ ১০ হাজাৰ অধিক মৎস্যজীৱি পৰিয়ালে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত মাধ ধৰি পৰিয়াল পোহ পাল দি আহিছিল যদিও এতিয়া প্ৰায় ১০ হাজাৰ পৰিয়ালৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ।
কাৰণ বিজেপি চৰকাৰৰ শাসনলৈ অহা পৰাই এই মৎস্যজীৱি পৰিয়াল সকলক ব্ৰহ্মপুত্ৰ নদীৰ পাৰত মাছ ধৰা বন্ধ কৰি দিয়াত এতিয়া হাজাৰ হাজাৰ পৰিয়ালৰ জীৱলৈ নামি আহিছে অন্ধকাৰ। য’ত একমাত্ৰ মাছ মাৰি ধৰি পৰিয়াল পোহ পাল দিয়া পৰিয়ালক লৈ এতিয়া বিজেপি চৰকাৰে খেলিছে লৰা ধেমালি যাৰ ফলত এতিয়া মাছ মৰীয়া পৰিয়ালে নিজৰ অধিকাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে।বিশেষকৈ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ আৰু বিশ্বনাথ ঘাটৰ মৎস্যজীৱি ৰাইজৰ পানীত হাঁহ নচৰা হৈছে।
উল্লেখযোগ্য যে অলপতে
বিশ্বনাথঘাটক ভাৰতৰ শ্ৰেষ্ঠতম পৰ্যটন গাঁও হিচাপে কিছুদিন পূৰ্বে ঘোষণা কৰাৰ পিছত এতিয়া এই গাৱঁৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে।

কাৰণ বিগত কিছুদিন ধৰি এই গাঁওখনৰ ৰাইজক ব্ৰহ্মপুত্ৰত নদীৰ উত্তৰ পাৰত মাছ মাৰিবলৈ বাধা প্ৰদান কৰিছে প্ৰশাসন তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগে।

যাৰ বাবে বৃস্হপতিবাৰে গাওঁ খনৰ শ শ লোক ওলাই আহি মহাবাহু ব্ৰম্মপুত্ৰ নৈৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰিলে গাঁওখনৰ ৰাইজে।

বিশ্বনাথৰ  মৎস্যজীৱি পৰিয়ালকলৈ  চৰকাৰৰ  লৰা ধেমালি : তীব্ৰ প্ৰতিবাদৰ হুংকাৰ :

উল্লেখ্য যে স্বাধীনতাৰ পিছৰে পৰা বিশ্বনাথঘাটৰ মৎস্যজীৱি ৰাইজে ব্ৰহ্মপুত্ৰত মাছ মাৰিয়েই জীবিকা অৰ্জন কৰি আহিছিল। কিন্তু বিগত কিছু বছৰ ধৰি মহাবাহু ব্ৰহ্মপুত্ৰত মাছ মৰাত বাধা আৰোপ কৰিছে প্ৰশাসন তথা বন বিভাগে। যাৰ বাবে এই সকল মৎস্যজীবি ৰাইজৰ এতিয়া পানীত হাঁহ নচৰা অৱস্হা হৈছে। পূৰ্বপুৰুষৰ পৰা চলি অহা জীৱন নিৰ্বাহৰ একমাত্ৰ সম্বল এই মাছ মৰা কাৰ্য বন্ধ কৰি দিয়াত এতিয়া মস্য জীবি লোক সকলৰ জীবনত সংকত নামি আহিছে।তেওঁলোকৰ পৰিয়াল পোহপাল দিয়াৰ পৰা নিজ সন্তানক পঢ়া শুনা কৰোৱাৰ খৰচ বহন কৰিব নোৱাৰা হৈ পৰিছে মস্যজীবি লোক সকল।বিভাগীয় কতৃপক্ষই কেতিয়াবা কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ গইনা লৈ, কেতিয়াবা আন কাৰণতেই মস্যজীবি লোক সকলক মাছ মৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি আহিছে। সেয়ে আজি উক্ত অঞ্চলৰ লোক সকলে বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত মহাবাহু ব্ৰহ্মপুত্ৰ পাৰত তেওঁলোকৰ জন্ম গত অধিকাৰ মাছ কাৰ্যক বাধা দিয়াৰ বিৰুদ্ধে পাঁচ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহন কৰে। এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশ গ্ৰহন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয় ববীয়া ৰূপম দাসৰ লগতে অনুসূচীত জাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ বিষয় ববীয়াৰ লগতে বিশ্বনাথ ঘাটৰ সমূহ ৰাইজ । মৎস্যজীবী ৰাইজৰ দাবী যে মৎস্যজীবি সকলে ব্ৰহ্মপুত্ৰত মাছ মাৰিয়েই জীয়াই আছে। এইয়া তেওঁলোকৰ সাংবিধানিক অধিকাৰ। এই অধিকাৰ কোনো মন্ত্ৰী বিধায়কে কাঢ়ি নিব নোৱাৰে। সেয়েহে তেওলোকৰ অধিকাৰ ঘূৰাই দিবলৈ চৰকাৰ আহ্বান কৰি এই অধিকাৰ ঘুৰাই নাপালে পৰবৰ্তী সময়ত গণতান্ত্ৰিক ভাৱে তীব্ৰ আন্দোলনৰ গঢ়ি তোলাৰ হুংকাৰ দিছে ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও বিশ্বনাথঘাটৰ মৎস্যজীবী ৰাইজে।

- Advertisement -

Hot this week

The Role of Social Organizations in Children’s Career Development -Dr. Buljit Buragohain 

Children’s career development is a long-term and multifaceted process....

বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৩০ ছেপ্তেম্বৰলৈকে অটল নগৰীয়া উজ্জীৱিতকৰণ...

ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

ৰাজ্যত বানৰ প্ৰকোপ আৰম্ভ: ডিব্ৰুগড়ত সন্ধানহীন ৪ জন লোক

■ ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰৰ পানীত ৪ জনকৈ লোক সন্ধানহীন...

Topics

বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৩০ ছেপ্তেম্বৰলৈকে অটল নগৰীয়া উজ্জীৱিতকৰণ...

Monsoon Session of Parliament to be convened from 21st of next month

The government today announced the schedule for the Monsoon...

The Role of Social Organizations in Children’s Career Development -Dr. Buljit Buragohain 

Children’s career development is a long-term and multifaceted process....

শিশুসকলৰ কেৰিয়াৰ গঠনত সামাজিক অনুষ্ঠানৰ ভূমিকা

🖋️ড° বুলজিৎ বুঢ়াগোহাঁই           শিশুসকলৰ কেৰিয়াৰ গঠন এটা দীঘলীয়া আৰু...

Related Articles

Popular Categories

Assam
few clouds
31.2 ° C
31.2 °
31.2 °
64 %
0.7kmh
21 %
Thu
33 °
Fri
33 °
Sat
34 °
Sun
34 °
Mon
33 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds