31.3 C
Guwahati
Sunday, November 9, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত আইন উলংঘনকাৰীৰ যান-বাহনৰ বিৰুদ্ধে পৰিবহন বিভাগৰ অভিযান

    বিশ্বনাথত আইন উলংঘনকাৰীৰ যান-বাহনৰ বিৰুদ্ধে পৰিবহন বিভাগৰ অভিযান

    বিশ্বনাথ চাৰিআলি ১৬ আগষ্ট :- চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ঘোষণা জাননীৰ লগতে কঠোৰ সকীয়নি প্ৰদানৰ পিছতো বহু ব্যৱসায়িক বাহনে এতিয়াও গাড়ীৰ নথি-পত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়াকৈ ৰাজপথত চলাচল কৰি আছে।ৰাজ্যৰ আন আন জিলাৰ লগতে বিশ্বনাথ জিলাৰ বিহালী সমষ্টি,গহপুৰ সমষ্টি , বিশ্বনাথ সমষ্টিকে ধৰি জিলা খনৰ বহু ব্যৱসায়িক ভিত্তিক ব্যৱহাৰ কৰা ডাম্পাৰ, ট্ৰাক, জেচিবি, এক্সকা ভেতৰ , টাটা মোবাইল, ট্রেক্টৰ, আদিকে বহু গাড়ী সম্পূৰ্ণ বে-আইনী ভাৱে ৰাজপথত চলাচল কৰি থকা অভিযোগ উত্থাপন হৈ আহিছে।যাৰ ফলত জিলা খনৰ ভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনে পথ দুৰ্ঘটনাত একাংশ নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় । সাৱধানতা অৱলম্বন নকৰাৰ ফলত আৰু যান-বাহন আইন পালন নকৰাৰ বাবেই বিভিন্নজন দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাবোৰৰ বেছিভাগেই যান-বাহন আইন উলংঘনৰ বাবেই হোৱা দেখা গৈছে । আনহাতে দুচকীয়া বাহনৰ ক্ষেত্ৰতো হেলমেট পৰিধান নকৰা, সুৰাপান কৰি গাড়ী চলোৱা আদি সেইবোৰৰ অন্যতম কাৰণ হৈ পৰিছে ।যাৰ ফলত এতিয়া বিশ্বনাথ জিলা পৰিবহণ বিভাগক কঠোৰ হোৱা পৰিলক্ষিত হৈছে । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযানত নামি পৰিছে যান বাহন আইন উলংঘানকাৰী বিৰুদ্ধে।ইফালে অসম চৰকাৰৰ পৰিবহন বিভাগে ‘মিছন ছাৰখাৰ’কে ধৰি কেইবাটাও কঠোৰ পদক্ষেপ লোৱা দেখা গৈছিল যদিও গুৰুত্ব দিয়া নাই বৰ্তমান সময়লৈকে বহু গাড়ীৰ গৰাকীয়ে।যাৰ ফলত যথেষ্ট পৰিমাণৰ চৰকাৰৰ কৰ সংগ্ৰহৰ ক্ষেত্ৰত অসুবিধা সন্মুখীন হোৱা দেখা গৈছে।আনহাতে আইন ভংগকাৰী চালককে ধৰি গাড়ীৰ গৰাকীক জৰিমনা বিহীবলৈ বাধ্য হৈছে জিলা পৰিবহণ বিভাগে।দেশৰ স্বাধীনতা দিৱসৰ পিছতে আজি অধিক কঠোৰ হোৱা দেখা গৈছে। বিশ্বনাথ জিলাৰ পৰিবহন বিভাগক। জিলা পৰিবহণ বিভাগৰ প্ৰৱৰ্তক পৰিদৰ্শক কৃষ্ণ কান্ত চেতিয়া, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক ৰাজীৱ দাসৰ নেতৃত্বত এটা দলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিহালী সমষ্টিৰ বেদেতী, গহপুৰ সমষ্টিৰ হেলেম মিছামাৰী,কেটেলা,বৰগাং আদি ৰাজপথত প্ৰতিখন সৰু-বৰ গাড়ীয়ে ৰখাই নথি-পত্ৰ পৰীক্ষা কৰাৰ লগতে হেলমেট পৰিধান নকৰা, চিট বেল্ট নলগোৱা চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, চৰকাৰক সময়ত বকেয়া কৰ আদায় নিদিয়া, অত্যাধিক বোজা কঢ়িওৱা ট্ৰাক,ডাম্পাৰ গৰাকীক জৰিমনা বিহিছে ।আনহাতে জিলা খনৰ বিহালী সমষ্টিৰ আৰু পাভৈ অঞ্চলত থকা একাংশ ইটা ভাটা গৰাকীয়ে অসমৰ বিভিন্ন স্থানৰ লগতে বহি:ৰাজ্য পৰা বহু ট্ৰাক,ডাম্পাৰ, জেচিবি, এক্সকাভেতৰ আনি বছৰ বছৰ ধৰি ব্যৱহাৰ কৰি আছে যদিও জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত বৰ্তমান সময়লৈকে গাড়ীসমূহ পঞ্জীয়ন নকৰাকৈ ব্যৱসায়িক ভিত্তিত চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds