31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ ৰমেশ চন্দ্ৰ চৰেণলৈ সাংবাদিকতাৰ বঁটা

    বিশ্বনাথৰ ৰমেশ চন্দ্ৰ চৰেণলৈ সাংবাদিকতাৰ বঁটা

    ডিজিটেল ডেস্ক 12 ছেপ্টেম্বৰ  ঃ

     

    নৰ্থ ইষ্ট লাইভ ট্যুডে 24×7 নামৰ বিটিচিৰ পঞ্জীয়নভুক্ত উত্তৰ পুৱৰ নিউজ পৰ্টেল চেনেলটিয়ে বিশ্বনাথৰ সাংবাদিক ৰমেশ চন্দ্ৰ চৰেণলৈ আগবঢ়াইছে দক্ষ সাংবাদিকতাৰ বঁটা ৷ কালি খৈৰাবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সংবাদ প্ৰতিষ্ঠানটোৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সম্বৰ্দ্ধনা সভাত সাংবাদিক গৰাকীক এই বঁটা প্ৰদান কৰে ৷ উল্লেখ্য যে নৰ্থ ইষ্ট লাইভ ট্যুডে নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠা কালৰে পৰাই এই পৰ্যন্ত অবিৰত ধাৰাত সংবাদ সেৱা আগবঢ়াই আছে সাংবাদিক গৰাকীয়ে ৷ ২০১৩ চনৰ পৰা সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত চৰেণে নিয়মীয়া বাৰ্তা কাকততো সাংবাদিকতা কৰিছিল ৷ এই পৰ্যন্ত দৈনিক গণ অধিকাৰ , আমি অসমৰ জণগণ , দৈনন্দিন বাৰ্তা ,দৈনিক দুৰ্নীতিৰ দৰ্পণ ,নয়নবাৰ্তা , ৰণাংগণ, ৰাইজৰ পদুলি আৰু শেহতীয়াকৈ গুৱাহাটী আৰু লক্ষীমপুৰৰ পৰা প্ৰকাশিত ন-লখিমী নামৰ কাকতখনতো জড়িত হৈ লেখা মেলা অব্যাহত ৰখাৰ সমান্তৰালকৈ বিভিন্ন নিউজ পৰ্টেলতো নিস্বাৰ্থ ভাৱনাৰে সংবাদ সেৱাৰ কাম কৰি আছে সংবাদদাতা গৰাকীয়ে ৷ আনহাতে বিভিন্ন আলোচনীত সম্পাদনা সমিতিৰ সম্পাদকৰ দৰে গুৰু দায়িত্বও পালন কৰা চৰেণৰ বহু তত্ত্ব গধুৰ প্ৰবন্ধ অসমৰ বিভিন্ন জনপ্ৰিয় কাকতত ইতিমধ্যে ধাৰাবাহিক ভাবে প্ৰকাশ পাই আছে ৷ সম্প্ৰতি সাংবাদিক গৰাকীয়ে গ্ৰন্থ প্ৰকাশত মনোনিৱেশ কৰা ২০২৩ বৰ্ষৰ আৰম্ভণিতে তিনিখনকৈ মুল্যবান গ্ৰন্থ প্ৰকাশ পাব বুলি জানিব দিয়ে ৷ নিৰৱ সাধনাৰত এই গৰাকী সাংবাদিকৰ বঁটাৰ লাভ কৰা বতৰাই বিশ্বনাথৰ বিভিন্ন দল সংগঠনে শুভেচ্ছা আৰু অভিনন্দন জনাই ৷ ইফালে নৰ্থ ইষ্ট লাইভ ট্যুডেৰ সংবাদ প্ৰতিষ্ঠানটোৰ মুখ্য সম্পাদক দ্বীপেন ডেকাক বঁটা প্ৰাপক সাংবাদিক গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds