31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালীৰ বুৰৈঘাটৰ এম. পি.ত এজনক শোৱাপাটীত ঘপিয়াই হত্যা

    বিহালীৰ বুৰৈঘাটৰ এম. পি.ত এজনক শোৱাপাটীত ঘপিয়াই হত্যা

    অসম খবৰ বেদেতী, ২১ জুলাইঃ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈঘাটৰ ১ নং বিহমাৰী (এম পি) গাঁ‌ৱত কালি নিশা এজন শ্ৰমজীৱি লোকক কোনো অজ্ঞাত দুস্কৃতিকাৰীয়ে নিশা শোৱা পাটীতে ঘপিয়াই হত্যা কৰে ।
    চন্দেলাল শ্ৰেষ্ঠ নামৰ প্ৰায় ৫৫ বছৰ বয়সৰ লোকজনে অন্য দিনাৰ দৰে খোৱাবোৱা কৰাৰ পিছত শুই থাকে যদিও পুৱা বহু দেৰীলৈকে শুই নুঠাত ঘৰৰ কাষৰ কোনোবাই আহি দুৱাৰ খুলি সোমাই তেজে তুমৰলি হৈ থকা চন্দেলালক বিছনাতে মৃত অৱস্থাত উদ্ধাৰ কৰে । উল্লেখ্য যে, মৃত লোকজনৰ পুত্ৰ-বোৱাৰী আদি ক’ম্পেনীৰ কামত ৰাজ্যৰ বাহিৰত থাকে ।
    পিছত স্থানীয় সচেতন লোক, গাঁ‌ওৰক্ষী বাহিনীৰ লোক আদিয়ে আৰক্ষীক খৱৰ দিয়ে । বিহালী আৰক্ষীয়ে বিশ্বনাথ জিলা দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ বিহালীত মৰণোত্তৰ পৰীক্ষা কৰাই গাঁ‌ও তথা সম্পৰ্কীয় লোকক চমজাই দিয়ে ।
    কিন্তু, সাধাৰণ শ্ৰমজীৱি লোক এজনক কোনে হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত যদিও আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।
    বিশেষ সুত্ৰে জানিব পৰা মতে চন্দেলালৰ ঘৰত মাজে-সময়ে মদৰ আড্ডা বহিছিল । ইফালে সমগ্ৰ ঘটনাটো বিশ্বনাথ জিলা আৰক্ষীয়ে এটা দল ঘটনাস্হলীত উপস্থিত হৈ পুৱা পৰাই  ছেফেৰ্ড কুকুৰ জৰিয়তে তদন্ত আৰম্ভ কৰিছে ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds