31.3 C
Guwahati
Sunday, January 25, 2026
More

    Trending Now:

    বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান

    সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী...

    শেহতীয়া আপডেটঃ

    ঘগ্ৰাপাৰত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠানঃ ৬২ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

    ঘগ্ৰাপাৰত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠানঃ ৬২ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

    গ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশনৰ সামৰণি

     

    সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঘগ্ৰাপাৰস্থিত বনভাগ মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচনসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক ঘগ্ৰাপাৰ আঞ্চলিক সন্থাৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ অঞ্চলটোৰ মুঠ ৬২ গৰাকী কৃতিমানক এই অনুষ্ঠানত গামোচা মানপত্ৰ আৰু গছপুলিৰে সম্বৰ্ধনা জনোৱা হয় ৷ বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত আছুৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা,শংকৰদেৱ একাডেমী নলবাৰীৰ সমনয়ক শৈলেন প্ৰসাদ শৰ্মা আছুৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ৰিয়াজউদ্দিন আহমেদ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা, আনহাতে উক্ত সভাত প্ৰাক্তন আছু নেতা তথা অসম উন্নতি সভাৰ সভাপতি ৰাতুল চন্দ্ৰ ডেকাক বিশেষ সম্বৰ্ধনা জনোৱা হয়।, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক হিৰকজ্যোতি শৰ্মাই আঁত ধৰা আৰু ত্ৰিদ্দীপ কলিতাই পৰিচালনা কৰা বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰী সকল, ছাত্ৰ ছাত্ৰী সকলৰ লগতে ঘগ্ৰাপাৰ অঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

     

    সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা উপস্থিত থাকি জীৱনত সফলতা আহৰণৰ বাবে তথা নিজকে এজন সু নাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কিদৰে আগবাঢ়িব লাগিব সেই সন্দৰ্ভত কৃতিমানসকলক উদ্দেশ্যি বক্তব্য ৰাখে ৷ লগতে শিক্ষা গ্ৰহণৰ বাবে শিক্ষানুষ্ঠান বাচনি কৰাৰ ক্ষেত্ৰত সকলো দিশ চালি জাৰি চোৱাৰ লগতে বৰ্তমান সময়ত কিদৰে আগবাঢ়িলে সফল হ’ব পাৰি সেই বিষয়ে বিজ্ঞজনৰ সুপৰামৰ্শ লৈ আগবাঢ়িবলৈকো আহ্বান জনায় যাতে পিচত সমস্যাৰ সৃষ্টি নহয় ।ইপিনে অনুষ্ঠানত উপস্থিত থকা আছুৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে আছুৰ তৰফৰ পৰা মেধাবী ছাত্ৰ- ছাত্ৰী সকলক প্ৰতি বছৰে এনেদৰে সম্বৰ্ধনা জনাই অহা হৈছে ৷ ইয়াৰ মূলতে হ’ল ছাত্ৰ ছাত্ৰী সকলে যাতে ভৱিষ্যতত ভাল নাগৰিক হ’ব পাৰে লগতে পৰৱৰ্তী পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ- ছাত্ৰীসকলে যাতে উৎসাহ পায় তাৰ বাবে এই অনুষ্ঠান ৰূপায়ণ কৰা হয়।সভাত নলবাৰী শংকৰদেৱ একাডেমীৰ সমন্বয়ক ড০ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই নিজৰ ভাষণত কয় যে সাম্প্ৰতিক সময়ত কঠোৰ প্ৰতিযোগিতাৰ সময়।আমাৰ শিক্ষাৰ্থীয়ে দেশৰ ছাত্র-ছাত্ৰীৰ সৈতে ফেৰ মাৰিবলৈ হলে যথেষ্ট অধ‍্যয়নশীল আৰু কষ্ট সহিষু হব লাগিব।তেওঁ লগতে ম’বাইল ফোনে ছাত্ৰ-ছাত্ৰীক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰাৰ কথা উল্লেখ কৰি প্ৰয়োজনীতা সময়তহে ম’বাইল ব‍্যৱহাৰ কৰিবলৈ আহ্বান জনায়।৷উক্ত অনুষ্ঠানত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতিমান ছাত্ৰ – ছাত্ৰীসকলে শিক্ষাগ্ৰহণ কৰা শিক্ষানুষ্ঠানৰ মুৰব্বী সকলোকো সম্বৰ্ধনা জনোৱা হয়৷আনহাতে আবেলি ৪ বজাত অনুষ্ঠিত হোৱা বিষয় বাছনি আৰু প্ৰতিনিধি সভাখন উদ্বোধন কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে। সভাৰ শেষত ফাৰ্ডিন হুছেইনক
    সভাপতি আৰু সমীৰণ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ আগন্তক দিনৰ বাবে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds