বিশ্বনাথৰ দিলীচাঙত শংকৰদেৱ শিশু নিকেতনৰ ভৱন নিৰ্মাণ কামৰ শুভাৰম্ভ ৷

বিশ্বনাথৰ দিলীচাঙত শংকৰদেৱ শিশু নিকেতনৰ ভৱন নিৰ্মাণ কামৰ শুভাৰম্ভ ৷

 অসম খবৰ   , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ৬  ফেব্ৰুৱাৰী ঃ বিশ্বনাথ জিলাৰ   অসম অৰুণাচল সীমান্তৱৰ্তীৰ বৃহত্তৰ অঞ্চলটোৰ  শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি শংকৰদেৱৰ শিশু নিকেতন নামৰ  বিদ্যালয় এখন  প্ৰতিষ্ঠা কৰাৰ মানসেৰে   কেইজনমান শিক্ষিত উদ্যমী যুৱকে বহুদিন ধৰি প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৷ অৱশেষত   বহুদিনীয়া আশা   পুৰণ হল ৷ বালিচাঙৰ সমীপত থকা ১ নং দিলীচাঙত  শংকৰদেৱ শিশু নিকেতন নামৰ  বিদ্যালয়  এখন   নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয় ৷ বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে উপস্থিত থাকি  বিদ্যালয়খনৰ  নিৰ্মাণৰ কাম  আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে ৷ আৰু ছাত্ৰছাত্ৰীৰ সকলৰ  শৈক্ষিক উত্তৰণত    এই বিদ্যালয় খনে  গুৰুত্বপুৰ্ণ  ভুমিকা পালন কৰিব বুলি আশা প্ৰকাশ  কৰে বিধায়ক গৰাকীয়ে ৷ অনুষ্ঠানটিত বালিচাং পঞ্চায়তৰ সভাপতি দীপালী দেৱী, আঞ্চলিক সদস্য বলেন বসুমতাৰী ,অৱসৰপ্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ মহন্ত , হৰি শৰ্মা , ক্ষেমৰাজ ছেত্ৰী কে ধৰি বিশিষ্ট সমাজসেৱক ডালিম বৰা প্ৰমুখ্যে বিদ্যালয়খনৰ নিৰ্মাণ সমিতিৰ  বিষয়ববীয়া সদস্য সদস্যাৰ লগতে বালিচাং , ছেলাইখাতি ,  ধুলী , দলংগুৰিৰ বহু উদ্যমী যুৱক যুৱতী সকল উপস্থিত থাকে ৷

বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

Be the first to comment

Leave a Reply

Your email address will not be published.


*