অসম চাহ জনজাতী ছাত্ৰ সন্থা’বিহালী শাখা সমিতি প্ৰশংসনীয় পদক্ষেপ :
ভুক্তভোগী মেধাৱী ছাত্ৰীক প্ৰদান কৰিলে চাইকেল :
অসম চাহ জনজাতি ছাত্ৰ সন্থা বিহালী শাখা সমিতি বিষয়ববীয়াই বিহালী
সংগীতা ভূমিজ নামৰ মেধাৱী ছাত্ৰী গৰাকীক এখন চাইকেল প্ৰদান কৰে।
উল্লেখযোগ্য যে অতি দৰিদ্ৰ ঘৰৰ পিতৃহাৰা, মাইয়ে দিন হাজিৰা কৰি ছাত্ৰী গৰাকীক কোনোমতে পঢ়া শুনা খৰছ প্ৰদান কৰি আহিছে। ডিগ্ৰী প্ৰথম বৰ্ষত ছাত্ৰী গৰাকীয়ে বিহালী স্নাতক মহাবিদ্যালয়লৈ অহা যোৱা কৰিবলৈ কিছু অসুবিধা সন্মুখীন হৈ আহিছিল । ইফালে এই খবৰ লাভ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা বিহালী শাখা সমিতিয়ে ।
ইফালে আজি ছাত্ৰী গৰাকীক এখন চাইকেল ক্ৰয় কৰি দিয়ে।
Leave a Reply