শেহতীয়া আপডেটঃ

আঞ্চলিকতাবাদী উপন্যাস হিচাপে ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ – শিল্পী শিখা কোঁৱৰ

আঞ্চলিকতাবাদী উপন্যাস হিচাপে ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’

– শিল্পী শিখা কোঁৱৰ

অসমীয়া সাহিত্যৰ ভঁৰাল বিশেষভাৱে সমৃদ্ধ কৰা স্বনামধন্য লেখিকা মামণি ৰয়ছম গোস্বামীৰ ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ এখন চিৰসেউজ উপন্যাস। ১৯৮৮ চনত পোন প্ৰথমবাৰৰ বাবে উপন্যাসখন প্ৰকাশিত হৈছিল। ঔপন্যাসিকৰ আগ বয়সৰ ৰচনা ‘চেনাবৰ সোঁত’, ‘নীলকণ্ঠ ব্ৰজ’, ‘অহিৰণ’, ‘মামৰে ধৰা তৰোৱাল’ আদি উপন্যাসতকৈ ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ উপন্যাসখন এইবাবেই ব্যতিক্ৰম যে এইখন অসমৰ সমাজ ব্যৱস্থাৰ পটভূমিত ৰচিত। চৰিত্ৰৰ বৈচিত্ৰ্য আৰু বিবিধতা প্ৰদৰ্শন তথা প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰয়োগে অসমীয়া উপন্যাস সাহিত্যৰ ইতিহাসত এই উপন্যাসখনক এক বিশিষ্ট আসন প্ৰদান কৰিছে।
দক্ষিণ কামৰূপৰ দামোদৰীয়া সত্ৰ আমৰাঙাত অতিবাহিত কৰা শৈশৱৰ অনেক সৰু বৰ অভিজ্ঞতাৰ ভেঁটিত ঔপন্যাসিকে ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ উপন্যাসখন ৰচনা কৰিছে। উপন্যাসখনৰ সময় হৈছে ১৯৪৭ চনৰ পৰা ১৯৮১ চন। দেশে স্বাধীনতা লাভ কৰাৰ ঠিক আগৰ আৰু স্বাধীনতা লাভৰ পৰৱৰ্তী সময়ছোৱাৰ ৰক্ষণশীল সত্ৰীয়া সমাজৰ নিষ্ঠুৰতাত পিষ্ট হোৱা মানুহ আৰু সেই ব্যৱস্থাটো ইয়াত তুলি ধৰা হৈছে। উপন্যাসখনৰ কাহিনীৰ পৰিসৰ একমাত্ৰিক নহয় বহুমাত্ৰিক যদিও ইয়াৰ স্থানগত পৰিসৰ দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰৰ মাজতে সীমাবদ্ধ। আহোম ৰজাৰ পৰা লাভ কৰা সম্পদেৰে সম্পদশালী সত্ৰাধিকাৰ বংশৰ প্ৰতিপত্তি, সাধাৰণ ৰাইজৰ ওপৰত তেওঁলোকৰ দমন তথা প্ৰভূত্ব, ভূমি অধিকাৰৰ বাবে কমিউনিষ্টৰ সহযোগত জনগণৰ বিদ্ৰোহ, অন্ধবিশ্বাস, কু-সংস্কাৰ, জাত-পাতৰ ভেদাভেদ, সত্ৰৰ গোঁসাইৰ ব্যভিচাৰ, পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰীৰ স্থান, বিধৱাৰ নৰক যন্ত্ৰণা, চিলিং আইন, কানি বৰবিহৰ প্ৰভাৱত কংকাল যেন সমাজ এখনৰ ছবি উপন্যাসখনত প্ৰতিফলিত হৈছে।
সমালোচক গোবিন্দ প্ৰসাদ শৰ্মাই তেওঁৰ গ্ৰন্থ ‘উপন্যাস আৰু অসমীয়া উপন্যাস’ ত আলোচনা প্ৰসঙ্গত কৈছে – “এটা অঞ্চলক কেন্দ্ৰ কৰি অৰ্থাৎ সেই অঞ্চলটোক অকল পটভূমিয়েই নহয়, বিষয়বস্তু হিচাপে লৈ যিবোৰ উপন্যাস ৰচনা কৰা হয়, সেইবোৰ উপন্যাসকে আঞ্চলিক উপন্যাস ( Regional Novel) বোলে।” আঞ্চলিক উপন্যাসত একোটা অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ, তাৰ সমাজ, লোক-বিশ্বাস আৰু পৰম্পৰা, ৰীতি-নীতি, মাত-কথা, ঐতিহ্য, ভৌগোলিক অৱস্থানৰ বৈশিষ্টপূৰ্ণ দিশ আদিয়ে প্ৰাধান্য পায়। এই দিশবোৰৰ আধাৰতে ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ উপন্যাসক আমি আঞ্চলিকতাবাদী উপন্যাস হিচাপে আলোচনা কৰিব পাৰো।
উপন্যাসখনৰ ‘মোৰ একাষাৰ’ ত ঔপন্যাসিকে উল্লেখ কৰিছে যে উপন্যাসখনৰ কাহিনীৰ পটভূমি হৈছে দক্ষিণ কামৰূপৰ আমৰাঙা সত্ৰ। উপন্যাসত অংকিত চৰিত্ৰবোৰ ঔপন্যাসিকৰ জীৱনৰ আটাইতকৈ প্ৰিয় চৰিত্ৰ কিছুমানৰ মাজৰ পৰা বুটলি আনিছে আৰু কল্পনাৰ ৰহণেৰে সম্পূৰ্ণ নতন কৰি গঢ় দিছে। নামনি অসমৰ দামোদৰীয়া সত্ৰ এখনৰ চিত্ৰ অংকণ কৰাত ঔপন্যাসিক সফল হৈছে। উপন্যাসখনত বৰ্ণিত বিভিন্ন কথাৰ মাজেৰে সত্ৰ সমাজ আৰু সত্ৰীয়া পৰম্পৰাৰ আভাস পোৱা যায়।


উপন্যাসখনত চিত্ৰিত হোৱা সমাজখন সামন্ত যুগীয় সমাজ। ইয়াত সত্ৰাধিকাৰ বা সমাজৰ অন্যান্য অৱস্থাসম্পন্ন লোক বিশাল ভূ- সম্পতৰ গৰাকী। সাধাৰণ শ্ৰেণীৰ মানুহখিনি এনে ভূ- স্বামীৰ অধিনস্থ ৰায়ত। সৰহভাগ ৰায়ত কানিত আসক্ত হোৱাৰ বাবে তেওঁলোকৰ আৰ্থিক স্থিতি নিম্নগামী হোৱাৰ পৰিৱৰ্তে একে সময়তে মহাজন শ্ৰেণীটোৰ অৱস্থা দিনকদিনে টনকিয়াল হৈছিল। উপন্যাসখনত এই চিত্ৰটো এনেদৰে বৰ্ণিত হৈছে- “গোঁসাইৰ হাউলিৰ মুখে মুখে যিটো টিনৰ ঘৰ দিনে দিনে পৰিষ্কাৰ আৰু নদন-বদন হৈ আহিব ধৰিছে সেইটোৱেই হৈছে হৰি মহাজনৰ ঘৰ।…সিঁহতৰ হাতৰ বুঢ়া আঙুলিত দস্তখতৰ ক’লা চিহ্ন। কোনে জানে এই ক’লা চিহ্নটোৱে এতিয়া কোন মুহূৰ্তত ভয়াবহ অন্ধকাৰ হৈ আহে?…”
সত্ৰীয়া সমাজৰ পুৰুষতান্ত্ৰিক দাম্ভিকতা গোস্বামীৰ এই উপন্যাসখনত প্ৰতিফলিত হৈছে। বিবাহ বন্ধনৰ বাহিৰত বহু ‘শূদিৰীয়া তিৰোতা’ বা অব্ৰাক্ষ্মণ তিৰোতাৰ লগত সম্পৰ্ক ৰক্ষা কৰি সত্ৰাধিকাৰসকলে নিজৰ প্ৰতিপত্তি জাহিৰ কৰিছিল। উদাহৰণ স্বৰূপে আমৰঙা সত্ৰৰ বুঢ়া অধিকাৰ হৰকান্ত দেৱগোস্বামী, গিৰিবালাৰ গিৰিয়েক লাতু গোঁসাই আদি। উপন্যাসখনৰ এটা চৰিত্ৰ সৰু গোঁসানীৰ জীৱনলৈও দুৰ্ভাগ্য আহিছিল তেওঁৰ স্বামীয়ে দেউতাকৰ পৰস্ত্ৰীগমন কাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে। সমাজত নাৰীৰ যেন কোনো অস্তিত্ত্বই নাছিল। সমাজৰ একো একোটা ভয়ংকৰ ব্যাধিস্বৰূপ চৰিত্ৰসমূহ ঔপন্যাসিকে সুন্দৰ ৰূপত উদঙাই ধৰিছে।
লোকজীৱন নানা আস্থা-নিষ্ঠা, বিশ্বাস, সংস্কাৰ, ৰীতি-নীতিৰে পূৰ্ণ। অঞ্চলৰ তাৰতম্য অনুসৰি লোকজীৱনো পৃথক পৃথক হয়। এই উপন্যাসখনতো বিশিষ্ট লোকজীৱনৰ কেতবোৰ টুকুৰা চিত্ৰ সন্নিবিষ্ট হৈছে। সাধাৰণ গঞাঁই ভূত-প্ৰেম আদি অপশক্তিক বিশ্বাস কৰিছিল। মানুহৰ মনত ভূত-প্ৰেমৰ ধাৰণাটো ইমান বদ্ধমূলভাৱে সোমাই গৈছিল যে সেই চিন্তাই তেওঁলোকক কিছুমান নিৰ্দিষ্ট স্থানলৈ যোৱা আৰু কাম কৰাত বাধা দিছিল। জগলীয়াৰ কাঠৰ দলঙৰ আশে-পাশে ভূত ওলোৱা বুলি চলা অপপ্ৰচাৰ তেনে অন্ধবিশ্বাসৰে ফল। আচলতে সেয়া কোনো ভূত নাছিল। গাঁৱৰ পৰা বিতাড়িত হোৱা অস্থি চৰ্মসাৰ কুষ্ঠ ৰোগীজনেহে সেই ফালেদি যোৱা মানুহক ভয় খুৱাই খাদ্য বস্তু সংগ্ৰহ কৰি প্ৰাণ ধাৰণ কৰি আছিল। ব্ৰাহ্মণ বিধৱাসকলৰ অৱস্থা অতি দুখজনক আছিল। তেওঁলোকে আমিষ আহাৰ খাব নোৱাৰিছিল। আমতিৰ সময়ত ভৰিত ঢকুৱা পিন্ধি দৈনন্দিন কাম-কাজবোৰ কৰিব লগা হৈছিল। মাটিত থোৱা ফল-মূল খোৱাত বাধা আছিল। চাঙত থোৱা ফল-মূল শুকাই গৈছিল, কল গেলিছিল, কঁঠালত ভেনা মাখি পৰিছিল। উপন্যাসখনত ফুটি উঠা সমাজখনত অৱস্থান কৰা দূৰ্গা, সৰু গোঁসানী আদি বিধৱাসকলে এনে অমানবীয় সংস্কাৰ নিৰবে মানিব লগা হৈছিল।
ৰোগ উপশমৰ বাবে আধুনিক চিকিৎসা শাস্ত্ৰৰ নিদান পৰাপক্ষত মানুহে এৰি চলিছিল। গাঁৱলীয়া বেজ-বেজালি, জৰা-ফুকাৰে সেই কাম সমাধা হৈছিল। স্বয়ং সত্ৰাধিকাৰৰ পত্নী আৰু সৰু গোঁসানীয়ে নিজ নিজ শিষ্যগণক বিপদত পৰিলে দিহা- পৰামৰ্শ দিয়াৰ লগতে ঘৰুৱা আৰু আসুৰিক চিকিৎসাৰ নিদান দিছিল। আঞ্চলিকতাবাদী উপন্যাসৰ এটা বৈশিষ্ট্য সমাজ জীৱনৰ সূক্ষ্ম দিশ উপন্যাসখনত প্ৰতিফলিত হৈছে।
উপন্যাসখনত আঞ্চলিক বৈশিষ্ট্য প্ৰকট কৰা কেতবোৰ সামাজিক আৰু পাৰিবাৰিক উৎসৱ-পাৰ্বনৰ উল্লেখ আছে। মংগলময় কামৰ সময়ত দূৰ্গাৰ আৱিৰ্ভাব, পুহন বিয়া, পুত্ৰ জন্ম, বাসন্তী পূজা আদি পূজাৰ বিষয়ে পোৱা যায়।
“দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা” উপন্যাসখনত লেখিকাই দক্ষিণ কামৰূপৰ গ্ৰাম্য সমাজৰ চিত্ৰ অংকণ কৰিছে আৰু তাৰ বাবে তেওঁ সেই অঞ্চলৰ কথিত ভাষা ব্যৱহাৰ কৰিছে। এই ভাষা ৰূপটো কামৰূপী উপভাষাৰে এটা শাখা। উপন্যাসখনত ভাষাৰ দুটা স্তৰ আছে – এটাত আছে লেখকৰ নিজৰ কথন আৰু আনটোত উপন্যাসৰ চৰিত্ৰৰ কথোপকথন বা সংলাপ। প্ৰথম স্তৰটোত লেখকে মান্যভাষা ব্যৱহাৰ কৰিছে যদিও বিশেষ একোটা পৰিৱেশ, বিষয় বা বস্তু আদি বুজাবলৈ উপভাষাৰ শব্দও ব্যৱহাৰ কৰিছে। সকলো চৰিত্ৰ একে সামাজিক স্তৰত অৱস্থান কৰা নাই বাবে চৰিত্ৰবোৰৰ সংলাপত ব্যৱহৃত ভাষাৰ পাৰ্থক্য আছে। উপন্যাসখনৰ কথোপকথনত ব্যৱহৃত ভাষাৰ ৰূপ কিছুমান তলত উল্লেখ কৰা হ’ল –
(ক) ইন্দ্ৰনাথে ক’লে – ” বলো, বহুত ৰাতি হ’ল। মা আৰু দূৰ্গাই কাঁথিত বহি অপেক্ষা কৰি থাকিব।”
বলোৱে ক’লে – ” গোঁসানী আৰু দূৰ্গাই অপেক্ষা কৰি থাকে কোনো কথা নাই, কিন্তু নতুনকৈ বাঁৰী হোৱা গিৰিবালা মাইচানাক ৰাতি তেনেদৰে অপেক্ষা কৰি থাকিবলৈ নিদিবা। তাই বঙৰাৰ পৰা আহিব বুলি শুনিছো?”
(খ) “এতিয়া আগৰ দিন নাই। ডাঙৰ আবুৰ দৰে কায়ো বাটঘৰ নেদেখাকে মৰি ভূত হোৱাৰ প্ৰয়োজন নাই। দেখা নাই জগন্নাথক যাওঁ বুলি বেৰত মূৰ খুন্দিয়াই কেন্‌কে আবু মৰিল। সভা চালিও দেখোন চালপীৰাত বহি খিৰিকিয়েদিহে চাবা লাগে। তঁহত তেনে ভূত হোৱাৰ প্ৰয়োজন নাই।”


(গ) ” সি কানি গিলি আহিছিল। তপাত ভাতৰ ধহাই ধচ্ছিল ধেকুৰাক। আজি গৰুহালক পানী খুৱাই মাল্লা। গহাঁইৰ বাপুটি নহা হ’লি আজি সৰ্বনাশেই।” ( পৃ-১৬)
(ঘ) ” ধান ডুলি হান পেট লৈ আহইছা…এতে ধেন দিবা লাগ্‌লি কি কৰ্‌বি?…অৰাইক দাতি কৰাহ কিয়ি? কেম্পত চলি-পলি হ’ব লাগ্‌লি কেম্পু নাম ৰাখ্‌বা পাৰবি!”
“চুপ থাক ঐ ভাতাৰ চাই যঁতাৰ লৱা তিৰী- মই মৰ্‌বা লাগছো দেখা নাই?”
– ‘ক’ উদাহৰণটোত বলো আৰু ইন্দ্ৰনাথ শিক্ষিত অভিজাত শ্ৰেণীৰ হোৱাৰ বাবে তেওঁলোকৰ কথা-বতৰা মান্য ভাষাৰ ওচৰ চপা আৰু মাৰ্জিত আনুষ্ঠানিক। ‘খ’ উদাহৰণটোত ইন্দ্ৰনাথে মাকক কোৱা কথা বাবে ঘৰুৱা ভাষা ব্যৱহাৰ কৰিছে। ‘গ’ উদাহৰণটোত ইলিমন ধাই, মাক আৰু বুঢ়ীৰ কথাৰ মাজত খং আৰু বিৰক্তি প্ৰকাশ পাইছে। ‘ঘ’ উদাহৰণটো কানীয়া তিৰোতাৰ কথোপকথন হোৱাৰ বাবে ইয়াত আনুষ্ঠানিকতাৰ লগতে ভাব প্ৰকাশৰ আঁৰ-বেৰ নাই। চৰিত্ৰৰ এই সংলাপসমূহৰ দ্বাৰা কেৱল আঞ্চলিক ভাষাৰ লক্ষণেই নহয় শ্ৰেণীগত আৰু ব্যক্তিগত লগতে পৰিৱেশ আৰু পৰিস্থিতি সুন্দৰকৈ প্ৰকাশিত হৈছে।
গ্ৰাম্য সমাজ জীৱন, তেওঁলোকৰ কথা-বতৰা, জীৱন সম্পৰ্কীয় ধাৰণা আদিৰ এখন স্পষ্ট ছবি দাঙি ধৰিবলৈ উপন্যাসখনত জতুৱা-ঠাঁচ, ফকৰা-যোজনা, খণ্ডবাক্য আদিৰ ব্যৱহাৰ কৰিছে। এইসমূহে দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰৰ সমাজখন সুন্দৰকৈ প্ৰতিফলিত কৰিছে। উপন্যাসখনত ব্যৱহৃত জতুৱা-ঠাঁচ, ফকৰা-যোজনা, গালি-শপনি কিছুমান উল্লেখ কৰা হ’ল- হোকোৰা বান্দাৰ ফুৰা হৱা, সান্দহ খোৱা বালি তল যাব, খৰম থৱা পালি, বধ দিয়া, মান্নাত মৰা, চাকা পাটত বহা, তপত ভাতৰ ধহাই ধৰা, ডলাৰ বগৰী, দলডাঁহ তিৰী, সাক্ষী গোপাল, বুকুত কামোৰ মাল্লা, পূৰ্ণিমাৰ চন্দ্ৰক গেলি হাত নেমেলিবি, মৌ মৌৱিয়া স্বভাৱ, হাঁওৰীয়া বল্ল, ভাতাৰ চাই যঁতাৰ লৱা, হাজোৰ ঘৰা, ঢেঁকীৰ মূৰত জপা থৱা, জলৌ লৌৱা গাঠালা আদি জতুৱা-ঠাঁচ।
ফঁকৰা- যোজনা –
১/কাঁহী হেৰাল বাতি হেৰাল
তাক পিছে পাম!
লা যেন ধপাত হেৰাল তাক ক’ত পাম।
২/অতি কথকীক কথাই খায়
বৈদ্যক খায় পাপে,
গণকক খায় নৱগ্ৰহে
বামুণক খায় পাপে।
৩/বামুণৰ মনাক নুবুলিবি সৰু
চাউল ধৰে, চৰু ধৰে
আৰু ধৰে ভটৰা গৰু।।
৪/ধুতিহলে চেং দহিহে নাই
জতাইহে থাটৰ থাটৰ ধনহে নাই।
দক্ষিণ কামৰূপৰ প্ৰাকৃতিক উপাদানকো ঔপন্যাসিকাই বহু সময়ত কাহিনীৰ গতি পৰিক্ৰমাত ব্যঞ্জনাময় ৰূপত উপস্থাপন কৰিছে। জগলীয়া নদী, মটিয়া পাহাৰখন এইবোৰৰো একো একোটা নিৰ্দিষ্ট ভূমিকা আছে। উদাহৰণস্বৰূপে-
১/ সুৰুযৰ বুকুৰ পৰা বাগৰি অহা চপৰা-চপৰি তেজৰ চেকুৰাৰে যেন জগলীয়াৰ পানী ৰাঙলী হৈ পৰিছে।
২/ ইন্দ্ৰনাথে…মজিয়াৰে ছিৰিত উঠি দূৰলৈ চাই পঠিয়ালে- এইখিনিৰ পৰা জগলীয়াৰ নদীক জোনাকৰ পোহৰত এডোখৰ শুকান হাড়ৰ দৰে দেখা গ’ল।
৩/ জগলীয়া নদী শুকাই কৰ্কশ হৈ গৈছে, যেন এডাল- দুডালকৈ কোনোবাই গুঁঠি থোৱা মৰা মানুহৰ হাৰৰ মালা। নদী নহয়, সেয়া হাৰৰ কাঁইটৰ হাবিত এটোপাল দুটোপালকৈ ইন্দ্ৰনাথৰ দেহৰ তেজৰ টোপাল যেন সৰি পৰিল।
দক্ষিণ কামৰূপৰ বিভিন্ন লোককলা, লোকশিল্প, লোকআভৰণ অৰ্থাৎ সাজ-পোছাক, আ-অলংকাৰ, লোকৰন্ধন প্ৰণালী আদিৰ সাৰ্থক প্ৰয়োগ উপন্যাসখনত পোৱা যায়। অলংকাৰৰ প্ৰসংগত ডুগডুগি, চন্দ্ৰহাৰ, কাণৰ ফুটি, বাচন-বৰ্তনৰ প্ৰসংগত লোহোৰা, কাঁহৰ চৰিয়া, খুকুৰি, লোটা, পিতলৰ গিলাচ, চৰু, ঘটি, কলাহ, ঠগী আদিৰ উল্লেখ দেখা গৈছে। লোকখাদ্য হিচাপে মোফ্‌ফাল আৰু বিলেতী আলুদি পাৰৱাৰ আঞ্জা, ঔ-টেঙা দি পহুৰ আঞ্জা, মাটিমাহৰ দাইলৰ সৈতে ৰন্ধা খাহীৰ মাংস, খৰ মিঠৈ, বিলেতী আৰু বেঙেনাৰে ৰন্ধা লাবৰা আদিৰ বৰ্ণনা ভিন ভিন অধ্যায়ত পোৱা যায়। ঔপন্যাসিকাই সামাজিক লোকাচাৰ বা লোকপ্ৰথাৰ অন্তৰ্গত বিভিন্ন লোক-বিশ্বাস, ৰীতি-নীতি, লোকধৰ্ম, উৎসৱ-অনুষ্ঠান, খেল-ধেমালি আদিৰ সাৰ্থক প্ৰয়োগ উপন্যাসখনৰ মাজেৰে দেখুৱাবলৈ সক্ষম হৈছে। যাত্ৰাকালত হাঁচি-হাঁমি মৰা কাৰ্য অশুভ, বুঢ়া গোঁসাইৰ আদ্যশ্ৰাদ্ধৰ দিনা মাটি, চালপীৰা, দোনা, ধানৰ তপা আদি ব্ৰাহ্মণক দান দিয়া, বিধৱা-ব্ৰহ্মচাৰী আদিৰ মাছ-মাংস ভক্ষণৰ বাবে কৰা পৰাচিতৰ বিধান, মৰা শ বাহিৰ নকৰা কাৰ্যৰ উল্লেখ কৰিছে। পৰম্পৰাগত সমাজত সধৱা নাৰীয়ে বিধৱা নাৰীক স্পৰ্শ কৰা, বিধৱা নাৰী মাছ-মাংস ৰন্ধা পাগঘৰত সোমোৱা আদি কাৰ্য সমাজ বিৰোধী বুলি ধৰা হয়। গ্ৰহদোষ বিচাৰ, যাদু-মন্ত্ৰত আস্থা স্থাপন, বেজ-বেজালি আদি লোকবিশ্বাসৰ চিত্ৰ উপন্যাসখনত দেখা যায়। সত্ৰীয়া সমাজত পতা দৌল উৎসৱ, মেষদাহ প্ৰথা পূজা, গণেশ পূজা, ওজাপালি আদি উৎসৱ-অনুষ্ঠান, তাছ, গোলোক ধাম, মোগল-পাঠান, বাঘবল, লুকাভাকু আদি বিভিন্ন খেল-ধেমালীৰ উল্লেখ পোৱা যায়। হাতীৰ লগত জড়িত শব্দবোৰ বিশেষকৈ মাচান, মহল, হাতী, বান্ধা বাকাৰা, ফান্দী, মাউত, কুনকী, কামালা, চাম-বৈঠ, তেৰে বৈঠ, তালিম, কাটা লাগাম জৰী, টোপখানা ওতৰীত, টোপখানা ফীলীত আদিয়ে উপন্যাসখনক বিশেষ মাত্ৰা প্ৰদান কৰিছে।
এনেদৰেই দেখা যায় যে ঔপন্যাসিকা মামণি ৰয়ছম গোস্বামীয়ে দক্ষিণ কামৰূপৰ পৰিৱেশ, জীৱন-ধাৰণ পদ্ধতি, লোক-বিশ্বাস, কথিত ভাষা আদি বিভিন্ন দিশসমূহ ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ উপন্যাসখনৰ মাজেৰে প্ৰতিফলিত কৰিছে। দক্ষিণ কামৰূপৰ আমৰাঙা সত্ৰৰ কাষৰীয়া অঞ্চলক পটভূমি হিচাপে লৈ ৰচনা কৰা উপন্যাসখনত সেই অঞ্চলৰ জনজীৱনৰ গাঁথা ফট্‌ফটীয়াকৈ প্ৰকাশিত হোৱাৰ বাবে ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ উপন্যাসখনক আঞ্চলিকতাবাদী উপন্যাস হিচাপেও চিহ্নিত কৰিব পাৰি।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.