ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বি জে পিৰ হাতলৈ । একক সংখ্যাগৰিষ্ট আসনেৰে বিজেপিৰ দখলত ।
লখিমপুৰ জিলাত থকা পৰিষদ খনৰ ৫ টা সমষ্টিত ১৫ জনকৈ প্ৰাথীৰ ভাগ্য নিৰ্ণয় কৰিলে ৯ হেজাৰ ২৯৩ জন ভোটাৰৰ ভিতৰত ভোট দান কৰা ৭৮৭০ জন ভোটাৰে।
বিজেপি য়ে ৪,অগপই ১,কংগ্ৰেছে ৫ জন প্ৰাথী প্ৰক্ষেপ কৰাৰ সমানে এই ৫ টা সমষ্টিত ঠিয় দিছিল ৫ জনকৈ নিৰ্দলীয় প্ৰাথী
আজি লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পূৱা ৮ বজাৰ পৰা আৰম্ভ হৈৱা ভোট গণনা প্ৰক্ৰিয়া দিনৰ ভাগতে সামৰনি পৰে।
সমষ্টি সমূহ ক্ৰমে বঙালমৰা পূৱ ডিক্ৰং , পাভ, পূৱ লখিমপুৰ, বিহপুৰীয়া দক্ষিণ আৰু জকাইপেলুৱা হাৰমতি ।
ইয়াৰে আটাইকেইটা সমষ্টিটেই শাষকীয় দলৰ বৃহৎ জয় পৰিলক্ষিত হয়।
দক্ষীন বিহপুৰীয়া সমষ্টিৰ পৰা BJPৰ পাৰ্থী কেষৰাম বৰাৰ ৪০৭টা ভোটৰ ব্যৱধানত জয় লাভ।
বঙালমৰা পূৱ দিক্ৰং সমষ্টিত BJPৰ পাৰ্থী লেখন বৰা ১৯৮টা ভোটৰ ব্যৱধানত জয়ী হয়।
পাভ লালুক সমষ্টিত BJPৰ কেষৱ নেঁওগ ৮১টা ভোটেৰে জয়লাভ কৰে।
১৮নং লখিমপুৰ সমষ্টিৰ পৰা BJPৰ জ্যোতি শইকীয়াই ১১৯টা ভোটৰ ব্যৱধানত। আৰু ২০নং জকাইপেলুৱা হাৰমটী সমষ্টিৰ পৰা AGPৰ ধৰ্মেশ্বৰ হাজৰিকাৰ বৃহৎ জয় পৰিলক্ষীত হয়।
লখিমপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ
Leave a Reply